অসম

assam

ETV Bharat / state

শিৱসাগৰ আৰু কামৰূপ জিলাত আবদ্ধসকলক নিজ বাসগৃহলৈ প্ৰেৰণ

লক ডাউনৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা অন্য জিলাৰ লোকসকলক নিজ বাসগৃহলৈ উভতি যাবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে ৷ আগন্তুক ২৭ এপ্ৰিললৈকে এই একমুখী যাত্ৰা অব্যাহত থাকিব ৷ শুকুৰবাৰে কামৰূপ জিলাত প্ৰায় ১৯০০ জন লোকে অনলাইন আবেদন কৰিছে আৰু শিৱসাগৰৰ পৰা মুঠ ৩৬০ জন লোকক অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছেৰে ৰাজ্যৰ বিভিন্ন ঠাইৰ নিজ বাসগৃহলৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷

By

Published : Apr 25, 2020, 5:47 PM IST

লক ডাউনত আবদ্ধ লোকক নিজ বাসগৃহলৈ প্ৰেৰণ
লক ডাউনত আবদ্ধ লোকক নিজ বাসগৃহলৈ প্ৰেৰণ

নিউজ ডেস্ক, 25 এপ্ৰিল : লক ডাউনৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা অন্য জিলাৰ লোকসকলক নিজ বাসগৃহলৈ উভতি যাবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতে নিজ ঘৰলৈ উভতি যাব পাৰিব বহু সংখ্যক লোকে । আগন্তুক ২৭ এপ্ৰিললৈকে চলিব এই একমুখী যাত্ৰা ।

লক ডাউনত আবদ্ধ লোকক নিজ বাসগৃহলৈ প্ৰেৰণ
এই একমুখী যাত্ৰাত কামৰূপ জিলাত ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত থকা প্ৰায় ১৯০০ জন লোকে অনলাইন আবেদন কৰিছে বুলি জানিব পৰা গৈছে । ইয়াৰ বাবে কামৰূপ জিলা প্ৰশাসনে প্ৰায় ২০০খন বাছ সাজু কৰি দিছে । শুকুৰবাৰে কামৰূপত যাত্ৰী নাই বুলি কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত প্ৰতিম কাঠকটীয়াই জানিবলৈ দিয়ে। কিন্তু কামৰূপ জিলাৰ বিভিন্ন ঠাইৰ ইটা ভাটাত কৰ্মৰত শ্ৰমিক ভিন্ন প্ৰান্তত আবদ্ধ হৈ আছে আৰু প্ৰায় ২০০০ জন শ্ৰমিকক নিজ নিজ বাসগৃহলৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে কামৰূপ জিলা প্ৰশাসনে ।
লক ডাউনত আবদ্ধ লোকক নিজ বাসগৃহলৈ প্ৰেৰণ

শিৱসাগৰঃ ইফালে,শিৱসাগৰৰ পৰা শুকুৰবাৰে মুঠ ৩৬০ জন লোকক ২৪ খন অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছেৰে উত্তৰ লখিমপুৰ,যোৰহাট,তিনিচুকীয়া,ডিব্ৰুগড়, গোলাঘাট,ধেমাজি,চৰাইদেউ জিলালৈ প্ৰেৰণ কৰা হয় । যাত্ৰীসকলক বাছত উঠোৱাৰ পূৰ্বে জিলা প্ৰশাসনে প্ৰাথমিক চিকিৎসা সম্পূৰ্ণ কৰে আৰু তাপমাত্ৰা পৰীক্ষা কৰি সকলো লোককে মাস্ক ব্যৱহাৰ কৰাতো বাধ্যতামূলক কৰে বুলি শিৱসাগৰ জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে সদৰী কৰে ৷

লগতে পঢ়ক : আজিৰেপৰা আৰম্ভ হ'ল ই-পাছৰ জৰিয়তে গৃহমুখী যাত্ৰা

ABOUT THE AUTHOR

...view details