গুৱাহাটী,30 মাৰ্চঃ সংখ্যালঘু জনতাক ভুৱা টোপ দিয়াৰ অভিযোগত শনিবাৰে দিশপুৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে বিজেপিৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালৰ বিৰুদ্ধে ৷
মমিনুল আৱালৰ বিৰুদ্ধে দিশপুৰ থানাত এজাহাৰ চৰকাৰী অনুমোদন অবিহনেই গাড়ী, কম্পিউটাৰ, চিলাই মেচিন দিয়াৰ বিজ্ঞাপন বিজেপিৰ সংখ্যালঘু কোষৰ ।
মমিনুল আৱালৰ বিৰুদ্ধে দিশপুৰ থানাত এজাহাৰ কেৱল নিজৰ ৰাজনৈতিক মুনাফাৰ স্বাৰ্থত চৈয়দ মমিনুল আৱালে দিয়া এই ভুৱা বিজ্ঞাপনক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ শনিবাৰে বিভাগটোৰ এনে নিকৃষ্ট কাণ্ডৰ বিৰুদ্ধে দিশপুৰ থানাত এজাহাৰ দাখিল কৰে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে ৷
মমিনুল আৱালৰ বিৰুদ্ধে দিশপুৰ থানাত এজাহাৰ অতিশীঘ্ৰে বিভাগটোৰ পৰা মমিনুল আৱালক বৰ্খাস্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই সংগঠনটোৰ কাৰ্যকৰী সভাপতি মকবুল হুছেইনে । ইফালে মমিনুল আৱালক সংখ্যালঘু জনতাক লৈ কুটিল ৰাজনীতি নকৰিবলৈ সকিয়াই দিয়ে সংগঠনটোৱে ।
মমিনুল আৱালৰ বিৰুদ্ধে দিশপুৰ থানাত এজাহাৰ উল্লেখযোগ্য যে, এক আৰ টি আই তথ্যত সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ চৈয়দ মমিনুল আৱালৰ ভুৱা বিজ্ঞাপনৰ এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল ।
মমিনুল আৱালৰ বিৰুদ্ধে দিশপুৰ থানাত এজাহাৰ কিছুদিন পূৰ্বে বিধায়ক আনোৱাৰ হুছেইন লস্কৰে প্ৰকাশ কৰিছিল বিজেপি মুখপাত্ৰ তথা সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ চৈয়দ মমিনুল আৱালৰ এই নিকৃষ্ট কাণ্ড । এতিয়া প্ৰশ্ন হয় শাসকীয় দলৰ এজন নেতাই সংঘটিত কৰা এনে কাণ্ডৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল’বলৈ সাহস হ’বনে আৰক্ষী-প্ৰশাসনৰ ৷