অসম

assam

ETV Bharat / state

সাজু মাষ্টাৰ প্লেন! ইতিহাস হৈ পৰিব নেকি ঐতিহ্যপূৰ্ণ ফাঁচী বজাৰ? - wholsale market in assam

স্থানান্তৰ কৰা হ’ব ফাঁচী বজাৰ ৷ উত্তৰ গুৱাহাটীৰ চাংসাৰীলৈ ফাঁচী বজাৰৰ পাইকাৰী ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ স্থানান্তৰ কৰা হ’ব ৷ ইতিমধ্যে GMDA য়ে প্ৰস্তুত কৰিছে মাষ্টাৰ প্লেন ৷ কিয়, কি কাৰণে আৰু কেতিয়ালৈ স্থানান্তৰ ঘটিব ৰাজ্যৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰৰ...? জানিবলৈ পঢ়ক এই প্ৰতিবেদন-

Fancy Bazar will be Sifted to North Guwahati
স্থানান্তৰ কৰা হ’ব ফাঁচী বজাৰ

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 2:22 PM IST

Updated : Nov 27, 2023, 2:54 PM IST

গুৱাহাটী, 27 নবেম্বৰ : অচিৰেই স্তব্ধ হ’ব গুৱাহাটী মহানগৰীৰ হৃদস্পন্দন ফাঁচী বজাৰ ? যান-জঁটে ক্ৰমাৎ অচল কৰি অনা গুৱাহাটী মহানগৰৰে নহয় উত্তৰ-পূৱৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰ ৷ ক্ৰমবৰ্ধমান জনসংখ্যা আৰু দৈনিক বৃদ্ধি পাই অহা বিশাল সংখ্যক যান-জঁটে যন্ত্ৰণাদায়ক কৰি আনিছে মহানাগৰিকৰ স্বাভাৱিক জীৱন । চৰকাৰে হাজাৰ হাজাৰ কোটি টকা ব্যয়ৰে ইখনৰ পিচত আনখন উৰণ সেতু নিৰ্মাণ কৰিও জনসাধাৰণক সকাহ দিব পৰা নাই এই যান-জঁটৰ পৰা ৷

যান-জঁটক লৈ বিমোৰত পৰা চৰকাৰ-প্ৰশাসনে অৱশেষত যান-জঁটৰ সমস্যা ৰোধৰ বাবে এতিয়া ফাঁচী বজাৰখনকে হস্তান্তৰৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে ৷ গুৱাহাটীৰ শতিকা পুৰণি ফাঁচী বজাৰখন মুখ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীলৈ হস্তান্তৰৰ পৰিকল্পনা যুগুত কৰিছে চৰকাৰে। প্ৰস্তাৱ পৰ্যায়ত থকা এই সিদ্ধান্ত হয়তো শীঘ্ৰেই কাৰ্যকৰী কৰিব ৰাজ্য চৰকাৰে ৷ শেহতীয়াকৈ মহানগৰীত মালিগাঁৱৰ নীলাচল উৰণ সেঁতু , জু-ৰোডৰ শ্ৰদ্ধাঞ্জলী উৰণ সেতুখন মুকলি কৰি দিয়া হৈছে যদিও আশা কৰা ধৰণে এই দুখন ফ্লাই অভাৰে অলপো হ্ৰাস কৰিব পৰা নাই মহানগৰীৰ যান-জঁট ।

ফ্লাই অভাৰে আশা কৰা ধৰণে সুফল নিদিয়াত এইবাৰ যান-জঁটৰ সমস্যা নোহোৱা কৰাৰ স্বাৰ্থত ৰাজ্যখনৰ ব্যৱসায়িক প্ৰাণকেন্দ্র 'ফাঁচী বজাৰ' খনকে মুখ্যমন্ত্ৰীৰ সমষ্টি জালুকবাৰীৰ অন্তৰ্গত উত্তৰ গুৱাহাটীলৈ উঠাই নিয়াৰ পৰিকল্পনা কৰিছে চৰকাৰে । সদ্যহতে ৰাজ্যৰ এটা চৰ্চিত বিষয় হৈ পৰিছে যে ফাঁচী বজাৰৰ পাইকাৰী- ব্যৱসায়ী প্রতিষ্ঠানসমূহক উত্তৰ গুৱাহাটীলৈ স্থানান্তৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষই (GMDA) দিছপুৰক প্রস্তাৱ আগবঢ়াইছে ৷ মাথো ব্রহ্মপুত্রৰ ওপৰত নির্মীয়মান উত্তৰ-গুৱাহাটী আৰু ভৰলুমুখ সংযাগী দলংখনৰ নির্মাণ সম্পূর্ণ হোৱালৈ অপেক্ষা কৰি থকা হৈছে ৷ দলংখন সম্পূৰ্ণ হ’লেই ফাঁচী বজাৰৰ পাইকাৰী বজাৰখনক উত্তৰ গুৱাহাটীলৈ হস্তান্তৰ কৰাৰ পৰিকল্পনা ৰচা বুলি ব্যাপক চৰ্চা হৈছে ।

সেই অনুসৰি ভৰলু-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নির্মাণ কার্য চলি থকাৰ হেতু যান-জঁট নোহোৱা কৰিবলৈ ফাঁচী বজাৰৰ পাইকাৰী বজাৰ উত্তৰ গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰা হৈছে ৷ সেইবাবে ইতিমধ্যে GMDA য়ে মাষ্টাৰ প্লেনো প্ৰস্তুত কৰাৰো কথা চৰ্চিত হৈছে ৷ উত্তৰ গুৱাহাটীত এখন লজিষ্টিক পার্ক স্থাপন কৰাৰ পোষকতা কৰা হৈছে ৷ ইয়াতেই ফাঁচী বজাৰৰ পাইকাৰী বজাৰখন পুনৰ সংস্থাপন কৰাৰ প্ৰস্তাৱ লোৱা হৈছে বুলি বিশেষ চৰ্চা চলিছে ৷ স্বাভাৱিকতে মুখ্যমন্ত্ৰীৰ সন্মতি অবিহনে এনে এক গুৰুত্বপূৰ্ণ সিদ্বান্ত লোৱাটো সম্ভৱপৰ নহয় ৷ সেয়ে সমগ্ৰ প্ৰক্ৰিয়াটো মুখ্যমন্ত্ৰীৰ সেউজ সংকেত সাপেক্ষেই আগবঢ়োৱা হৈছে বুলি ধাৰণা কৰা হৈছে ৷

উত্তৰ গুৱাহাটীৰ চাংসাৰীলৈ ফাঁচী বজাৰৰ পাইকাৰী ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ স্থানান্তৰ কৰাক লৈ গুৱাহাটী উন্নয়ন কৰ্তৃপক্ষই বৰ্তমানলৈ কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই ৷ বিপৰীতে মহানগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহলে সংবাদ মাধ্যমৰ সন্মুখত সোমবাৰে কয়, " গুৱাহাটীৰ হ’লচেল মাৰ্কেট চাংসাৰি বা নৰ্থ গুৱাহাটীলৈ নিয়াৰ কথা ভাবি আছো । যথেষ্ট যান-জঁট হৈছে । গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি নিয়াৰ পৰিকল্পনা কৰি আছো ৷ ইতিমধ্যে কাম কাম-কাজ আৰম্ভ হৈছে । তীব্ৰ যান-জঁটৰ বাবে ফাঁচী বজাৰৰ হ’লচেল মাৰ্কেট নৰ্থ গুৱাহাটীলৈ স্থানান্তৰ হ'ব ।''

GMDA -য়ে চৰকাৰলৈ আগবঢ়োৱা ফাঁচী বজাৰৰ স্থানান্তৰ কৰাৰ প্রস্তাৱক চৰকাৰে গুৰুত্ব সহকাৰে লৈ বিবেচনাৰ্থে প্ৰাৰম্ভিক পৰ্যায়ত ৰাখিছে বুলি দিছপুৰৰ আভ্যন্তৰীণ সূত্ৰত প্ৰকাশ ৷

ফাঁচী বজাৰ উত্তৰ গুৱাহাটীলৈ নিয়াৰ যুক্তি কি:

১/ ম্যাদ উকলিছে ফাঁচী বজাৰৰ সৰহ সংখ্যক অট্টালিকাৰ । জিএমডিএৰ নিয়ম অনুসৰি ফাঁচী বজাৰৰ অধিকাংশ অট্টালিকাৰে নির্মাণ বৈধ নহয় । GMDA ৰ বিধিৰ অধীনত বিজ্ঞানসম্মতভাৱে নিৰ্মিত নহয় অট্টালিকাসমূহ ৷ প্ৰায়ে সংঘটিত অগ্নিকাণ্ডৰ দৰে দুৰ্যোগৰ সময়ত প্রশাসনে ভয়ংকৰ পৰিস্থিতিৰ্ সন্মুখীন হৈ আহিছে ।

2/ ফাঁচী বজাৰৰ অন্যতম সমস্যা হৈছে যান-জঁটৰ সমস্যা ৷ ফাঁচী বজাৰ সমগ্র-উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্যিক প্রাণকেন্দ্র হোৱাত অগণন ক্রেতা- বিক্রেতাৰ সমাগম হয় ৷ হাজাৰোধিক ট্রাকেৰে দৈনিক সা-সামগ্ৰী সৰবৰাহ হোৱাত যান-জঁটৰ সমস্যাই সকলোকে সমস্যাৰ সন্মুখীন কৰি আহিছে । শেহতীয়াকৈ এয়া অনিয়ন্ত্ৰিত হৈ পৰিছে ৷

3/ ঘন জনবসতিপূর্ণ এলেকাটোত বাহনৰ পৰা সামগ্রী উঠোৱা-নমোৱা কৰাৰ নামতো বৃহৎ ছিণ্ডিকেট চলি আহিছে ৷

উল্লেখ্য যে, যান-জঁটৰ সমস্যাক মুখ্য কাৰণ হিচাবে GMDA ৰ ফালৰ পৰা ফাঁচী বজাৰক উত্তৰ গুৱাহাটীলৈ উঠাই লৈ যোৱাৰ প্রস্তাৱ দিয়া হৈছে যদিও বাস্তৱত ই সম্ভৱপৰ হৈ উঠিবনে বুলি প্ৰশ্নৰ সৃষ্টি হৈছে ৷ দিশপুৰে ফাঁচী বজাৰৰ বৃহৎ শক্তিৰ বিৰুদ্ধে গৈ ফাঁচী বজাৰক স্থানান্তৰ কৰিব পাৰিবনে বুলিও সমান্তৰালভাৱে প্ৰশ্নৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।

Last Updated : Nov 27, 2023, 2:54 PM IST

ABOUT THE AUTHOR

...view details