অসম

assam

ETV Bharat / state

ম’বাইল চুৰি কৰি আৰক্ষীৰ জালত চৰকাৰী বিষয়া - চৰকাৰী বিষয়া

পাঞ্জাবাৰীৰ বাঘৰবৰীৰ "য়াচ জ’ছ" নামৰ এখন কাপোৰৰ বিপনীত কাপোৰ ক্ৰয় কৰিবলৈ আহিছিল আলী আশ্ৰফ নামৰ লোকজন । কাপোৰ চোৱাৰ চলেৰে চৰকাৰী বিষয়াজনে দোকানৰ গৰাকীৰ এটা দামী ম’বাইল কৌশলেৰে চুৰি কৰি আঁতৰি যায় ।

government employee arrested on accused of mobile theft
government employee arrested on accused of mobile theft

By

Published : Oct 20, 2020, 9:39 PM IST

গুৱাহাটী, 20 অক্টোবৰ : গুৱাহাটী মহানগৰীত আধ্যৱন্ত চোৰ ৷ অভাৱত পৰি নহয়, স্বভাৱগতভাৱেই এইজন লোকৰ স্বভাৱ নষ্ট ৷ দোকানৰ পৰা মোবাইল চুৰি কৰি আৰক্ষীৰ জালত চৰকাৰী বিষয়া ৷ আৰক্ষীৰ জালত পৰা লোকজন ৰাজ্য চৰকাৰৰ নগৰ পৰিকল্পনা বিভাগৰ এজন উপসঞ্চালক।

ম’বাইল চুৰি কৰি আৰক্ষীৰ জালত চৰকাৰী বিষয়া

উল্লেখ্য যে, পাঞ্জাবাৰীৰ বাঘৰবৰীৰ "য়াচ জ’ছ" নামৰ এখন কাপোৰৰ বিপনীত কাপোৰ ক্ৰয় কৰিবলৈ আহিছিল আলী আশ্ৰফ নামৰ লোকজন । কাপোৰ চোৱাৰ চলেৰে চৰকাৰী বিষয়াজনে দোকানৰ গৰাকীৰ এটা দামী ম’বাইল কৌশলেৰে চুৰি কৰি আঁতৰি যায় । পিছত কাপোৰৰ দোকানৰ গৰাকীয়ে দোকানত সংযোজিত চি চি কেমেৰাৰ ফুটেজ চাই ম’বাইল ফোনটো আলী আশ্রফে চুৰি কৰি নিয়াতো ধৰা পেলায় ।

ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে সাতগাঁও থানাত এখন এজাহাৰ দাখিল কৰিছে । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ছয়মাইলৰ দাৰান্ধাৰ পৰা গ্ৰেপ্তাৰ কৰে বিষয়াজনক ৷ দামী ম’বাইল দেখি লোভ কৰি এতিয়া নিজৰ নাকতেই ক’লা ছাঁই সানিব লগা হ’ল এইজন বিষয়াই ৷

লগতে পঢ়ক :লুইতৰ বুকুত জাহ যোৱাৰ দিশে বহৰি সত্ৰ

ABOUT THE AUTHOR

...view details