অসম

assam

ETV Bharat / state

অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ সমাৱর্তন অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখী

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত হৈ যায় নৱম সমাৱর্তন অনুষ্ঠান(Ninth Convocation Ceremony of Assam down town university) । অনুষ্ঠানত উপস্থিত আছিল ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখী, ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।

By

Published : Sep 17, 2022, 8:15 PM IST

Updated : Sep 17, 2022, 10:56 PM IST

Governor Jagdish Mukhi at the convocation of Assam Down Town University
অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ সমাৱর্তন অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখী

গুৱাহাটী ১৬ ছেপ্টেম্বৰ: মহানগৰীৰ পানীখাইটিস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত হয় নৱম সমাৱর্তন অনুষ্ঠান(Ninth Convocation Ceremony of Assam down town university) । অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হোৱা সমাৱর্তন অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখী ৷ লগতে উপস্থিত থাকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু চি এছ আই আৰৰ প্ৰাক্তন আয়ুক্ত শিখৰ চি মাণ্ডে আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি । সমাৱর্তন অনুষ্ঠানত ৩ গৰাকীক সন্মানীয় ডিলিট, ১২ গৰাকীক পিএইছ ডি ডিগ্ৰী, ২৯৯ গৰাকীক স্নাতকোত্তৰ আৰু ১০৬৩ গৰাকীক স্নাতক ডিগ্ৰী প্ৰদান কৰা হয় ।

তদুপৰি চাৰিগৰাকী ছাত্ৰ-ছাত্ৰীক সোণৰ পদক প্ৰদান কৰা হয় । প্ৰতিটো বিভাগৰ ডিগ্ৰী প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে অনুমোদন জনোৱাৰ পিছত ডিগ্ৰী প্ৰদান কৰা হয় । সমাৱৰ্তন অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে কয় যে, ব্যক্তিগত খণ্ডৰ এখন শিক্ষা প্ৰতিষ্ঠানে ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ উপৰিও বিদেশী ৰাষ্ট্ৰৰ প্ৰায় ছয় হাজাৰ ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ সুবিধা প্ৰদান কৰাটো এক উল্লেখনীয় দিশ(Education Minister Ranoj Pegu) ।

অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ সমাৱর্তন অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখী

তদুপৰি বিশ্ববিদ্যালয়খনে বিভিন্ন ক্ষেত্ৰত কৰ্মসংস্থাপন প্ৰদান কৰি আহিছে বুলিও ভাষণত উল্লেখ কৰে ৰাজ্যপালগৰাকীয়ে । অনুষ্ঠানৰ অন্তত সাংবাদিকৰ প্ৰশ্নত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে কয় যে, শিক্ষা বিভাগত খালি পদসমূহ পূৰণৰ সমান্তৰালভাৱে নিযুক্তিও দি অহা হৈছে । ২২ ছেপ্টেম্বৰৰ দিনা শিক্ষাখণ্ডত কিমান নিযুক্তি হয় সেয়া অসমৰ ৰাইজে গম পাব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় ।

ছয় জনগোষ্ঠী সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত শিক্ষা মন্ত্ৰীগৰাকীয়ে কয়, বিষয়টো সন্দৰ্ভত অসম চৰকাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰলৈ যি প্ৰতিবেদন পঠিয়াব লাগে সেয়া ইতিমধ্যে পঠিওৱা হৈছে(6 tribes demanding ST in Assam) । অন্য ৰাজ্যৰ জনজাতিকৰণৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত একে দিনাই হৈছে বা কেবিনেট সিদ্ধান্তহে, কিন্তু বিল অহা নাই ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজেই এই বিষয়ত নেতৃত্ব লৈ আলোচনাৰ মাধ্যমত সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ কয়(Assam CM Himanta Biswa Sarma) । তদুপৰি চৰকাৰৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰি সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে সম্পূৰ্ণ নিকা পদ্ধতিৰে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈছে । চৰকাৰৰ গাত কালিমা সানিবলৈ একাংশই চেষ্টা চলাই আছে(Assam job scam)।

লগতে পঢ়ক:লাহে লাহে উন্মোচন হৈছে জলসম্পদ বিভাগৰ নিযুক্তি কেলেংকাৰীৰ তথ্য

Last Updated : Sep 17, 2022, 10:56 PM IST

ABOUT THE AUTHOR

...view details