অসম

assam

ETV Bharat / state

Online job apply : চাকৰিৰ অনলাইন আবেদন পদ্ধতিৰ বাবে জীৱিকাৰ ভিকাচন ভাগিছে একাংশৰ !

কেনে আছে চৰকাৰী চাকৰিৰ বিজ্ঞাপন বিক্ৰী কৰা লোকসকল ? আজিও পূৰ্বৰ দৰে ভিৰ হয় নে সেই স্থানবোৰত ? চাওক এক বিশেষ প্ৰতিবেদন

By

Published : Nov 21, 2021, 9:00 PM IST

government job advertisement
কেনে আছে চৰকাৰী চাকৰিৰ বিজ্ঞাপন বিক্ৰী কৰা লোকসকল ?

গুৱাহাটী, 21 নৱেম্বৰ :চাকৰিৰ অনলাইন আবেদন প্ৰক্ৰিয়াই ভাত মাৰিছে চৰকাৰী চাকৰিৰ বিজ্ঞাপন বিক্ৰীৰে জীৱিকাৰ পথ মুকলি কৰা একাংশ ব্যৱসায়ীৰ ৷ বিগত প্ৰায় ৫ বছৰে পানীত হাঁহ নচৰা অৱস্থা এই সকল ব্যৱসায়ীৰ ৷ অৱশ্যে তাৰ মাজতে কেতবোৰ চাকৰিৰ অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰে আৱেদন কৰিব পাৰি যদিও সেয়াও সীমিত ।

আনকি অনলাইন ব্যৱস্থাটো আৰম্ভ হোৱাৰ পাচৰে পৰা আবেদনকাৰীয়ে অফলাইনতকৈ অনলাইন প্ৰক্ৰিয়াক অধিক গুৰুত্ব প্ৰদান কৰি আহিছে । যাৰ বাবে বিপদত পৰিছে চৰকাৰী বিজ্ঞাপন বিক্ৰেতা সকল । পূৰ্বতে গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখভাগ আৰু বৰ্তমানৰ মেঘদূত ভৱনৰ সন্মুখভাগৰ দৃশ্যই প্ৰমাণ কৰে ইয়াৰ মাজৰ বিভিন্নতা ৷

কেনে আছে চৰকাৰী চাকৰিৰ বিজ্ঞাপন বিক্ৰী কৰা লোকসকল ?

পূৰ্বতে মহানগৰীৰ কাছাৰীৰ মেঘদূত ভৱনৰ সন্মুখভাগত প্ৰায় ২০ জন বিক্ৰেতাই চৰাকাৰী চাকৰিৰ বিজ্ঞাপন বিক্ৰী কৰিছিল । কিন্তু ব্যৱসায় বেয়া হ’বলৈ ধৰাত অধিকাংশ ব্যৱসায়ীয়ে এই ব্যৱসায় ত্যাগ কৰি শাক-পাচলিকে ধৰি অন্য ব্যৱসায়ৰ লগত জড়িত হৈ পৰে । বৰ্তমান প্ৰায় 7-8 জন ব্যৱসায়ীয়েহে এই ব্যৱসায় কৰি আছে এই স্থানত ।

লগতে পঢ়ক:New Appointments in Assam : নতুন নিযুক্তিৰ ক্ষেত্ৰত আয়োগ গঠনৰ সিদ্ধান্ত চৰকাৰৰ

পূৰ্বতে চৰকাৰী চাকৰিৰ বিজ্ঞাপন, ষ্টেণ্ডাৰ্ড ফৰ্ম, এনভেলপ আদি বিক্ৰী কৰিছিল এই ব্যৱসায়ীসকলে । কিন্তু অনলাইন আবেদনৰ ব্যৱস্থা অহাৰ পিছৰে পৰা লাহে লাহে বিক্ৰী কমিবলৈ ধৰিলে । বৰ্তমান এই সকল ব্যৱসায়ীয়ে এনভেলপ, কলম, কিতাপ আদি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আহিছে যদিও বিক্ৰীৰ সংখ্যা একেবাৰে কম হৈ পৰিছে ৷

ব্যৱসায়ী সকলে উল্লেখ কৰা অনুসৰি, পূৰ্বৰ তুলনাত ৮০ শতাংশই কমিছে বিক্ৰীৰ হাৰ ৷ ফলত ব্যৱসায়ী সকলৰ পৰিয়াল পোহপাল দিবলৈ সমস্যাৰ সন্মুখীন হৈছে ৷ বিগত 30-40 বছৰে এই ব্যৱসায়ৰ লগত জড়িত হৈ থকা এই সকল ব্যৱসায়ীৰ এতিয়া লাওলোৱা অৱস্থা ৷ কিয়নো আগৰ দৰে এতিয়া চাকৰিৰ আবেদন কিনিবলৈ প্ৰাৰ্থীয়ে হেতা ওপৰা নকৰেহি তেওঁলোকৰ দোকানত ৷ কেনেকৈ জীৱন নিৰ্বাহ কৰিব এই সকল লোকে ? ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে তেওঁলোক ৷

লগতে পঢ়ক:Project Sadbhavana : জনতা ভৱনত ব্যাপক তৎপৰতা

ABOUT THE AUTHOR

...view details