গুৱাহাটী, ২০ আগষ্ট: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিস্ব শৰ্মা (Assam CM Himanta Biswa Sarma) নেতৃত্বাধীন বিজেপি চৰকাৰখনে এবছৰৰ ভিতৰত এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি সময়মতে পালন কৰিবলৈ সক্ষম নহ'ল যদিও প্ৰতিশ্ৰুতি পূৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে । তাৰেই অংশস্বৰূপে প্ৰায় ৩০ হাজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে বৃহৎ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ (Government preparing to conduct major recruitment examination in Assam)।
দেওবাৰে অৰ্থাৎ কাইলৈ অনুষ্ঠিত হ’ব অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা । ২১ আগষ্ট আৰু ২৮ আগষ্টত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা। এই দুয়োটা পৰীক্ষাত মুঠ ১৪,৩০,৩৩৭ জন প্ৰাৰ্থী অৱতীৰ্ণ হ'ব। অসম চৰকাৰৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা ২১ আগষ্টত দুটা পৃথক সময়ত পতা হ’ব ।
উক্ত দিনটোত পুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু দিনৰ ২ বজাৰ পৰা ৪ বজালৈ দুটা চিফ্টত প্ৰথম পৰ্যায়ৰ পৰীক্ষা সম্পূৰ্ণ হ’ব । ২৮ আগষ্টত হ’ব লগা দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাটো উক্ত সময় অনুসৰিয়েই অনুষ্ঠিত হ'ব । চতুৰ্থ বৰ্গৰ ক্ষেত্ৰত ২১ আগষ্টত দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীর্ণই পুৱা দহ বজাৰ পৰা বিয়লি ১২ বজালৈ আৰু অষ্টম শ্ৰেণীলৈকে পঢ়া আবেদনকাৰীয়ে বিয়লি দুই বজাৰ পৰা চাৰি বজালৈ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব ।
আনহাতে তৃতীয় বৰ্গৰ ক্ষেত্ৰত ২৮ আগষ্টত উচ্চতৰ মাধ্যমিক উত্তীর্ণ আবেদনকাৰীয়ে পুৱা দহ বজাৰ পৰা দিনৰ বাৰ বজালৈ আৰু স্নাতক ডিগ্ৰীধাৰীয়ে বিয়লি দুই বজাৰ পৰা চাৰি বজালৈ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব । গাড়ী চালকৰ ক্ষেত্ৰত (দশম শ্ৰেণীত উত্তীৰ্ণ) এঘাৰ ছেপ্টেম্বৰৰ পুৱা দহ বজাৰ পৰা দিনৰ বাৰ বজালৈ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব । বিভিন্ন বিভাগত কৰ্মৰত ৰাজপত্ৰিত বিষয়াসকলক প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ বাবে পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা হৈছে যিয়ে পৰীক্ষা অনুষ্ঠিত হোৱা দিনটোত সমগ্ৰ পৰীক্ষাৰ প্ৰক্ৰিয়াটো পৰ্যবেক্ষণ কৰিব ।
উল্লেখ্য যে, এই দুয়োটা পৰীক্ষাত বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে সকলো সুবিধা ৰখা হৈছে । পৰীক্ষাৰ বিষয়বোৰ হ'ব ইংৰাজী, সামাজিক অধ্যয়ন, গণিত, সাধাৰণ জ্ঞান, মানসিক সামৰ্থ্য আৰু লজিকেল ৰিজনিং । পৰীক্ষাৰ্থীসকলে www.assam.gov.in ৱেবচাইটৰ পৰা নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব । অসম ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ (এছএলআৰচি)এ ৰাজহুৱা কৰা জাননীত উল্লেখ কৰা হৈছে যে পৰীক্ষাত উত্তৰ অশুদ্ধ হ’লে কোনো ঋণাত্মক (নেগেটিভ মাৰ্ক) নম্বৰ নাথাকিব আৰু প্ৰশ্নকাকতত এটাকৈ মুঠ ১৩৫ টা প্ৰশ্ন থাকিব ।
প্ৰাৰ্থীসকলে দুঘণ্টাৰ ভিতৰত কাকতখন শেষ কৰিব লাগিব । পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে চৰকাৰে ব্যাপক কঠোৰ ব্যৱস্থা অৱলম্বন কৰিছে । পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া ঠাইসমূহত পৰীক্ষাৰ সময়ছোৱাত মোবাইল ইণ্টাৰনেট বন্ধ থাকিব । মন কৰিবলগীয়া যে অসমৰ ৩৫ খন জিলাৰ ভিতৰত মুঠ ২৫ খন জিলাত এই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু পৰীক্ষাৰ সময়চোৱাত জিলা কেইখনত বন্ধ থাকি ইণ্টাৰনেট সেৱা । পৰীক্ষাৰ সময়ত যাতে কোনোৱে হোৱাটছএপ যোগে প্ৰশ্নকাকত ফাদিল কৰিব নোৱাৰে তাৰ বাবে চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে ।