অসম

assam

ETV Bharat / state

অসমৰ আঠখনকৈ তৈলক্ষেত্ৰক ব্যক্তিগত খণ্ডক হস্তান্তৰ কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰণালয়ৰ - তৈলক্ষেত্ৰ

লক ডাউন, কৰ'ণা মহামাৰী আদিক লৈ সমগ্ৰ দেশ তথা অসমবাসী ব্যস্ত থকাৰ সুযোগ ল'লে কেন্দ্ৰীয় চৰকাৰে ৷ হয়, অতি কৌশলপূৰ্ণভাৱে গোপনে ৰাজ্যৰ 8 খনকৈ তৈলক্ষেত্ৰ হস্তান্তৰ কৰা হ'ল ব্যক্তিগত খণ্ডক ৷ আন্তঃৰাষ্ট্ৰীয় নিবিদাৰ জৰিয়তে ‘দুর্গান্ত অইল এণ্ড গেছ’ আৰু ওড়িশাৰ ‘ষ্টেভ ড’জ লিমিটেড’ নামৰ ব্যক্তিগত কোম্পানী দুটালৈ হস্তান্তৰ কৰিলে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰণালয়ে ৷ এই সম্পৰ্কত শিৱসাগৰৰ পৰা অনন্ত স্মিথ আৰু গুৱাহাটীৰ পৰা গৌতম বৰুৱাৰ এক বিশেষ প্ৰতিবেদন

Government of India handover ONGC Oil Fields to the private sector
অসমৰ ৮খনকৈ তৈলক্ষেত্ৰক ব্যক্তিগত খণ্ডক হস্তান্তৰ কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰণালয়ৰ

By

Published : May 18, 2020, 11:29 AM IST

Updated : May 18, 2020, 1:45 PM IST

শিৱসাগৰ আৰু গুৱাহাটী, 18মে: বিশ্বজুৰি কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে সমগ্ৰ দেশত অব্যাহত আছে লক ডাউন ৷ কিন্তু তাৰ মাজতে লক ডাউন, কৰ'ণা মহামাৰী আদিক লৈ সমগ্ৰ দেশ তথা অসমবাসী ব্যস্ত থকাৰ সুযোগ ল'লে কেন্দ্ৰীয় চৰকাৰে ৷ হয়,অতি কৌশলপূৰ্ণভাৱে গোপনে ৰাজ্যৰ8 খনকৈ তৈলক্ষেত্ৰ হস্তান্তৰ কৰা হ'ল ব্যক্তিগত খণ্ডক ৷ উল্লেখনীয় কথা যে, যোৱা সময়ছোৱাত অসমৰ তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতাই দিবলৈ অ' এন জি চি আৰু অইল ইণ্ডিয়াই সময়ে সময়ে চেষ্টা চলাই আহিছিল যদিও ইয়াকে লৈ ৰাজ্যত সৃষ্টি হৈছিল আন্দোলনমুখী এক পৰিৱেশ ৷ যাৰ বাবে অসমৰ তৈল ক্ষেত্ৰসমূহ ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰাত ব্যৰ্থ হৈছিল অ'এন জি চি ৷ তাৰপিছতে কৰ'ণা মহামাৰী আৰু লক ডাউনৰ পূৰ্ণ সুবিধা লাভ কৰিলে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰণালয়ে আৰু সেই সুবিধা লৈয়ে ভাৰতৰ বিভিন্ন ৰাজ্যত অএনজিচি আৰু অইল ইণ্ডিয়াৰ দ্বাৰা পৰিচালিত মুঠ ৪৯ খন গেছ আৰু তৈলক্ষেত্ৰ আন্তঃৰাষ্ট্ৰীয় নিবিদাৰ জৰিয়তে ‘দুর্গান্ত অইল এণ্ড গেছ’আৰু ওড়িশাৰ ‘ষ্টেভ ড’জ লিমিটেড’নামৰ ব্যক্তিগত কোম্পানী দুটালৈ হস্তান্তৰ কৰিলে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰণালয়ে ৷

ৰাজ্যৰ 8 খনকৈ তৈলক্ষেত্ৰ হস্তান্তৰ

উল্লেখযোগ্য যে,ৰাজ্যৰ 8 খন তৈলক্ষেত্ৰৰ ভিতৰত ডিমুৱাল তৈলক্ষেত্ৰ বৰ্তমানেও উৎপাদনক্ষম হৈ থকাৰ লগতে অসম নৱীকৰণ প্ৰকল্প(ARP)ৰ অধীনত এই তৈলক্ষেত্ৰত বৃহৎ পৰিমাণৰ পুঁজি ব্যয় কৰি আন্তঃগাঠনি উন্নয়ণৰ লগতে উৎপাদনমুখী নিৰ্মাণ কৰিছিল অ' এন জি চিয়ে।সেইদৰে অ' এন জি চি অসম সম্পদে বিগত সময়ত চলোৱা খাৰুৱা তেল উৎপাদনৰ অন্বেষণত দিচাংমুখ আৰু পানী দিহিং তৈলক্ষেত্ৰ দুখন প্ৰচুৰ সম্ভাৱনাপূৰ্ণ বুলি উল্লেখ কৰিছিল।এনে অৱস্থাত উৎপাদনক্ষম আৰু সম্ভাৱনাপূৰ্ণ তৈলক্ষেত্ৰ সমূহ কিহৰ বাবে পেট্ৰলিয়াম মন্ত্ৰণালয়ে ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিছে সেইয়া এতিয়াও ৰহস্যৰ বিষয় ৷

ইপিনে ,অ' এন জি চিৰ অসম সম্পদৰ দ্বাৰা পৰিচালিত হৈ থকা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ডিমুৱাল, চাংমাই গাঁও, চফ্রাই, সোণাৰি, পানীদিহিং, দিচাংমুখ, দিচাংপানী আৰু নাহৰবাৰী তৈলক্ষেত্ৰ কেইখন ব্যক্তিগত কোম্পানীক সংগোপনে গতাই দিয়াৰ পিছতে তথা সমগ্ৰ ঘটনা পোহৰলৈ অহাত এতিয়া ক্ষোভত ফাটি পৰিছে ৰাজ্যৰ দল-সংগঠনসমূহ ৷কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰণালয়ৰ এনে সিদ্ধান্ত অসমীয়াক ভাতেমৰা ষড়যন্ত্ৰ বুলি বিভিন্ন মহলে সমালোচনা কৰিছে।

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকলুৰিণ জ্যোতি গগৈয়ে এই ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ই টিভি ভাৰতৰ সাংবাদিকৰ আগত নিজৰ ক্ষোভ প্ৰকাশ কৰি কয় যে,ইয়াৰ ফল ভোগ কৰিবলৈ সাজু থাকক অ' এন জি চি ৷লক ডাউনৰ বাবে অসমৰ ৰাইজে আন্দোলন কৰিব নোৱাৰে বুলি জানিয়েই অ' এন জি চিয়ে এই কাম কৰিলে বুলি মন্তব্য কৰি লক ডাউন শেষ হোৱাৰ পিছতে অ' এন জি চিয়ে ইয়াৰ পৰিণাম ভূগিব লাগিব বুলিও সকীয়াই দিয়ে আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

আনহাতে,ৰাজ্যৰ তৈলক্ষেত্ৰসমূহ ব্যক্তিগতকৰণ কৰাক লৈ জাঙুৰ খাই উঠিছে বাওঁপন্থী দল কমিউনিষ্ট পাৰ্টিৰ শিৱসাগৰ জিলা সমিতি৷সম্পাদক কনক গগৈয়ে এই সন্দৰ্ভত এনে সিদ্ধান্তক তীব্ৰ গৰিহণা দি তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ ক্ষেত্ৰত অসম বিৰোধী চক্ৰ জড়িত থকাৰ কথা দোহাৰে ৷

অসমৰ ৮খনকৈ তৈলক্ষেত্ৰক ব্যক্তিগত খণ্ডক হস্তান্তৰ কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰণালয়ৰ

প্ৰশ্ন হয়, অসমৰ সম্পদৰ ওপৰত অসমীয়াৰ প্ৰভূত্বৰ বিপৰীতে জাতি মাটি ভেঁটিৰ কথা কোৱা দিল্লীৰ বহতীয়া সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে অসমৰ সম্পদ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিবলৈ ক'ত পালে অধিকাৰ ?নে এনেকৈয়ে এপদ এপদকৈ শেষ হৈ যাব অসমৰ সম্পদসমূহ ?

লগতে পঢ়কঃহোজাই জিলাৰ কাকীত দৰিদ্ৰ জনসাধাৰণক সাহাৰ্য প্ৰদান আৰক্ষী জোৱানৰ

Last Updated : May 18, 2020, 1:45 PM IST

ABOUT THE AUTHOR

...view details