অসম

assam

By

Published : Jul 25, 2022, 9:45 PM IST

Updated : Jul 25, 2022, 10:12 PM IST

ETV Bharat / state

Moina Nayak incident: প্ৰচলিত আইনে নিৰাপত্তা দিব পাৰিবনে চাহ শ্ৰমিকক !

লেপেটকটা চাহ বাগিচাৰ ফেক্টৰীত কৰ্মৰত অৱস্থাতে গুৰুতৰভাৱে আহত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ থকা মইনা নায়ক নামৰ যুৱতী গৰাকীৰ ঘটনাই পোহৰলৈ আনিছে চাহ শ্ৰমিকৰ নিৰাপত্তা বিষয়ক বহু আইনী বিষয় । প্ৰচলিত আইনে নিৰাপত্তা দিব পাৰিবনে চাহ শ্ৰমিকক (Govt to push four labour codes replacing the existing acts)!

govt-to-push-four-labour-codes-replacing-the-existing-acts
প্ৰচলিত আইনে নিৰাপত্তা দিব পাৰিবনে চাহ শ্ৰমিকক !

গুৱাহাটী, ২৫ জুলাই :দেশৰ আন প্ৰান্তৰৰ‌ দৰে অসমতো অতি অৱহেলিত জনগোষ্ঠী হিচাবে পৰিগণিত চাহ শ্ৰমিক সকলৰ সামাজিক নিৰাপত্তাৰ দিশটো অতি কৌশলেৰে কিদৰে লেহুকা কৰি‌ থৈ পুঁজিপতি চাহ খেতিয়ক সকলৰ শোষণ-নিষ্পেষণ অব্যাহত ৰাখিবলৈ দিয়া হৈছে সেয়া লেপেটকটাৰ চাহ কলঘৰৰ শ্ৰমিক মইনা নায়কৰ দুৰ্ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে(Govt to push four labour codes replacing the existing acts)।

লেপেটকটা বাগিচা কৰ্তৃপক্ষৰ কলঘৰত কাম কৰি জীৱিকা নিৰ্বাহ কৰা মইনা নায়ক দুৰ্ঘটনাৰ ন্যায় বিচাৰি ৰাজ্যৰ সচেতন নাগৰিক আৰু সামাজিক মাধ্যম অধিক সক্ৰিয় হৈ পৰাৰ পিছত শ্ৰম বিভাগে তেওঁৰ বাগিচা কৰ্তৃপক্ষক তিনিদিনৰ ভিতৰত ১৩ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে । আপাততঃ এই নিৰ্দেশলৈ আঙুলিয়াই চৰকাৰ পক্ষ আৰু সাধাৰণ নাগৰিকে উৎসাহ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে । কিন্তু একে সময়তে লেপেটকটা বাগিছা কৰ্তৃপক্ষ কিয় আন শাস্তিৰ সন্মুখীন নহ'ব তাক লৈও কিছু সংখ্যক সচেতন নাগৰিকে প্ৰশ্ন উত্থাপন কৰিছে ।

উল্লেখ্য যে, চৰকাৰে দেশৰ শ্ৰম আৰু শ্ৰমিক অধিকাৰৰ লগত জড়িত ৪৪ খন আইন বিলুপ্ত কৰি চাৰিটা শ্ৰমিক সুৰক্ষা কোডেৰে সমগ্ৰ শ্ৰমিক অধিকাৰৰ বিষয়টোত কাম কৰিব বিচৰা কাৰ্যই ইতিমধ্যে চাহ শ্ৰমিককে মুখ্য কৰি বিভিন্ন পৰ্যায়ৰ শ্ৰমিক সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ইয়াকে লৈ শ্ৰমিক মজদুৰে ৰাজপথতো নামিছে । কিন্তু তাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে আইনৰ সলনি সেই বিশেষ কোড সমুহৰ দ্বাৰা শ্ৰমিকৰ সুৰক্ষা আৰু সমস্ত সমস্যা সমাধানৰ পথ সম্ভৱ বুলি নিজৰ স্থিতিত অটল আছে ।

তথ্য অনুসৰি চৰকাৰে প্লেনন্টেছন লেবাৰ এক্ট ১৯৫১, ফেক্টৰী এক্ট ১৯৪৮ ৰ দৰে মুঠ ৪৪ খন আইন প্ৰত্যাহাৰ কৰি তাৰ ঠাইত চাৰিটা শ্ৰমিক সুৰক্ষা কোড বলবৎ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।‌‌ কেন্দ্ৰীয় চৰকাৰে আইনৰ সলনি কাৰ্যকৰী কৰিবলৈ লোৱা এই চাৰিটা কোড হৈছে ক্ৰমে সামাজিক সুৰক্ষা কোড, মজুৰি কোড, ঔদ্যোগিক সম্পৰ্ক কোড আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্মক্ষেত্ৰৰ পৰিস্থিতি কোড (Occupational Safety, Health and Working Conditions Code, 2020) (OSHWC) ।

প্ৰনিধানযোগ্য যে প্ল্যান্টেশন লেবাৰ এক্ট (১৯৫১), মিনিমাম ৱেজ (ন্যূনতম মজুৰি) এক্ট (১৯৪৮), কন্ট্ৰ্যেক্ট লেবাৰ (নিয়ন্ত্ৰণ আৰু নিৰ্মূলিকৰণ) এক্ট (১৯৭০) ইত্যাদিকৈ শ্ৰমিক অধিকাৰৰ লগত জড়িত আইনসমূহ আওপুৰণি আৰু সেইবোৰে সময়ৰ সৈতে খোজ মিলাই আগবাঢ়িব পৰা বিধৰ নহয় বুলি বিতৰ্ক চলি আহিছে ৷ এই কথাৰ বাস্তৱতাক আঙুলিয়াই দি চৰকাৰে ৪৪ আইনৰ বিলোপ সাধন কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি ট্ৰেড ইউনিয়ন আৰু অন্যান্য শ্ৰমিক অধিকাৰৰ সংগঠন সমূহে প্ৰতিবাদ কৰি আহিছে । অভিযোগ কৰা হৈছে যে প্ৰচলিত আইনৰ বিলোপ সাধনেৰে শ্ৰমিকৰ আইনী সুৰক্ষাৰ বৃহৎ গণতান্ত্ৰিক ব্যৱস্থাটোকে নসাৎ কৰি বাগিছাৰ মালিক আৰু ঔদ্যোগিক ক্ষেত্ৰৰ লগত জড়িত পুঁজিপতি মালিক গোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে চৰকাৰ উঠিপৰি লাগিছে (Tea garden authorities will have to pay Compensation)।

অভিযোগ অনুসৰি চৰকাৰে যি চাৰি কোডৰ কথা কৈছে তাত পূৰ্বৰ আইনে শ্ৰমিকৰ সুৰক্ষাৰ ক্ষেত্ৰত পোষণ কৰা ব্যৱস্থাক পোনপটীয়াকৈ অগ্ৰাহ্য কৰিছে । Plantation Labour Act ধাৰা 18(A) 2-ত নাবালক আৰু মহিলাৰ দ্বাৰা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ বা সঞ্চালন নিষিদ্ধ বা নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে নিয়ম প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰা হৈছে । PLA-ৰ ধাৰা 33,35,36 অনুসৰি যিকোনো ক্ষেত্ৰত মালিকে আইন উলংঘা কৰাৰ প্ৰথম অপৰাধত ছয় মাহলৈকে কাৰাদণ্ডৰ শাস্তিযোগ্য ।

পি এলত এ আইনৰ ধাৰা ৩২(বি) অনুসৰি যদি কোনো শ্ৰমিক কলঘৰত কৰ্মৰত অৱস্থাতে দুৰ্ঘটনাত পতিত হয় আৰু তাত যদি আইন অনুসৰি সুৰক্ষাৰ ব্যৱস্থা নাথাকে তেতিয়া হ'লে সেই কলঘৰৰ মালিকে ক্ষতিপূৰণ দিয়াৰ উপৰি কাৰাদণ্ডৰেও দণ্ডিত হ'ব । কিন্তু মইনা নায়কৰ ক্ষেত্ৰত ক্ষতিপূৰণ দিবলৈ লেপেটকটা বাগিচাৰ মালিকক নিৰ্দেশ দিয়াতেই চৰকাৰে দায়িত্ব সামৰিলে (Tea garden worker Moina Nayak battling for life)।

এই কথাই আঙুলিয়াই দিছে যে অসমৰ চাহ শ্ৰমিকৰ ক্ষেত্ৰত ইতিমধ্যে চাৰি কোড যুক্ত ব্যৱস্থা আৰম্ভ হৈ গৈছে । মইনা নায়কৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰা এই আইনী বিষয় সমূহক জনসাধাৰণৰ পৰা আঁতৰাই ৰাখি এই ঘটনাক কলঘৰত হোৱা সাধাৰণ ঘটনা বুলি চৰকাৰ পক্ষই ৰাইজৰ মাজত এৰি দিয়া কাৰ্যৰ আঁৰত যেন আন অভিসন্ধিও আছে সেই কথাও স্পষ্ট হৈ পৰিছে ।

লগতে পঢ়ক:Moina Nayak treatment: প্লাষ্টিক ছাৰ্জাৰীৰ অধীনত চলিব মইনা নায়কৰ চিকিৎসা

Last Updated : Jul 25, 2022, 10:12 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details