অসম

assam

ETV Bharat / state

গোশালাত ডকাইতি কাণ্ডঃ মহিলাৰ হাতৰ পৰা কাঢ়ি নিলে 50 হাজাৰ টকা - গুৱাহাটী মালিগাঁও ডকাইতি কাণ্ড

নগদ 50 হাজাৰ টকাসহ মহিলাৰ পৰা কাঢ়ি নিলে বেগ ৷ তিনিদিনৰ ব্যৱধানত একে স্থানতে সংঘটিত হ'ল দুটা অনুৰূপ ঘটনা ৷

গোশালাত ডকাইতি কাণ্ড

By

Published : Oct 23, 2019, 3:23 PM IST

গুৱাহাটী, 23 অক্টোবৰঃ তিনিদিনৰ ব্যৱধানত দ্বিতীয়টো ধন লুটৰ ঘটনা মহানগৰীৰ মালিগাঁৱত ৷ মালিগাঁৱৰ গোশালাত সংঘটিত হ'ল ডকাইটি কাণ্ড ৷ বাইকত অহা দুই দুৰ্বৃত্তই এগৰাকী মহিলাৰ পৰা কাঢ়ি লৈ গ'ল টকাৰ বেগ ৷

ঘটনা অনসৰি গোটানগৰৰ শ্ৰীপৰ্ণা নামৰ মহিলাগৰাকীয়ে এ টি এমৰ পৰা টকা উলিয়াই শাক-পাচলি ক্ৰয় কৰিবলৈ ৰিক্সাৰ পৰা নামিছিল ৷ পাচলি ক্ৰয় কৰি টকা দিবলৈ লওতেই বাইকত অহা দুই দুৰ্বৃত্তই মহিলাগৰাকীৰ পৰা টকাৰ বেগটো থপিয়াই লৈ যায় ৷ বেগটোত 50 হাজাৰ নগদ ধনসহ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ আছিল বুলি জানিবলৈ দিছে মহিলাগৰাকীয়ে ৷

গোশালাত ডকাইতি কাণ্ড

উল্লেখ্য যে, মহানগীৰৰ উক্ত স্থানত প্ৰায়েই সংঘটিত হৈ আহিছে এনেধৰণৰ অপৰাধজনিত ঘটনা ৷ দুদিন পূৰ্ৱেও উক্ত স্থানতেই সংঘটিত হৈছিল অনুৰূপ ঘটনা ৷ কিন্তু ইমানৰ পাছতো উক্ত স্থানত অপৰাধ নিয়ন্ত্ৰণৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰা নাই আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details