গুৱাহাটী, ১১ নৱেম্বৰ:অসমৰ চৰকাৰী, বনাঞ্চল, ভিলেজ গ্রেজিং ৰিজাৰ্ভ (ভি জি আৰ) আৰু প্রফেশ্যনেল গ্রেজিং ৰিজাৰ্ভৰ (পি জি আৰ) মাটি সন্দেহযুক্ত নাগৰিকৰ দখললৈ যোৱাৰ সময়তে কিন্তু খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত মাটিৰ পট্টা নাই । ভূমিপুত্ৰক মাটিৰ অধিকাৰী কৰিবলৈ ৰাজ্য চৰকাৰে এইবাৰ গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । থলুৱা লোকৰ মাটি থাকিলেও মাটিবাৰী সম্পৰ্কীয় দীর্ঘদিনীয়া নিষ্পত্তি নোহোৱা বিষয়বোৰ সমাধান কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা মিছন বসুন্ধৰা-১ সফলতাৰে সম্পন্ন কৰাৰ পাছত এইবাৰ হাতত লৈছে মিছন বসুন্ধৰা-২(Mission Basundhara 2) ।
এই মিছন বসুন্ধৰা-২ সফল কৰিবলৈ ৰাজ্য চৰকাৰে ৩২৯.১৯ কোটি টকা অনুমোদন দিছে । মিছন বসুন্ধৰা-২ সম্পর্কত কেবিনেটত(Assam Cabinet Meeting) কেইবাঘণ্টা ধৰি আলোচনা কৰাৰ পাছত এই আঁচনি সফল ৰূপায়ণ কৰি খিলঞ্জীয়া লোকক মাটিৰ অধিকাৰ দিয়াকে ধৰি আনুষংগিক বিষয়বোৰ নিষ্পত্তি কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সকলো জিলাৰে উপায়ুক্তসকলৰ সৈতে ইতিমধ্যে দিনজোৰা বৈঠকত বিস্তৃত আলোচনাত মিলিত হৈছিল । আনহাতে বৃহস্পতিবাৰে জনতা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই(Assam CM Himanta Biswa Sarma) ৰাজহ বিভাগৰ উচ্চপদস্থ বিষয়াৰ সৈতে ১৪ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বসুন্ধৰা-২ কাৰ্যসূচীৰ প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰে ।
বসুন্ধৰা-২ৰ অধীনত সমগ্ৰ অসমতে কম্পোজিট লেণ্ড ট্ৰেন্সফাৰ সেৱা (অটো-মিউটেচন), অনলাইনযোগে খাজানা আদায়, ডিজিটেল ষ্টাম্পিং আদি সময় নিৰ্ধাৰিত পদ্ধতিৰে প্ৰদান কৰা হ’ব । মিছনটো সময়োপযোগী আৰু সুচাৰুৰূপে ৰূপায়ণ নিশ্চিত কৰিবলৈ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে । উল্লেখ্য যে মিছন বসুন্ধৰা-২ত কেইবাটাও সেৱা ৰাইজে লাভ কৰিব পাৰিব । অসমত ভূমি আইনৰ সুৰুঙাত সন্দেহযুক্ত লোকৰ দখললৈ মাটি গৈছে, অথচ খিলঞ্জীয়া ভূমিপুত্ৰই বছৰ বছৰ ধৰি মাটিৰ পট্টা নোপোৱাকৈ আছে । মিছন বসুন্ধৰা-২ত বিশেষকৈ চৰকাৰী মাটি, ভি জি আৰ আৰু পি জি আৰ মাটিত বাস কৰি থকা লোকসকল উপকৃত হ’ব ।