গুৱাহাটী, ২৯ ডিচেম্বৰ:এতিয়া বনভোজৰ বতৰ ৷ এই বনভোজৰ বতৰত গুৱাহাটী মহানগৰী জিলাৰ অন্তৰ্গত যিকোনো ঠাইত বনভোজ খাবলৈ গ'লে আপুনি এতিয়াৰে পৰা মানি চলিব লাগিব মুঠ ১৭ টা নিৰ্দেশনা (Government instructions for Picnic) । অন্যথা নিশ্চিত বিপদত পৰিব আপুনি । কামৰূপ মহানগৰ জিলা প্ৰশাসনে বৃহস্পতিবাৰে বনভোজ দল সমূহলৈ জাৰি কৰিছে এই নিৰ্দেশনা । জিলাখনৰ পৰিৱেশ সংৰক্ষণ আৰু মানুহৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য কৰি জাৰি কৰা হৈছে এই এছ অ' পি ৷ সকলোৰে বাবে এই এছ অ’ পি মানি চলাটো বাধ্যতামূলক কৰিছে প্ৰশাসনে । ২৬ ডিচেম্বৰত জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা জাৰি কৰা এই অছ অ' পিত বনভোজলৈ যোৱা লোকসকলৰ বাবে মুঠ ১৭ টা নিৰ্দেশনা জাৰি কৰা হৈছে (18 rules for picnic teams) । সেইসমূহ হৈছে-
২। বনভোজ দলসমূহে নিৰ্ধাৰিত বনভোজ ক্ষেত্ৰৰ ভিতৰত অ-জৈৱ-পচনশীল সামগ্ৰী আৰু অন্যান্য আৱৰ্জনা বিশেষকৈ, থাৰ্ম'কল আৰু এবাৰ ব্যৱহাৰযুক্ত প্লাষ্টিক নিষ্কাশন কৰিব লাগিব । বনভোজৰ পিছত, তেওঁলোকে ব্যৱহাৰ কৰা স্থান পৰিষ্কাৰ কৰা আৰু নিৰ্ধাৰিত এলেকাবোৰত আৱৰ্জনা চাফা কৰি থৈ আহিব লাগিব । স্থান পৰিষ্কাৰ নকৰাকৈ এৰি যোৱা যিকোনো পক্ষক জৰিমনা বিহা হ'ব ।
৩। জলসম্পদ প্ৰদূষিত কৰা, বাচন বা কাপোৰ ধোৱা ঠাইত গা ধোৱা, বনভোজৰ খালী ঠাইৰ ভিতৰ অথবা জলাশয়, জুৰি আদিৰ কাষত শৌচালয় নিৰ্মাণ আদি কঠোৰভাৱে নিষিদ্ধ । হাত কেৱল নিৰ্ধাৰিত ৱাছিং এলেকাতহে ধুব পাৰিব ।
৪৷ বনভোজৰ ক্ষেত্ৰত আন যিকোনো ধৰণৰ বেআইনী ক্ৰীড়া, জুৱা খেলাটো নিষিদ্ধ ।
৫। বনভোজস্থলীৰ ভিতৰত জলাশয়বোৰত মাছ ধৰা, নাও চলোৱা, সাঁতোৰা বা আন যিকোনো জল ক্ৰীড়া নিষিদ্ধ । অৱশ্যে সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা বিশেষভাৱে অনুমতি লাভ কৰিলে জল ক্ৰীড়াত অংশ ল'ব পাৰিব ।
৬৷ উচ্চ স্বৰৰ সংগীত বজোৱা, উচ্চ শব্দৰ বাদ্যযন্ত্ৰ বজোৱা নিষিদ্ধ । বিশেষকৈ পক্ষী অভয়াৰণ্যৰ ওচৰত এই কাৰ্য কৰিব নোৱাৰিব । অন্যথা বিধি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
৭৷ দীপৰ বিলৰ শান্তিৰ প্ৰতি ভাবুকি সৃষ্টি কৰা যিকোনো কাৰ্যকলাপ কঠোৰভাৱে নিষিদ্ধ ৷
৮। বনভোজ স্থলীৰ ভিতৰত চিহ্ন, পোষ্টাৰ, বিল্ডিং বা অন্যান্য সম্পত্তি ধ্বংস বা বিকৃত কৰা নিষিদ্ধ ।
৯। গাত খন্দা, গছ কটা, ঘাঁহ ধ্বংস কৰা আদি কাৰ্য নিষিদ্ধ ।