গুৱাহাটী, ২৩ ছেপ্টেম্বৰঃ " বৰ্তমান ৰাজ্যিক বিজেপি চৰকাৰ আৰু খিলঞ্জীয়া নেতাই ৬ নং দফা কমিটি আৰু প্ৰতিবেদন লৈ এখন নাটক ৰচিছে- কেৱল খিলঞ্জীয়াক প্ৰবঞ্চনা কৰি আগন্তুক নিৰ্বাচনত ভোট ল'বলৈ । প্ৰতিবেদনত খিলঞ্জীয়াক সুৰক্ষিত কৰিবলৈ দিয়া প্ৰস্তাৱৰ ভিতৰত এনেকুৱা প্ৰস্তাৱ আছে যি প্ৰস্তাৱ কাৰ্যকৰি কৰাৰ ক্ষমতা কেৱল আৰু কেৱল মাত্ৰ ৰাজ্য চৰকাৰ আৰু বিধানসভাৰ, তাত কেন্দ্ৰৰ না কোনো ক্ষমতা আছে না ভূমিকা ।" এই বিস্ফোৰক মন্তব্য উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ ।
হাজৰিকাই বুধবাৰে আৰু কয় - " সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আদিয়ে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন কাৰ্যকৰী কৰা সমস্ত দায়িত্ব ঠেলি দিছে । য'ত নেকি খিলঞ্জীয়াক ভূমি অধিকাৰ প্ৰদান কৰাৰ সম্পূৰ্ণ ক্ষমতা আৰু দায়িত্ব অসম বিধানসভা আৰু ৰাজ্য চৰকাৰৰ । সংবিধান আৰু আইন অনুসৰি এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ আৰু সংসদৰ কোনো ভূমিকা আৰু কৰণীয় নাই । 2020 চনৰ ফেব্ৰুৱাৰীত প্ৰদান কৰা কমিটিৰ প্ৰতিবেদনৰ ৫৭ ৰ পৰা ৫৯ নং পৃষ্ঠাত খিলঞ্জীয়াক ভূমি অধিকাৰ প্ৰদান কৰা প্ৰস্তাৱ কাৰ্যপ্ৰণালীসহ উল্লেখ কৰা হৈছে, য'ত অসম বিধানসভাই প্ৰণয়ন কৰা দুখন আইন সংশোধন কৰি খিলঞ্জীয়াক ভূমি অধিকাৰ প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে । এই আইন হৈছে Assam Land Revenue and Regulations,1886 আৰু Assam Land (Regulation of reclassification and transfer for non-Agricultural purpose) Act 2015 । এই আইন দুখনত খিলঞ্জীয়াৰ বাবে ভূমি সংৰক্ষণ কৰা দফা অন্তৰ্ভুক্ত কৰি অসম বিধানসভাই অসমৰ ভূমি খিলঞ্জীয়াৰ বাবে সুৰক্ষিত কৰিব পাৰে । বৰ্তমান জাতি মাটি ভেটি চৰকাৰৰ ৮৭ জন খিলঞ্জীয়া বিধায়ক আছে যাৰ কেৱল ৬৪ জনে মিলি খিলঞ্জীয়াক ভূমি অধিকাৰ প্ৰদান কৰি সুৰক্ষিত কৰিব পাৰে । সংশোধন কাৰ্যকৰী হলে অসমৰ ভূমি কেৱল খিলঞ্জীয়াইহে কিনা বেচা কৰিব পাৰিব ।
এই বিষয় লৈ ৰাজ্যিক বিজেপিৰ নেতা সকল সম্পূর্ণ অৱগত ।