গুৱাহাটী, ৩০ অক্টোবৰ : আজি হঠাৎ সকলোৰে হাতে হাতে থকা ম’বাইল ফোনত বাজি উঠিল জৰুৰীকালীন সতৰ্কবাণী । তিনি-চাৰিবাৰকৈ বাজি উঠিল জৰুৰীকালীন সতৰ্কবাণী । আপোনাৰ ম’বাইলত, প্ৰাকৃতিক বিপদৰ আগজাননীৰ বাৰ্তা দিছে এই সতৰ্কবাণীয়ে ৷ ম’বাইলত বাজি উঠা জৰুৰীকালীন সতৰ্কবাণীৰ পিচতে সৰ্বসাধাৰণ ৰাইজ শংকিত হৈ পৰিছে ।
আজি দুপৰীয়া প্ৰায় সংখ্যক লোকৰ ম’বাইললৈ আহিল দূৰ সংযোগ বিভাগৰ নমুনা পৰীক্ষা বাৰ্তা ৷ দূৰ সংযোগ বিভাগ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জৰুৰীকালীন অৱস্থাত সতৰ্কবাণী প্ৰেৰণ কৰিবলৈকে আজি এই পৰীক্ষা কৰিছে । আজি দুপৰীয়া ১১.৫২ পৰা এই সতৰ্কবাণী সকলোৰে হাতে হাতে থকা ম’বাইলত বাজে ।
জনসাধাৰণৰ সুৰক্ষা বৃদ্ধি কৰাৰ স্বাৰ্থত কৰা হৈছে এই পৰীক্ষা ৷ বিভিন্ন অঞ্চলত সময়ে সময়ে সম্পন্ন হ'ব এনে পৰীক্ষা ৷ ভূমিকম্প, চুনামি, আকস্মিক বানপানীৰ দৰে আকস্মিক দুৰ্যোগত চৰকাৰে সকলোৰে হাতে হাতে থকা ম’বাইলে ম’বাইলে প্ৰেৰণ কৰিব এনে বাৰ্তা ৷