অসম

assam

ETV Bharat / state

31 আগষ্টৰ ভিতৰত মহানগৰীৰ সকলোকে প্ৰদান কৰা হ'ব ক'ভিড প্ৰতিষেধক: স্বাস্থ্যমন্ত্ৰী

এতিয়াও আশা কৰা ধৰণে উন্নত হোৱা নাই গুৱাহাটী মহানগৰীৰ ক'ভিড পৰিস্থিতি ৷ শুকুৰবাৰে ৰাজ্যত নতুনকৈ ৭০৮ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক'ভিড-19ৰ অৱস্থিতি ৷ ইয়াৰে ১৬৪ গৰাকী কামৰূপ মহানগৰ জিলাৰ ৷ এই সংখ্যা শুভ নহয় বুলি মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷ ৩১ আগষ্টৰ ভিতৰত গুৱাহাটীৰ সকলো লোককে ভেকচিন প্ৰদানৰ বাবে চৰকাৰে পদক্ষেপ হাতত লোৱা বুলি জানিবলৈ দিছে স্বাস্থ্যমন্ত্ৰীয়ে ৷ মিছ কল দিলেই যোগাযোগ কৰি ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিব চৰকাৰে ৷

health minister keshab mahanta
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

By

Published : Aug 21, 2021, 4:33 PM IST

গুৱাহাটী, ২১ আগষ্ট : ৰাজ্যৰ আন জিলাসমূহৰ তুলনাত গুৱাহাটী মহানগৰীৰ ক'ভিড পৰিস্থিতি এতিয়াও আশা কৰা ধৰণে উন্নত হোৱা নাই ৷ যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই সন্দৰ্ভত শনিবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই গুৱাহাটীত খ্ৰীষ্টানবস্তিস্থিত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন(National Health Mission)ৰ ৰাজ্যিক কাৰ্যালয়ৰ সভাকক্ষত এখন সংবাদমেল সম্বোধন কৰে ৷

সংবাদমেলত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয়, "বিগত কিছু দিনত ৰাজ্যৰ ক'ভিড সংক্ৰমণৰ হাৰ কিছু হ্ৰাস পাইছে যদিও কামৰূপ মহানগৰ জিলাৰ পৰিস্থিতি উন্নত হোৱা নাই ৷ শুকুৰবাৰে ৰাজ্যত নতুনকৈ ৭০৮ গৰাকী লোক ক'ভিড পজিটিভ হৈছে আৰু ইয়াৰে ১৬৪ গৰাকী কামৰূপ মহানগৰ জিলাৰ ৷ এই সংখ্যা শুভ নহয় ৷ যাৰবাবে জিলাখনৰ বাবে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে" ৷

স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ সংবাদমেল

লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতেই শ্ৰেষ্ঠ পাঁচ ৰাজ্যত স্থান পাব অসমে

মন্ত্ৰীগৰাকীয়ে কয়, "গুৱাহাটী মহানগৰীত সকলোকে ভেকচিন প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ ইয়াৰ বাবে জিলাখনৰ ১২০৪ খন ভোটাৰ তালিকাক আধাৰ হিচাপে লোৱা হৈছে ৷ এইক্ষেত্ৰত ১২০৪ গৰাকীক বিএলঅ'ক প্ৰশিক্ষণ দি আজিৰ পৰা ফিল্ডলৈ যাবলৈ দিয়া হৈছে" ৷

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, গাঁও অঞ্চলত গাঁওবুঢ়া আৰু আশাকৰ্মী আৰু নগৰ অঞ্চলত নাগৰিক কমিটি আৰু আশাকৰ্মীৰ সহযোগত বিএলঅ' সকলে ভোটাৰ তালিকাৰ ভিত্তিত ঘৰে ঘৰে গৈ ভেকচিন নোলোৱা লোকৰ সবিশেষ তথ্য সংগ্ৰহ কৰিব ৷ এই কাম তিনিদিনৰ ভিতৰত সম্পূৰ্ণ কৰিব ৷ ইয়াৰ পিছত ভেকচিন নোলোৱা লোকসকলক যোগাযোগ কৰি সমীপৰ ভোটকেন্দ্ৰ সমূহত ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হ'ব ৷

এই প্ৰক্ৰিয়া ২৫ আগষ্টৰ পৰা ৩১ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব ৷ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তক ইয়াৰ দায়িত্ব দিয়া হৈছে ৷ ৩১ আগষ্টৰ ভিতৰত গুৱাহাটীৰ সকলো লোককে ভেকচিন প্ৰদানৰ বাবে মিছন লোৱা হৈছে ৷ ১২০৪ টা ভোট কেন্দ্ৰ থাকিলেও জিলাখনৰ ৪৫৬ টা এলেকাত ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হ'ব" ৷

লগতে পঢ়ক :কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মাতৃভূমিত বিপুল আদৰণি

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "বহু লোক ঘৰত নথকা নাইবা অন্য কাৰণত বিএলঅ'ই যোগাযোগ কৰিব নোৱাৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৮৯২৯১০৩৭৭৬ নম্বৰ এটা মুকলি কৰা হৈছে৷ এই নম্বৰত মিছ কল দিলেই যোগাযোগ কৰি ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হ'ব ৷ গুৱাহাটীৰ ১০০ শতাংশ লোককে ভেকচিন প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ গুৱাহাটী মহানগৰীত আৰক্ষী-প্ৰশাসন যাতে কঠোৰ হ'বলগীয়া নহয় তাৰবাবে ৰাইজক ক'ভিড নীতি-নিৰ্দেশনা মানি চলাৰ বাবেও মন্ত্ৰীগৰাকীয়ে আহ্ব‍ন জনায় ৷

মন্ত্ৰীগৰাকীয়ে কয় যে, গুৱাহাটী মহানগৰীত ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহে ভেকচিন লোৱাৰ বিষয়টো নিজে অৱগত কৰি প্ৰতিষ্ঠানৰ সন্মুখত আঁৰি ৰাখিব লাগিব ৷ লগতে মাস্ক পৰিধান কৰা বিষয়টোও নিশ্চিত কৰিব লাগিব ৷ নিয়মসমূহ মানি নচলিলে ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত চৰকাৰ কঠোৰ হ'বলৈ বাধ্য হ'ব বুলিও স্বাস্থ্যমন্ত্ৰীয়ে সকিয়নী প্ৰদান কৰে ৷

লগতে পঢ়ক :উদুলি-মুদুলি বৰঝাৰ; সোণোৱালক আদৰিবলৈ তৎপৰ অসম প্ৰদেশ বিজেপি

ABOUT THE AUTHOR

...view details