গুৱাহাটী, ৯আগষ্ট: ঋণ-ধাৰ কৰি হ'লেও ঘি-মৌ খাব লাগে । নিজে উল্লেখ কৰা এই কথাকে আখৰে আখৰে পালন কৰি আহিছে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে । ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়ণৰ বিপৰীতে এখনৰ পাছত আনখনকৈ হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰিবলৈ গৈ এতিয়া প্রতি মাহেই ঋণ ল'বলৈ বাধ্য হৈছে । আনকি ঋণ লোৱাৰ ক্ষেত্ৰত একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে চৰকাৰখনে । ফলত ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ঋণৰ বোজা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে । চলিত আগষ্ট মাহতে ৰিজাৰ্ভ বেংকৰ(Reserve Bank of India) জৰিয়তে এতিয়ালৈকে অসম চৰকাৰে ১৬০০ কোটি টকাৰ ঋণ লৈছে ।ইয়াৰে ২ আগষ্টত ৮০০ কোটি টকাৰ আৰু সোমবাৰে ৮০০ কোটি টকাৰ ঋণ ৰাজ্য চৰকাৰে লৈছে ।
ৰাজ্যবাসীৰ ওপৰত সহিব নোৱাৰা ঋণৰ বোজা জাপি দিছে চৰকাৰে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত মাৰ্চলৈকে অসম চৰকাৰে লোৱা ঋণৰ পৰিমাণ আছিল ১,০৭,৭১৯.৫ কোটি টকা । আনহাতে,মাৰ্চৰ পাছত জুনত ২হেজাৰ কোটি আৰু জুলাইত ২হেজাৰ কোটি টকা ঋণ লোৱা চৰকাৰখনে চলিত মাহতো এতিয়ালৈকে ১৬০০ কোটি টকাৰ ঋণ লৈছে । সেই হিচাপত আজিৰ তাৰিখত অসমৰ ঋণৰ পৰিমাণ বৃদ্ধি পাই হৈছেগৈ ১ লাখ ১৩ হাজাৰ ৩১৯ কোটি টকা । আনহাতে,চলিত বিত্তীয় বৰ্ষত চৰকাৰখনে প্রায় ১৭,০০০ কোটি টকাৰ ঋণ লোৱাৰ সম্ভাৱনা আছে ।
ৰাজ্যবাসীৰ ওপৰত সহিব নোৱাৰা ঋণৰ বোজা জাপি দিছে চৰকাৰে উল্লেখ্য় যে পূৰ্বৰ তৰুণ গগৈ চৰকাৰে ঋণৰ বোজা থৈ গৈছিল প্ৰায় ৩৫,৬৯০ কোটি টকা । সৰ্বানন্দ সোণোৱাল(Ex CM Sarbananda Sonowal)চৰকাৰৰ দিনত ২০১৯-২০ বিত্তীয় বৰ্ষত এই ঋণৰ পৰিমাণ বৃদ্ধি পাই হৈছিল ৭৩,৫২৭.৮ কোটি টকা । কিন্তু ২০২০-২১ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰখনে ১৭,২৩৭.১কোটি টকা ঋণ লোৱাৰ এই পৰিমাণ হয়গৈ ৯০,৭৬৪.৯ কোটি টকা । আনহাতে,ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ লৈ ড৹হিমন্ত বিশ্ব শৰ্মায়ো (Assam CM Dr Himanta Biswa Sarma)ঋণ লোৱাৰ ধাৰা অব্যাহত ৰাখি বিগত বৰ্ষত ১৬,৯৫৪.৬ কোটি টকা ঋণ লোৱাত ২০২১-২২বিত্তীয় বৰ্ষৰ মাৰ্চলৈকে অসমে লোৱা ঋণৰ পৰিমাণ বৃদ্ধি পাই হয়গৈ ১,০৭,৭১৯.৫ কোটি টকা । এতিয়া সেই পৰিমাণ ১,১৩,৩১৯ কোটি টকালৈ বৃদ্ধি পাইছে । ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে বিজেপি চৰকাৰৰ দিনত ঋণৰ বোজা কিদৰে বৃদ্ধি পাইছে ।
ইফালে, এই বৃহৎ পৰিমাণৰ ঋণ লোৱাৰ বাবে প্ৰতি বছৰে ৰাজকোষৰ পৰা সূদৰ নামতো ওলাই গৈছে হাজাৰ হাজাৰ কোটি টকা । উল্লেখ যে ৰাজ্যৰ আৰ্থিক পৰিস্থিতিৰ কথা ওলালেই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আৰ্থিক অৱস্থা উন্নত বুলি কয় । অৱশ্যে ৰাজ্যৰ আৰ্থিক অৱস্থা যদি ভালেই তেনেহ'লে চৰকাৰখনে প্ৰতি মাহে কিয় কোটি কোটি টকাৰ ঋণ ল’ব লগীয়া হৈছে সেয়া এক প্ৰশ্নৰ বিষয় হৈ পৰিছে । আনহাতে, চৰকাৰখনে লোৱা এই ঋণৰ ফলত যে ৰাজ্যখনৰ সামগ্ৰিকভাৱে উন্নয়ন হৈছে তেনে নহয় । কিয়নো হিতাধিকাৰী সৃষ্টি কৰা আঁচনি ৰূপায়ণতহে চৰকাৰখনে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে । ঋণ লৈ হ'লেও চৰকাৰখনে ৰূপায়ণ কৰি আছে হিতাধিকাৰী সৃষ্টিকাৰী আঁচনিসমূহ । লক্ষণীয় বিষয় যে চৰকাৰখনৰ এনে স্থিতিৰ বাবে ৰাজ্যখনে ক্ৰমবৰ্ধিত ঋণৰ বোজা বহন কৰিবলগীয়া হৈছে ।
লগতে পঢ়ক:Sivasagar Municipal Board: এফালে ধাৰৰ বোজা, আনফালে দিনে-ৰাতিয়ে সমানে লাইট জ্বলাইছে শিৱসাগৰ পৌৰ সভাই