অসম

assam

ETV Bharat / state

মূলসুঁতিলৈ অহা এন.ডি.এফ.বিৰ সদস্যক অসম চৰকাৰৰ আৰ্থিক সাহাৰ্য - ভাৰতবৰ্ষ

এন.ডি.এফ.বিৰ সদস্যক অসম চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহাৰ্য প্ৰদান ৷ প্ৰতিগৰাকী সদস্যক প্ৰদান কৰা হ'ল চাৰি লাখ টকাৰ চেক ৷ অসম চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উদ্যোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিলে চেক ৷

government-of-assam-provides-financial-assistance-to-repatriated-ndfb-members
মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰা এন.ডি.এফ.বিৰ সদস্যক অসম চৰকাৰৰ আৰ্থিক সাহাৰ্য প্ৰদান

By

Published : Jan 19, 2021, 7:38 PM IST

গুৱাহাটী, 19 জানুৱাৰী :মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰা এন.ডি.এফ.বিৰ সদস্যক অসম চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহাৰ্য প্ৰদান ৷ প্ৰতিগৰাকী সদস্যক প্ৰদান কৰা হ'ল চাৰি লাখ টকাৰ চেক ৷ অসম চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উদ্যোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিলে চেক ৷

মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰা এন.ডি.এফ.বিৰ সদস্যক অসম চৰকাৰৰ আৰ্থিক সাহাৰ্য প্ৰদান

প্ৰতিগৰাকী সদস্যকে 4 লাখ টকাৰ একোখনকৈ ফিক্স ডিপোজিট চাৰ্টিফিকেট প্ৰদান কৰা হয় যাৰ সহায়ত যি কোনো বেংকৰ পৰা তেওঁলোকে সহজতে ল’ব পাৰিব ঋণ । বিটিচিৰ চাৰিখন আৰু ৰাজ্যৰ অন্যান্য 10 খন জিলাৰ মুঠ 1279 গৰাকীক প্ৰদান কৰা হয় এই চাৰ্টিফিকেট । অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টা শান্তনু ভৰালী, ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা, বিটিচিৰ মুৰব্বী প্ৰমোদ বড়ো, বিটিচিৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰী, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নীৰজ বৰ্মা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, আইন শৃংখলা শাখাৰ ADGP জি পি সিঙকে প্ৰমুখ্য কৰি সামৰিক, অৰ্ধ-সামৰিক বিভাগৰ বহুকেইগৰাকী উচ্চ পদস্থ বিষয়া ।

লগতে পঢ়ক :মানকাচৰত বিহু উদযাপনৰ নামত অশ্লীল নৃত্য,জুৱাৰ পয়োভৰ

মঙলবাৰৰ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, আৰ্থিক সাহাৰ্য পোৱাৰ পিচত শান্তি স্থাপন কৰি শক্তিশালী আৰু মানৱ সমাজ গঢ় দিয়াৰ লগতে শক্তিশালী ৰাষ্ট্ৰ গঢ় দিয়াত সহায় কৰিব লাগিব ৷ এবছুৱে আগবঢ়োৱা বৰঙনি বাবে এই শান্তি পথৰে বিটিআৰ চুক্তি কৰিবলৈ সক্ষম হৈছে ৷ কৰ্ম-সস্থাপনৰ যোগেদি এজন আদৰ্শবান নাগৰিক হিচাপে নিজকে গঢ় দিব লাগিব ৷ মানৱীয় সৎ গুণ সমূহ উৎপাদনৰ বাবে ব্যৱহাৰ কৰি নিশ্চিত ভাৱে মানৱীয় গুণৰ যোগেদি এটা সুন্দৰ জীৱন যাপন কৰিব পৰা যাব ৷

ভাৰতবৰ্ষক বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিব লাগিব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যিদৰে ভাৰতবৰ্ষক বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াত গুৰুত্ব দিছে ৷ সদস্য সকলৰ ওপৰত থকা গোচৰ সমূহ আইনগতভাৱে সমাধান কৰিবলৈ স্পিচিয়েল আদালত গঠন কৰি গোচৰ সমূহ সোনকালে মীমাংসা কৰা চেষ্টা কৰা হ'ব ৷ লগতে, অসম চৰকাৰৰ অটল অমৃত যোজনাৰ অধীনত সকলোকে সাঙুৰি লোৱা হ’ব ৷ চাৰি লাখ টকা আৰ্থিক অনুদানৰ যোগেদি যাতে অন্য সুবিধা সমূহ লাভ কৰিব পাৰে তাৰ বাবে গুৰুত্ব প্ৰদান কৰা হ'ব ৷ মৎস উৎপাদন, শাক-পাচলি উৎপাদন, বস্ত্ৰ উৎপাদনৰে উদগনি দিবৰ বাবে মোডী চৰকাৰে বহু পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰাৰ লগতে অসম চৰকাৰৰো দায়িত্ব আছে বুলি মুখ্যমন্ত্ৰী সোণোৱালে মন্তব্য প্ৰদান কৰে ৷

লগতে পঢ়ক :ফেব্ৰুৱাৰীত সম্পূৰ্ণ হ'ব লখিমপুৰ মেডিকলে কলেজৰ নিৰ্মাণ কাৰ্যঃ হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details