গুৱাহাটী,২৪ ফেব্ৰুৱাৰীঃ দীপাঞ্জলি কাকতিৰ নামটো মনত পৰেনে ? বিজেপি নেত্ৰী দীপাঞ্জলি কাকতি । ৰাজনৈতিক ক্ষমতাই মুৰত ধৰাৰ পিছত তিনিচুকীয়া জিলাৰ কাকপথাৰ থানাৰ উপ-পৰিদৰ্শক অপূৰ্ব দাসক পূৰ্ণহতীয়া চৰ শোধাই যি গৰাকী দীপাঞ্জলি কাকতি পলাই ফুৰিছিল, নিজকে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি দাবী কৰি নিজৰ ৰাজনৈতিক অভিস্পা পূৰণ কৰিছিল, সেইগৰাকী বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিৰ বিৰুদ্ধে কাকপথাৰ থানাত ৰুজু হৈ আছে ভাৰতীয় দণ্ডবিধি ২৯৪/৪৪৮/৩৩২ ৰ অধীনত গোচৰ ।
সেইগৰাকী বিজেপি নেত্ৰীক এতিয়া ৰাজ্য চৰকাৰে পাৰি দিছে ৰঙা দলিচা । সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যময় দুৰ্ঘটনাত মৃত্যু হোৱাৰ সময়তো এইগৰাকী দীপাঞ্জলি কাকতিৰ নাম চৰ্চালৈ আহিছিল । আনকি গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন আবেদনো নাকচ কৰিছিল । সেই দীপাঞ্জলি কাকতিৰ প্ৰতি চৰকাৰৰ মৰম উথলি উঠিছে । আৰক্ষী বিষয়াক চৰিওৱাৰ "উপহাৰ" আগবঢ়োৱা হৈছে এইগৰাকী বিজেপি নেত্ৰীলৈ । সন্মুখত থকা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিগত ১৫ ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে এক অধিসূচনা যোগে গঠন কৰি দিছে মৰাণ স্বায়ত্ব শাসিত পৰিষদ । ধৰ্মেন্দ্ৰ নেওগক মুখ্য কাৰ্যবাহী সদস্য হিচাপে লৈ গঠন কৰা হৈছে ২২ জনীয়া মৰাণ স্বায়ত্ব শাসিত পৰিষদ ।