গুৱাহাটী,২৯ জানুৱাৰী:চৰকাৰী পষ্ঠপোষকতা ল’ব লগা হৈছে সাহিত্য সভাই ৷ এই কথা স্বীকাৰ কৰিছে অসম সাহিত্য সভাৰ সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই । অসম সাহিত্য সভাৰ নাৰায়ণপুৰ ষষ্ঠসপ্ততিতম অধিবেশনলৈ মাত্ৰত মাত্ৰ এটা দিন(67th Assam Sahitya Sabha conference) । পিছে অধিৱেশৰ শেষৰ দিনৰ কাৰ্যসূচীক লৈ সৰ্বত্ৰে চলিছে চৰ্চা । অধিবেশনৰ কাৰ্যসূচীত মুখ্য অতিথিৰ পৰা আৰম্ভ কৰি উদ্বোধকলৈ আছে ৰাজনৈতিক নেতাৰ নাম । ইয়াৰ পাছতেই খোদ অসম সাহিত্য সভা বৰ্তমানৰ সম্পাদকে স্বীকাৰ কৰি কৈছে যে চৰকাৰৰ পৃষ্ঠপোষকতা ল'বলৈ বাধ্য সাহিত্য সভা ।
ৰাজনৈতিক দলসমূহক এৰিব নোৱাৰে অসম সাহিত্য সভাই । কাৰণ কৰ্মচাৰীসকলৰ দৰমহা দিবলৈও চৰকাৰৰ ওচৰত হাত পাতিব লগা হয় সাহিত্য সভাই ৷ বৰ্তমান আৰ্থিক অনাটনৰ মাজত আছে অসম সাহিত্য সভা(Assam Sahitya Sabha in crisis) । ঋণ ল'ব লগা অৱস্থা হৈছে সাহিত্য সভাৰ । কৰ্মচাৰীসকলকো ঋণ লৈ দৰমহা দিছে সাহিত্য সভাই । এইবাৰৰ অধিৱেশক লৈ ১০ লাখ টকাত চুক্তি সম্পাদন কৰিছিল আদৰণি সমিতিয়ে । পিছে আঢ়ৈ লাখহে দিছে আদৰণি সমিতিয়ে । চুক্তিমতে টকা দিব পৰা নাই আদৰণি সমিতিয়ে ৷ যাৰ বাবে আৰ্থিক অনাটনৰ সৃষ্টি হৈছে অধিৱেশনৰ আয়োজনক লৈ ।
আনহাতে চৰকাৰৰ পৰা পাব লগা ধনো পোৱা নাই সাহিত্য সভাই । ২০২১-২২ বৰ্ষত সাহিত্য সভাই চৰকাৰৰ পৰা ১ কোটি ৪৫ লাখ টকা পাব লগা আছিল ৷ কিন্তু ৪৫ লাখ টকাহে পাইছিল সভাই । প্ৰায় দুটা বৰ্ষ মিলি চৰকাৰৰ পৰা অসম সাহিত্য সভাই পাবলৈ আছে ২ কোটি টকা । ইপিনে ৬৫ লাখ টকা ঋণত আছে অসম সাহিত্য সভা ।