অসম

assam

কোভিড 19 ৰ চিকিৎসাঃ কি সিদ্ধান্ত হৈছিল ব্যক্তিগত চিকিৎসালয় আৰু চৰকাৰৰ আলোচনাত !

By

Published : Jul 9, 2020, 4:51 PM IST

গুৱাহাটীৰ কেইবাখনো ব্যক্তিগত চিকিৎসালয়ৰ মালিকপক্ষৰ সৈতে ২ জুলাইত দিছপুৰৰ জনতা ভৱনত স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হৈছিল এক বৈঠক, যিখন বৈঠকত ব্যক্তিগত চিকিৎসালয়ত কোভিড 19 ৰ চিকিৎসা আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু ইয়াৰ বাবে কেতবোৰ নীতি-নিয়ম চূড়ান্ত কৰা হৈছিল ।

government empliment private covid treatment guwahati kamrup metro assam etv bharat news
ব্যক্তিগত চিকিৎসালয়ত কোভিড 19 ৰ চিকিৎসা আৰম্ভ

গুৱাহাটী,9 জুলাই: গুৱাহাটী মহানগৰীৰ বহুকেইখন আগশাৰীৰ ব্যক্তিগত চিকিৎসালয়ত ইতিমধ্যে আৰম্ভ হৈছে কোভিড 19 ৰ চিকিৎসা । ৰাজধানী চহৰখনত দ্ৰুতগতিত সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে কেইবাখনো বে-চৰকাৰী চিকিৎসালয়ত কোভিড 19 ৰ চিকিৎসা আৰম্ভ কৰা হৈছে ৷ এই প্ৰসংগত ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ মালিকপক্ষৰ মাজত ইতিমধ্যে এক আলোচনা হৈ যায় । কিন্তু মন কৰিবলগীয়া কথাটো হ’ল-ব্যক্তিগত চিকিৎসালয়ত কোভিড 19 ৰ চিকিৎসা সম্ভৱ হ’ব মাথোন আৰ্থিকভাৱে স্বচ্ছল লোকসকলৰ বাবেহে । কিয়নো, ব্যক্তিগত চিকিৎসালয়ত কোভিড 19 ৰ চিকিৎসা গ্ৰহণ কৰাটো কিমান ব্যয়বহুল সেয়া বিতং তথ্য সহকাৰে বুধবাৰে প্ৰকাশ হৈছে সংবাদ মাধ্যমত ।

ব্যক্তিগত চিকিৎসালয়ত কোভিড 19 ৰ চিকিৎসা আৰম্ভ

চিকিৎসালয়ৰ সাধাৰণ ৱাৰ্ডত ভৰ্তি হৈ যিকোনো এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিলেও প্ৰতিদিনে একোজন লোকৰ ব্যয় হ’ব 7000-9000 হাজাৰ টকা । অন্যথা কেবিনত ভৰ্তি হৈ চিকিৎসা ল’লে প্ৰতিদিনে ব্যয় হ’ব 13000-15000 টকা ৷ তদুপৰি এইক্ষেত্ৰত সুকীয়া হ’ব দৰৱৰ খৰচ ৷ গতিকে সহজেই অনুমেয় ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰোৱাটো এগৰাকী ব্যক্তিৰ বাবে কিমান ব্যয়বহুল হ'ব পাৰে । ইতিমধ্যে মুম্বাইত বহুকেইখন ব্যক্তিগত চিকিৎসালয়ে কোভিড-19 ৰ চিকিৎসাৰ নামত একোজন লোকৰ পৰা আদায় কৰিছে প্ৰায় 25 লাখ পৰ্যন্ত টকা ৷ এই তথ্যও পূৰ্বে সংবাদ মাধ্যমত প্ৰকাশ পাইছে ।

চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ

উল্লেখ্য যে, গুৱাহাটীৰ কেইবাখনো ব্যক্তিগত চিকিৎসালয়ৰ মালিকপক্ষৰ সৈতে ২ জুলাইত দিছপুৰৰ জনতা ভৱনত স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হৈছিল এক বৈঠক, যিখন বৈঠকত ব্যক্তিগত চিকিৎসালয়ত কোভিড 19 ৰ চিকিৎসা আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু ইয়াৰ বাবে কেতবোৰ নীতি-নিয়ম চূড়ান্ত কৰা হৈছিল ।

চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ

উক্ত বৈঠকৰ সিদ্ধান্ত অনুসৰি, ব্যক্তিগত চিকিৎসালয়ত কোভিড 19 ৰ চিকিৎসা গ্ৰহণ কৰিলে ৰোগীয়ে নিজে ইয়াৰ ব্যয় বহন কৰিব লাগিব । কিন্তু সেই ব্যয় কি ধৰণে আৰু কিমান হ’ব সেয়া বৈঠকত নিৰ্ধাৰণ নোহোৱাত ব্যক্তিগত চিকিৎসালয়সমূহে নিজ ইচ্ছা মতে ইয়াক নিৰ্ধাৰণ কৰিছে । যি নিৰিখ পূৰ্বৰ বাতৰিত ইতিমধ্যে প্ৰকাশ পাইছে । ৰাজ্য চৰকাৰে চিকিৎসালয়ৰ খৰচৰ বিষয়টো সম্পূৰ্ণকৈ মালিকপক্ষলৈ ঠেলি দিয়াৰ বাবে এনে আকাশলংঘী নিৰিখ চূড়ান্ত কৰাটো সম্ভৱ হৈ উঠিছে যাৰ ফলত বিত্তবান লোকৰ বাহিৰে আন কোনেও ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিব নোৱাৰিব ।

চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ

আনহাতে, বিগত ২ জুলাইৰ বৈঠকৰ সিদ্ধান্তৰ ওপৰত ভিত্তি কৰিয়ে ৭ জুলাইত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাই এক নতুন নিৰ্দেশনা জাৰি কৰিছে । য’ত কোৱা হৈছে যে, ব্যক্তিগত চিকিৎসালয়সমূহে নতুন কোভিড 19 ৰোগী ভৰ্তি কৰাৰ লগে লগে সেই ৰোগীৰ বিতং তথ্যসহ স্বাস্থ্য শিক্ষা সঞ্চালকক জনাব লাগিব । আনহাতে কোনো কোভিড 19 ৰোগীক চিকিৎসাৰ অন্তত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য বিভাগে গঠন কৰি দিয়া "ষ্টেট ডিচছাৰ্জ ব'ৰ্ড" ৰ অনুমতি বাধ্যতামূলক কৰা হৈছে । সেই অনুমতি অবিহনে কোনো ৰোগীকে চিকিৎসাৰ অন্তত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া নহ’ব ৷

ব্যক্তিগত চিকিৎসালয়ত কোভিড 19 ৰ চিকিৎসা আৰম্ভ

লগতে চাওকঃবাঘজান দুৰ্ঘটনাত মৃত্যু হোৱা দুই কৰ্মচাৰীৰ পৰিয়ালক অইলত চাকৰি

ABOUT THE AUTHOR

...view details