গুৱাহাটী, 13 ছেপ্টেম্বৰ : ৰক্তদান মহৎ দান । আপোনাৰ ৰক্তদানে বচাব পাৰে অন্য এজন লোকৰ জীৱন । বৰ্তমান সময়ত বহুলোকে ৰক্তদান কৰা দেখা যায় । প্ৰতি তিনিমাহৰ মূৰে মূৰে এগৰাকী ব্যক্তিয়ে ৰক্তদান কৰিব পাৰে । এনে বহুলোক আছে যিয়ে ৰক্তদান কৰি সমাজসেৱা কৰি আহিছে । তাৰেই ভিতৰত এগৰাকী লোক হৈছে বঙাইগাঁওৰ জ্ঞানচন্দ জৈন ।
ৰক্তদান কৰি লোকজনে দেখুৱাইছে আদৰ্শ । এবাৰ দুবাৰ নহয় বৰ্তমান সময়লৈকে তথ্য অনুসৰি প্ৰায় ১১০ বাৰ ৰক্তদান কৰিছে লোকজনে । লোকজনৰ বয়স প্ৰায় ৫৭ বছৰ । ১৫ বছৰ বয়সৰ পৰাই ৰক্ত দান কৰি আহিছে ব্যক্তিজনে ।
১৯৮৫ চনৰ পৰাই ৰক্তদান কৰি আহিছে লোকজনে । যি সময়ত ৰক্তদান কৰা আৰু ৰক্ত গ্ৰহণ কৰাটো অবৈধ হিচাপে গণ্য কৰা হৈছিল । সেই সময়ৰ পৰা বৰ্তমানলৈ তেওঁ ৰক্তদান কৰি আহিছে । অকল অসমতেই নহয় বহি: ৰাজ্যতো ৰক্তদান কৰি বহুজনক জ্ঞাত-অজ্ঞাতভাৱে জীৱন দান কৰি আহিছে জ্ঞানচন্দ জৈনে ।