অসম

assam

ETV Bharat / state

ডিমা হাছাওলৈ ৰাজ্য চৰকাৰৰ ৫০ কোটিৰ পেকেজ - হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকত

বান আৰু ভূমিস্খলনত ক্ষতিগ্রস্ত ডিমা হাছাওলৈ ৰাজ্য চৰকাৰৰ ৫০ কোটিৰ পেকেজ ঘোষণা কৰিছ । লগতে গৃহ নিৰ্মাণৰ বাবে ক্ষতিগ্রস্ত প্ৰতিটো পৰিয়াললৈ ২ লাখ টকাৰ সাহায্যৰ ঘোষণা

ডিমা হাছাওলৈ ৰাজ্য চৰকাৰৰ ৫০ কোটিৰ পেকেজ
ডিমা হাছাওলৈ ৰাজ্য চৰকাৰৰ ৫০ কোটিৰ পেকেজ

By

Published : May 30, 2022, 9:51 PM IST

গুৱাহাটী, 30 মে': বান-ভূমিস্খলনত বিধ্বস্ত ডিমা হাছাওত বিভিন্ন খণ্ডৰ পুনৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে জৰুৰীভাৱে 50 কোটি টকাৰ পেকেজ আগবঢ়াইছে । সোমবাৰে বিয়লি মুখ্যমন্ত্ৰীৰ সভাকক্ষত বান-ভূমিস্খলনত বিধ্বস্ত ডিমা হাছাওৰ পুনৰ নিৰ্মাণ বিষয়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

ডিমা হাছাওলৈ ৰাজ্য চৰকাৰৰ ৫০ কোটিৰ পেকেজ

বৈঠকত মুখ্যমন্ত্ৰীয়ে এই পেকেজৰ ধন পুনৰ নিৰ্মাণ কাৰ্যৰ লগতে জৰুৰী ৰূপায়ণতো বিশেষভাবে গুৰুত্ব আৰোপ কৰে । এই পেকেজৰ অধীনত বান-ভূমিস্খলনত ক্ষতিগ্ৰস্ত গুৰুত্বপূৰ্ণ পথসমূহৰ তৎকালীন নিৰ্মাণৰ বাবে 30 কোটি টকা আগবঢ়োৱা হৈছে ।

তদুপৰি বান-ভূমিস্খলনত ক্ষতিগ্ৰস্ত 590 টা পৰিয়ালৰ প্ৰত্যেকলৈ গৃহ নিৰ্মাণৰ বাবে 2 লাখ টকাকৈ আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে । এই শিতানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ মুঠ 11.80 কোটি টকা আবণ্টনৰ ব্যৱস্থা কৰা হৈছে । এই পেকেজৰ 23 কোটি টকা এছ ডি আৰ এফ শিতানৰ পৰা আগবঢ়োৱাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ পুঁজিৰ পৰা 27 কোটি টকা প্ৰদান কৰা হ’ব ।

লগতে পঢ়ক:UPSC পৰীক্ষাত শীৰ্ষ স্থান প্ৰাপ্ত শ্ৰুতি শৰ্মাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details