অসম

assam

ETV Bharat / state

বাজেটত গুৱাহাটীৰ প্ৰকৃত উন্নয়নৰ ছবি প্ৰতিফলনত ব্যৰ্থ চৰকাৰ - গুৱাহাটীৰ উন্নয়নৰ বাবে কেতবোৰ আঁচনি আৰু পৰিকল্পনা ঘোষণা

বিত্ত মন্ত্ৰী অজন্তা নেওগে বুধবাৰে বিধানসভাত দাখিল কৰা ২০২২-২৩ বৰ্ষৰ বাজেটত (Finance Minister Ajanta Neog submits financial budget) গুৱাহাটীৰ উন্নয়নৰ বাবে কেতবোৰ আঁচনি আৰু পৰিকল্পনা ঘোষণা কৰিছে । ইয়াৰে কেতবোৰ আঁচনি আৰু পৰিকল্পনা পুৰণি । মনকৰিবলগীয়া যে পূৰ্বৰ বাজেটত গুৱাহাটীৰ উন্নয়নৰ বাবে ঘোষণা কৰা বহু আঁচনি আৰু পৰিকল্পনাৰ অগ্ৰগতি সন্দৰ্ভত কোনো আলোচনা এইবাৰ বাজেটত দেখা নগ'ল ।

Finance Minister
বাজেটত গুৱাহাটীৰ প্ৰকৃত উন্নয়নৰ ছবি প্ৰতিফলনত ব্যৰ্থ চৰকাৰ

By

Published : Mar 18, 2022, 4:15 PM IST

গুৱাহাটী, ১৮ মাৰ্চ :বিত্ত মন্ত্ৰী অজন্তা নেওগে বুধবাৰে বিধানসভাত দাখিল কৰা ২০২২-২৩ বৰ্ষৰ বাজেটত (Finance Minister Ajanta Neog submits financial budget) গুৱাহাটীৰ উন্নয়নৰ বাবে কেতবোৰ আঁচনি আৰু পৰিকল্পনা ঘোষণা কৰিছে । ইয়াৰে কেতবোৰ আঁচনি আৰু পৰিকল্পনা পুৰণি । মনকৰিবলগীয়া যে পূৰ্বৰ বাজেটত গুৱাহাটীৰ উন্নয়নৰ বাবে ঘোষণা কৰা বহু আঁচনি আৰু পৰিকল্পনাৰ অগ্ৰগতিৰ সন্দৰ্ভত কোনো আলোচনা এইবাৰ বাজেটত দেখা নগ'ল ।

পুনৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে ২০২২-২৩ বৰ্ষৰ বাজেটতো গুৱাহাটীৰ উন্নয়নৰ বাবে কেতবোৰ আঁচনি আৰু পৰিকল্পনা ঘোষণা কৰিছে যদিও খোৱাপানীকে ধৰি জাৱৰ পেলোৱা স্থানৰ সমস্যা আদি গুৱাহাটীৰ কেতবোৰ মৌলিক সমস্যাৰ লগতে ঐতিহ্য সংৰক্ষণ আৰু দীপৰ বিল, বৰচলা বিল আদিৰ সংৰক্ষণৰ কোনো কথা বাজেটত আলোচনা কৰা নাই । বাজেটত চলিত বিত্তীয় বৰ্ষত চৰকাৰে বৃহত্ত্বৰ গুৱাহাটীক সেউজীকৰণ কৰাৰ বাবে তিনি বছৰীয়া এক মাষ্টাৰ প্লেন (Master Plan) যুগুত কৰাৰ কথা উল্লেখ কৰিছে (Three year master plan to greenize Guwahati city)। গুৱাহাটীৰ পাহাৰ আৰু বনাঞ্চলসমূহক বেদখলকাৰীৰ কৱলৰ পৰা মুক্ত কৰাৰ বাবেও পদক্ষেপ গ্রহণ কৰা হৈছে বুলি বিত্ত মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে ।

উল্লেখ্য যে ২০১৩ চনতে বশিষ্ঠৰ ওচৰৰ গড়ভঙা পাহাৰত থকা এলেকাত চৰকাৰে পাহাৰ সংৰক্ষণৰ বাবে কৰা পাইলট প্ৰজেক্টটো আজিও আধৰুৱা হৈ আছে । এই সম্পৰ্কে বাজেটত কোনো আলোচনা কৰা নাই । আজিলৈকে চৰকাৰৰ হাতত গুৱাহাটীৰ পাহাৰত বসবাস কৰা জনসংখ্যাৰ সঠিক হিচাপ মজুত নাই ।

২০১৩ চনতে চৰকাৰৰ দ্বাৰা চিহ্নিত গুৱাহাটীৰ পাহাৰৰ ৩৬৫ টা ভূমিস্খলন প্ৰৱণ এলেকাৰ সুৰক্ষাৰ বাবে চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ কোনো কথা বাজেট উল্লেখ নাই । দীপৰ বিলৰ সংৰক্ষণৰ কথাও বাজেটত স্থান নাপালে । উল্লেখ্য যে দীপৰ বিলৰ পাৰ্শ্বৱৰ্তী পশ্চিম বৰাগাঁৱত মহানগৰীৰ সকলো আৱৰ্জনা পেলোৱাৰ পূৰ্বৰ স্থানত আৱৰ্জনা পেলোৱা কাৰ্য বন্ধ হ’ল যদিও তাৰ পৰিৱৰ্তে দীপৰ বিলৰ সমীপতে থকা বেলৰআলিত গুৱাহাটী পৌৰ নিগমে পুনৰ মহানগৰীৰ সমস্ত পেলনীয়া আৱৰ্জনা পেলাবলৈ আৰম্ভ কৰিছে ৷ যাৰ ফলত অঞ্চলটোৰ বিস্তীৰ্ণ অঞ্চল পুনৰ প্ৰদূষিত হ’বলৈ আৰম্ভ কৰিছে ।

লগতে ওচৰতে থকা পামহী নদী আৰু ৰামছাৰ আদি স্থান পুনৰ ভয়ংকৰভাৱে প্ৰদূষণৰ কবলত পাৰিছে । এই বিষয়টো বাজেটত এৰি চলা দেখা গৈছে । চৰকাৰী তথ্য মতে মহানগৰীৰ ৭০ শতাংশ মানুহে চৰকাৰী খোৱা পানী আঁচনিৰ পৰা বঞ্চিত । মহানগৰীত দৈনিক ২৫৬.৪৬ নিযুত লিটাৰ খোৱাপানীৰ নাটনি হৈ আছে ।

ইপিনে চৰম অনিশ্চয়তাৰে চলি আছে গুৱাহাটীৰ পানী যোগান প্ৰকল্পৰ (Guwahati water supply project) কাম । গুৱাহাটীবাসীক ২৪ ঘণ্টাই খোৱাপানী যোগান ধৰাৰ বাবে যোৱা ৮-৯ বছৰ ধৰি চলি থকা চাৰিটা পানী যোগান প্ৰকল্পৰ কাম চৰম দুৰ্নীতি আৰু অনিয়মৰ বাবে এটাও প্ৰকল্প সম্পূৰ্ণ হোৱা নাই । এই বিষয়ে বাজেটত কোনো কথা আলোচনা কৰা নাই ।

বাজেটত মুখ্যমন্ত্রী সৌৰশক্তি প্রকল্প’ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে । কিন্তু ইপিনে গুৱাহাটী পৌৰ নিগমৰ ফাইলত যোৱা ৯ বছৰে পৰি থকা গুৱাহাটী সৌৰ শক্তি প্ৰকল্পৰ বিষয়ে বাজেটত আলোচনা কৰা নাই । গুৱাহাটীৰ দুশৰো অধিক বস্তি অঞ্চলৰ উন্নয়নৰ বিষয়ে বাজেটত কোনো স্থান নাপালে ।

উল্লেখ্য যে বাজেটত উল্লেখ কৰা মতে গুৱাহাটী মহানগৰীত ১০০ খন অতিৰিক্ত চি এন জি বাছৰ লগতে স্মার্ট চিটি প্রকল্পৰ অধীনত প্রায় ২৫০ কোটি টকা ব্যয়েৰে ২০০ খন বৈদ্যুতিক বাহনৰ চলাচল আৰম্ভ কৰিবলৈ লৈছে । আকৌ মহানগৰ-অমৃত-গুৱাহাটী সংহত গােলকীয় মহানগৰেৰে পৰিচিত কৰাৰ প্ৰস্তাৱ কৰা হৈছে । প্রস্তাৱিত অমৃত GiG মহানগৰখন ১,০০০ একৰ ভূমিত সম্পূৰ্ণৰূপে পৰিকল্পিতভাৱে গঢ়ি তােলা হ'ব ।

বিশ্ববিখ্যাত পৰামৰ্শকাৰীসকলৰ ওপৰত মাষ্টাৰ প্লেনখন যুগুত কৰাৰ দায়িত্ব অর্পণ কৰা হৈছে । ২০৩০ বৰ্ষৰ ভিতৰত পর্যায়-I, ২০৩৫ বৰ্ষৰ ভিতৰত পর্যায়-II সম্পূর্ণ কৰাৰ প্ৰস্তাৱ লােৱা হৈছে । কিন্তু বাজেটত ছয়-সাত বছৰ পূৰ্বে গ্ৰহণ কৰা গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত গ্ৰহণ কৰা দীপৰ বিল, সৰুচলা বিল, বৰচলা বিল, ভৰলু নদীৰ সংৰক্ষণ আৰু উন্নয়ন কৰা, গুৱাহাটীত স্মাৰ্ট বাছ আস্থান নিৰ্মাণ কৰা, গুৱাহাটীৰ ৰাজহুৱা স্থানত চি চি টি ভি স্থাপন কৰা আদি প্ৰকল্পবোৰৰ কি হ'ল সেই বিষয়ে বাজেটত কোনো উল্লেখ নাই ।

উল্লেখ্য যে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীক কেন্দ্ৰ কৰি 'Assam State Capital Region Development Authority' গঠনৰ প্ৰস্তাৱৰ অগ্ৰগতিৰ বাজেটত কোনো উল্লেখ নাই । ইপিনে চৰকাৰে যোৱা এক দশকজুৰি গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰ উন্নয়নৰ বিষয়টো বাজেটত উল্লেখ নাই । বিত্ত মন্ত্ৰী গৰাকীয়ে বাজেটত গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত ৫০০০ দর্শক বহিব পৰা এটা প্রেক্ষাগৃহ নির্মাণৰ সম্ভাৱনীয়তা পৰীক্ষা কৰি আছে বুলি উল্লেখ কৰিছে ।

কিন্তু চৰম অৱহেলিত হৈ থকা গুৱাহাটীৰ অন্যতম ঐতিহাসিক স্মৃতি চিহ্ন নৰ্থ ব্ৰুক গেটক সংৰক্ষণ কৰাৰ কোনো কথা বাজেটত উল্লেখ নাই । ইয়াৰ পৰা দেখা যায় যে চৰকাৰৰ যে প্ৰকৃতাৰ্থত গুৱাহাটীৰ উন্নয়নৰ কোনো চিন্তা তথা সদিচ্ছা নাই সেয়া এইখন বাজেটত সম্পূৰ্ণভাবে প্ৰতিফলিত হৈছে ।

লগতে পঢ়ক :মহানগৰীত জল নিষ্কাষণ তথা বৰিঙৰ নিষেধাজ্ঞা উঠাই ল’লে জিলা উপায়ুক্তই

ABOUT THE AUTHOR

...view details