অসম

assam

By ANI

Published : Sep 19, 2023, 4:42 PM IST

ETV Bharat / state

Assam Dy Speaker on child marriages : বাল্যবিবাহৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ; উপাধ্যক্ষ নোমল মমিন

উল্লেখ্য যে ইয়াৰ পূৰ্বে অসম আৰক্ষীয়ে বাল্যবিবাহ-বিৰোধী অভিযানৰ প্ৰথম পৰ্যায়ত প্ৰায় ৫,০০০ লোকক গ্ৰেপ্তাৰ কৰিছিল । আনহাতে, বাল্যবিবাহত পালন কৰা ভূমিকাৰ বাবে ১৫ জন ধৰ্মগুৰুক গ্ৰেপ্তাৰ কৰিছিল ।

Assam Dy Speaker on child marriages
Assam Dy Speaker on child marriages

নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ : অসম বিধানসভাৰ উপাধ্যক্ষ ডঃ নোমল মমিনে মঙলবাৰে কয় যে ৰাজ্য চৰকাৰ বাল্যবিবাহৰ গোচৰৰ ওপৰত 'কঠোৰ পদক্ষেপ ল'বলৈ প্ৰতিশ্ৰুতিবদ্ধ' । নোমল মমিনে দৃঢ়তাৰে কয় যে তেওঁলোকে 'যিকোনো মূল্যৰ বিনিময়ত' বাল্যবিবাহ বন্ধ কৰিবলৈ দৃঢ় সংকল্পবদ্ধ ।

"যেতিয়া এগৰাকী নাবালিকা বিবাহৰ পিছত গৰ্ভধাৰণ হয়, ইয়াৰ ফলত তেওঁৰ স্বাস্থ্যৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হয় । আমাৰ চৰকাৰ বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু আমি যিকোনো মূল্যৰ বিনিময়ত ইয়াক বন্ধ কৰিম ।" এএনআইৰ আগত নোমল মমিনে কয় ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে অসম আৰক্ষীয়ে বাল্যবিবাহ-বিৰোধী অভিযানৰ প্ৰথম পৰ্যায়ত প্ৰায় ৫,০০০ লোকক গ্ৰেপ্তাৰ কৰিছিল । আনহাতে, বাল্যবিবাহত পালন কৰা ভূমিকাৰ বাবে ১৫ জন ধৰ্মগুৰুক গ্ৰেপ্তাৰ কৰিছিল । তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক 'শক্তিশালী আৰু সাহসী পদক্ষেপ' লোৱাৰ বাবে 'প্ৰশংসা'ও কৰে । উল্লেখ্য, মুখ্যমন্ত্ৰীয়ে পূৰ্বতে প্ৰতি ছয় মাহত বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল ।

তেওঁ আশা প্ৰকাশ কৰে যে ২০২৬ চনৰ ভিতৰত বাল্যবিবাহৰ 'দুৰ্যোগ' অসমৰ পৰা আঁতৰি যাব । তেওঁ কয়, "মই ভাবোঁ এজনী ছোৱালীৰ বিয়াৰ বাবে ন্যূনতম বয়স ২১ বছৰ হ'ব লাগে ।" আনহাতে, মৌলবীসকলৰ ভূমিকা সন্দৰ্ভত তেওঁ কয়, "তেওঁলোকে কেৱল ধৰ্মীয় দৃষ্টিকোণৰ পৰাহে বিষয়টো চোৱাৰ প্ৰৱণতাত আছে । ভুৱা ধৰ্মগুৰুসকল এনে কাৰ্যত যথেষ্ট পৰিমাণে জড়িত ।" তেওঁ লগতে কয় যে চৰকাৰে ৰাজ্যখনত বাল্যবিবাহৰ প্ৰতিৰোধৰ বাবে এক শক্তিশালী আইন উত্থাপন কৰিব ।

উল্লেখ্য যে শেহতীয়াভাৱে হাইলাকান্দি জিলা আৰক্ষীয়ে বাল্যবিবাহৰ সৈতে জড়িত থকাৰ অভিযোগত ১৫ জন 'ভুৱা ধৰ্মগুৰু'ক গ্ৰেপ্তাৰ কৰিছে । আনহাতে, অসমৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰে বাল্যবিবাহৰ অভিযুক্ত গোচৰত ধৰ্মগুৰুসকলৰ ভূমিকা নিশ্চিত কৰিবলৈ পাঁচজনীয়া সমিতি গঠন কৰিছে ।

সমিতিখনক বহুবিবাহ নিষিদ্ধ কৰা, মিছা পৰিচয়ৰ দ্বাৰা আন্তঃধৰ্মীয় বিবাহৰ মোকাবিলা কৰা আৰু বাল্যবিবাহৰ অভিযুক্ত গোচৰত ধৰ্মগুৰুসকলৰ ভূমিকাকে ধৰি উপযুক্ত আইন প্ৰস্তুত কৰাৰ দায়িত্ব দিয়া হৈছে ।

সমিতিখনে ১৩ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে জাৰি কৰা অধিসূচনাৰ তাৰিখৰ পৰা ৪৫ দিনৰ ভিতৰত চৰকাৰৰ ওচৰত ইয়াৰ খচৰা আইন দাখিল কৰিব । সমিতিৰ আন সদস্যসকল হৈছে অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং, অসমৰ জ্যেষ্ঠ অতিৰিক্ত মহাধিবক্তা নলিন কোহলী, অসমৰ ন্যায়িক বিভাগৰ আইনী সচিব ৰমেন বৰুৱা আৰু সমিতিখনৰ সদস্য সচিব হৈছে অসমৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব বিশ্বজিৎ পেগু ।

লগতে পঢ়ক :Assam electricity crisis: সঘন লোডশ্বেডিং; দৈনিক চাহিদাৰ ২৫০০ মেগাৱাট বিদ্যুতৰ বিপৰীতে ৰাজ্যৰ নিজা উৎপাদন ২৫০-৩০০ মেগাৱাট

ABOUT THE AUTHOR

...view details