অসম

assam

ETV Bharat / state

Central Govt Development Fund : কেন্দ্ৰৰ উন্নয়নমূলক পুঁজি ব্যয়ত চৰম ব্যৰ্থতা অসম চৰকাৰৰ

পুঁজিৰ অভাৱত ৰাজ্যৰ উন্নয়ন প্ৰক্ৰিয়া একপ্ৰকাৰ স্থবিৰ হৈ পৰাৰ মাজতে কেন্দ্ৰই দিয়া পুঁজি ব্যয় কৰাত অসমৰ্থ হৈছে অসম চৰকাৰ । ৰাজ্যখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ড'নাৰ মন্ত্ৰালয়ে (Ministry of Development of North Eastern Region, DoNER) বিগত চাৰিটা বছৰত ৩৩ টা প্ৰকল্পৰ বাবদ অনুমোদন জনাইছিল ৮৮০.৮২ কোটি টকা । অসম চৰকাৰে আজিলৈকে তাৰে এটাও প্রকল্প সমাপ্ত কৰিব পৰা নাই । বহুকেইটা প্ৰকল্পৰ ক্ষেত্ৰত ধন ব্যয়ৰ প্ৰমাণ-পত্ৰ দাখিল নকৰাত পৰৱৰ্তী কিস্তিৰ ধন দিয়‍া নাই কেন্দ্ৰীয় চৰকাৰে ।

By

Published : Feb 15, 2023, 3:43 PM IST

Assam govt
Assam govt

গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী :ঋণৰ ওপৰত ঋণ লৈ তৎ নোপোৱা অসম চৰকাৰে কিন্তু ৰাজ্যৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ধন ব্যয় কৰাৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে (Central govt development fund to Assam) । লক্ষণীয় বিষয় যে, পুঁজিৰ অভাৱত ৰাজ্যৰ উন্নয়ন প্ৰক্ৰিয়া একপ্ৰকাৰ স্থবিৰ হৈ পৰিছে । কিন্তু তাৰ মাজতে কেন্দ্ৰই দিয়া পুঁজি ব্যয় কৰাত অসমৰ্থ হৈছে অসম চৰকাৰ । উল্লেখ্য যে, ৰাজ্যখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ড'নাৰ মন্ত্ৰালয়ে বিগত চাৰিটা বছৰত ৩৩ টা প্ৰকল্পৰ বাবদ ৮৮০.৮২ কোটি টকা অনুমোদন জনাইছিল (DoNER ministry priject to Assam) ।

কিন্তু চৰকাৰখনে আজিলৈকে এটাও প্রকল্প সমাপ্ত কৰিব পৰা নাই । আনকি বহুকেইটা প্ৰকল্পৰ ক্ষেত্ৰত ধন ব্যয়ৰ প্ৰমাণ-পত্ৰ দাখিল নকৰাৰ ফলত পৰৱৰ্তী কিস্তিৰ ধন প্ৰদান কৰিব পৰা নাই কেন্দ্ৰীয় চৰকাৰে । প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ এই ব্যর্থতা উদঙাই দি কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰণালয়ে (Ministry of Development of North Eastern Region) প্ৰকাশ কৰা তথ্য অনুসৰি, উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ (NE Special Infrastructure Development Scheme, NESIDS) অধীনত ২০১৮-১৯ বিত্তীয় বৰ্ষৰ পৰা ২০২১-২২ বিত্তীয় বর্ষলৈকে মুঠ ১৪৫ টা প্ৰকল্পৰ অনুমোদন জনোৱা হৈছিল । ইয়াৰে ভিতৰত ৩৩ টা প্ৰকল্প হৈছে অসমৰ ।

কিন্তু ৮৮০.৮২ কোটি টকা ব্যয়সাপেক্ষ এই ৩৩ টা প্ৰকল্পৰ ভিতৰত এটা প্ৰকল্পৰ কামো এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই (Utilization certificate of central govt projects) । তথ্য অনুসৰি, ২০১৮-১৯ বিত্তীয় বৰ্ষত অসমৰ ২০৯.৫৭ কোটি টকাৰ ৫ টা প্রকল্প, ২০১৯-২০ বিত্তীয় বৰ্ষত ৩০০.৩৬ কোটি টকাৰ ১২ টা প্রকল্প, ২০২০-২১ বিত্তীয় বৰ্ষত ৯৭.৪৯ কোটি টকাৰ এটা প্ৰকল্প আৰু ২০২১-২২ বিত্তীয় বৰ্ষত ২৭৩.৪০ কোটি টকাৰ ১৫ টা প্ৰকল্পত ড'নাৰ মন্ত্ৰালয়ে অনুমোদন জনাইছিল । উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত ২০১৮-১৯ বিত্তীয় বৰ্ষত অনুমোদন জনোৱা প্ৰকল্পসমূহৰ ভিতৰত অন্যতম আছিল ৬৭.৭৬ কোটি টকাৰে নিৰ্মাণ কৰিবলগীয়া যোৰহাটৰ ন-আলিৰ অ'ভাৰব্ৰীজখন ।

কিন্তু তিনি লেনযুক্ত এই ৰে'ল অ'ভাব্ৰীজখনৰ কাম আজিলৈকে সমাপ্ত হোৱা নাই । প্ৰকল্পটোৰ বাবদ প্ৰদান কৰা ধনৰ ২৭.১০ কোটি টকাৰহে ব্যাৱহাৰিক প্রমাণ-পত্র লাভ কৰিছে কেন্দ্ৰই । একেদৰে ২০১৮-১৯ বিত্তীয় বৰ্ষত অনুমোদন জনোৱা ২৭.২০ কোটি টকাৰ তিনিচুকীয়া টাউন পানী যোগান প্ৰকল্পৰ ধনৰ ব্যাৱহাৰিক প্রমাণ-পত্ৰ এতিয়াও কেন্দ্রই লাভ কৰা নাই ।

ইফালে কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণি পানী যোগান আঁচনিৰ বাবে অনুমোদিত ২১.৮৮ কোটি টকাৰ ভিতৰত মাত্র ৮.৫১ কোটি টকাৰ, ক'ভিডৰ সময়ত ২৪খন জিলা হাস্পতালৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অনুমোদিত ৯৭.৪৯ কোটি টকাৰ ভিতৰত ৩৮.৬৮ কোটি টকাৰহে ব্যাৱহাৰিক প্ৰমাণ-পত্ৰ কেন্দ্ৰই লাভ কৰিছে ।

লক্ষণীয় বিষয় যে, বহুকেইটা প্রকল্প ক্ষেত্ৰত ধন ব্যয়ৰ প্ৰমাণ-পত্ৰ দাখিল কৰিব নোৱাৰাৰ বাবে সমস্যাৰ সৃষ্টি হৈছে । যাৰ বাবে ধন থকাৰ পাচতো পৰৱৰ্তী কিস্তিৰ ধন মুকলি কৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই । বিষয়টো সন্দৰ্ভত ড’নাৰ মন্ত্ৰণালয়ে যোগাযোগ কৰিছে যদিও বিষয়টোত বিশেষ গুৰুত্ব দিয়া নাই ৰাজ্য চৰকাৰে ।

আনকি বহু সময়ত কেইবাবাৰো পত্ৰ দিয়াৰ পাচতহে ৰাজ্য চৰকাৰখনে প্ৰমাণ-পত্র দাখিল কৰিছে বুলি জানিব পৰা গৈছে । যাৰ ফলত প্ৰকল্পসমূহৰ ৰূপায়ণ ব্যয় দ্রুত গতিত বৃদ্ধি পাবলৈ ধৰিছে । ৰাজ্য চৰকাৰৰ এনে গাফিলতিৰ বাবে কেন্দ্ৰীয় পুঁজিৰ বহুকেইটা উন্নয়নমূলক আঁচনিৰ সুফল লাভৰ পৰা বঞ্চিত হৈছে ৰাজ্যবাসী ।

লগতে পঢ়ক :Debabrat saikia condemend Assam govt : মুখ্যমন্ত্ৰীৰ সমালোচনাত সৰৱ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

ABOUT THE AUTHOR

...view details