অসম

assam

ETV Bharat / state

2024 government holidays: অসম চৰকাৰৰ ২০২৪ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ - government holidays in Assam

অসম চৰকাৰে প্ৰকাশ কৰা চৰকাৰী বন্ধৰ তালিকা অনুসৰি ২০২৪ বৰ্ষৰ মুঠ ৩৬ টা দিন অসম চৰকাৰৰ অধীনৰ সকলো চৰকাৰী কাৰ্যালয়, ৰেভিনিউ আৰু দণ্ডাধীশৰ আদালত বন্ধ থাকিব ।

2024 government holidays
অসম চৰকাৰৰ ২০২৪ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 8:35 PM IST

গুৱাহাটী, ২ নবেম্বৰ: ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে ২০২৪ বৰ্ষৰ বন্ধৰ দিনৰ তালিকা । সেই অনুসৰি বছৰটোৰ মুঠ ৩৬ টা দিন অসম চৰকাৰৰ অধীনৰ সকলো চৰকাৰী কাৰ্যালয়, ৰেভিনিউ আৰু দণ্ডাধীশৰ আদালত বন্ধ থাকিব । তদুপৰি দুটা দিন অৰ্ধ ছুটী হিচাপে ঘোষণা কৰা হৈছে । বন্ধৰ তালিকা অনুসৰি ১৫ আৰু ১৬ জানুৱাৰীত মাঘ বিহু আৰু টুছু পূজা, ২৩ জানুৱাৰীত বাথৌ পূজা আৰু নেতাজীৰ জন্মদিন, ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱস, ৩১ জানুৱাৰীত মে-ডাম-মে-ফি, ২৪ ফেব্ৰুৱাৰীত চিলাৰায় দিৱস, ২৫ মাৰ্চত দৌল যাত্ৰা, ২৯ মাৰ্চত গুড ফ্ৰাইডে', ১১ এপ্ৰিলত ঈদ উল ফিটৰ, ১৩, ১৪ আৰু ১৫ এপ্ৰিলত ব'হাগ বিহু ৷

অসম চৰকাৰৰ ২০২৪ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ

একেদৰে ২০ এপ্ৰিলত সতী সাধিনী দিৱস, ১ মে'ত মে' দিৱস, ৮ মে'ত দামোদৰ দেৱৰ তিথি, ২৩ মে'ত বুদ্ধ পূৰ্ণিমা, ২৪ মে'ত মাধৱ দেৱৰ তিথি, ১৭ জুনত ঈদ উল জুহা, ১৫ আগষ্টত স্বাধীনতা দিৱস, ২৩ আগষ্টত মাধৱদেৱৰ তিৰোভাৱ তিথি, ২৬ আগষ্টত জন্মাষ্টমী, ৪ ছেপ্টেম্বৰত শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি, ১৪ ছেপ্টেম্বৰত কৰম পূজা ৷

অসম চৰকাৰৰ ২০২৪ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ

সেইদৰে ২ অক্টোবৰ গান্ধী জয়ন্তী, ১০, ১১ আৰু ১২ অক্টোবৰত দুৰ্গা পূজা, ১৩ অক্টোবৰত বিজয়া দশমী আৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ, ১৭ অক্টোবৰত কাতি বিহু, ৩১ অক্টোবৰত কালি পূজা আৰু দেৱালী, ৫ নৱেম্বৰত ভাতৃ দ্বিতীয়া, ৭ নৱেম্বৰ চট পূজা, ১৫ নৱেম্বৰ গুৰু নানকৰ জয়ন্তী, ২৪ নৱেম্বৰ লাচিত দিৱস, ২ ডিচেম্বৰ অসম দিৱস আৰু ২৫ ডিচেম্বৰত খ্ৰীষ্টমাছ ।

অসম চৰকাৰৰ ২০২৪ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ

এই দিন কেইটাত চৰকাৰী কাৰ্যালয় সম্পূৰ্ণৰূপে বন্ধ থাকিব । আনহাতে ১৭ জুলাইত মহৰম আৰু ১৬ অক্টোবৰত লক্ষ্মী পূজাৰ বাবে অৰ্ধ ছুটী থাকিব । এই দিনটোত সকলো চৰকাৰী কাৰ্যালয় দিনৰ ১ বজাত বন্ধ হ'ব । ১ এপ্ৰিলত সকলো ৰাষ্ট্ৰীয়কৃত বেংকৰ লেনদেন বন্ধ থাকিব । সেইদৰে প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে সকলো চৰকাৰী কাৰ্যালয় বন্ধ থাকিব । বাকী সকলো শনিবাৰে আন দিনৰ দৰেই খোলা থাকিব ।

ইফালে প্ৰতিগৰাকী চৰকাৰী কৰ্মচৰাৰীয়ে ২ টা দিন সীমাবদ্ধ বন্ধৰ দিন হিচাপে লাভ কৰিব । কামৰূপ মহানগৰ জিলাৰ বাহিৰে প্ৰতিখন জিলাৰ আয়ুক্তই এটা দিন সম্পূৰ্ণকৈ স্থানীয় বন্ধ ঘোষণা কৰিব পাৰিব । কামৰূপ মহানগৰ জিলাত মুখ্যমন্ত্ৰীৰ অধীনৰ সাধাৰণ প্ৰশাসনিক বিভাগৰ অনুমোদন সাপেক্ষে জিলাখনত দুটা দিন অতিৰিক্ত বন্ধ ঘোষণা কৰিব পাৰিব । তদুপৰি বিভাগটোৱে সমগ্ৰ ৰাজ্যতে অতিৰিক্ত দুটা দিন বন্ধ ঘোষণা কৰিব পাৰিব । লক্ষণীয় বহু সময়ত তিথিৰ সাল-সলনিৰ বাবে কেতবোৰ বন্ধৰ দিন পৰৱৰ্তী সময়ত সাল-সলনি কৰা হয় ।

লগতে পঢ়ক:Supreme Court to ECI: ৰাজনৈতিক দলবোৰৰ অনুদানৰ তথ্য; নিৰ্বাচন আয়োগক কঠোৰ নিৰ্দেশ ছুপ্ৰিম কোৰ্টৰ

ABOUT THE AUTHOR

...view details