অসম

assam

ETV Bharat / state

লাকুৱাৰ অপহৰণকাণ্ড : শীঘ্ৰে প্ৰতিবেদন লাগে কেন্দ্ৰক

অ' এন জি চিৰ দৰে চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানৰ তিনিজনকৈ বিষয়াক অপহৰণ কৰা ঘটনাই একপ্ৰকাৰ মূৰৰ কামোৰণি বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ । বৃহস্পতিবাৰে অ' এন জি চিৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন দীঘলীয়া বৈঠকত মিলিত হৈ সমস্ত ঘটনাৰ বুজ লয় কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ।শুকুৰবাৰ ভিতৰত সমস্ত ঘটনা আৰু উদ্ধাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

লাকুৱাৰ অপহৰণকাণ্ড সন্দৰ্ভত শীঘ্ৰে প্ৰতিবেদন লাগে কেন্দ্ৰক
লাকুৱাৰ অপহৰণকাণ্ড সন্দৰ্ভত শীঘ্ৰে প্ৰতিবেদন লাগে কেন্দ্ৰক

By

Published : Apr 23, 2021, 1:53 PM IST

গুৱাহাটী, ২৩ এপ্ৰিল:লাকুৱাৰ পৰা অ' এন জি চিৰ তিনিজনকৈ বিষয়া অপহৃত হোৱা ঘটনাক মুঠেও সহজে ল'ব পৰা নাই কেন্দ্ৰই । সৌ সিদিনা মাত্ৰ কুইপ' নামৰ বক্তিগত তৈল খনন কোম্পানীটোৰ দুজনকৈ বিষয়াক আলফা(স্বা)য়ে অপহৰণ কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ অ' এন জি চিৰ দৰে চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানৰ তিনিজনকৈ বিষয়াক অপহৰণ কৰা ঘটনাই একপ্ৰকাৰ মূৰৰ কামোৰণি বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ।

ৰাজ্যৰ গৃহ বিভাগৰ এক শীৰ্ষ সূত্ৰই ইটিভি ভাৰতৰ আগত সদৰি কৰা মতে এইবাৰৰ এই অপহৰণৰ ঘটনাক অত্যন্ত গুৰুত্ব সহকাৰে লৈছে কেন্দ্ৰীয় পেট্ৰ'লিয়াম দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে । সূত্ৰটোৱে প্ৰকাশ কৰা মতে বৃহস্পতিবাৰে অ' এন জি চিৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন দীঘলীয়া বৈঠকত মিলিত হৈ সমস্ত ঘটনাৰ বুজ লয় কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰীগৰাকীয়ে ।

যিকোনো প্ৰকাৰে নহওক কিয় তিনিওজন বিষয়াকে উদ্ধাৰ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে । উক্ত বৈঠকৰ পিছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্যৰ গৃহ মন্ত্ৰালয়ক শুকুৰবাৰ ভিতৰত সমস্ত ঘটনা আৰু উদ্ধাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক:ধুবুৰীত 84 জনলৈ বৃদ্ধি ক'ৰণাক্ৰান্ত ৰোগীৰ সংখ্যা

ABOUT THE AUTHOR

...view details