গুৱাহাটী, ২০ জুন : বৰ্তমানৰ ক’ভিড পৰিস্থিতিৰ বাবে ২০২১ বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ইতিমধ্যে বাতিল কৰা হৈছে । কিন্তু অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ আভ্যন্তৰীণ মূল্যায়নৰ ব্যৱস্থা নথকাৰ বাবে পৰীক্ষা বাতিল হোৱাৰ পাছত মূল্যাংকন পদ্ধতিক লৈ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকৰ মাজত ব্যাপক বিভ্ৰান্তিৰ সৃষ্টি হৈছে । একেদৰে কাৰিকৰী আৰু বৃত্তিগত শিক্ষাৰ চূড়ান্ত বৰ্ষৰ লগতে এবছৰীয়া, দুবছৰীয়া ডিপ্ল’মা পাঠ্যক্ৰম সমূহৰো ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যত সন্দিহান হৈ পৰিছে ।
বহুবোৰ বৃত্তিগত শিক্ষাৰ পাঠ্যক্ৰমত শ্ৰেণীকোঠাৰ শিক্ষা তথা ব্যৱহাৰিক শিক্ষা এক অবিচ্ছেদ্য অংশ । কিন্তু বিগত দুটা বছৰত এই শিক্ষাৰ্থীসকল এই অভিজ্ঞতাৰ পৰা বঞ্চিত হৈছে । যাৰ ফলত ইয়াৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ তেওঁলোকৰ উচ্চ শিক্ষা, নিয়োগ আদিৰ ক্ষেত্ৰত পৰাৰো পূৰ্ণ সম্ভাৱনা আছে ।