অসম

assam

ETV Bharat / state

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে সৰৱ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ - guwahati

অসমীয়া সাহিত্যৰ পুৰোধা ব্যক্তি ছৈয়দ আব্দুল মালিক আৰু ইমাৰ শ্বাহৰে সাংসদ বদৰুদ্দিন আজমলক তুলনা কৰাৰ অভিযোগত সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে সৰৱ হৈ পৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ ৷

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে সৰৱ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ
সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে সৰৱ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ

By

Published : Oct 20, 2020, 10:17 PM IST

গুৱাহাটী, 20 অক্টোবৰ: সাংসদ অজিত কুমাৰ ভূঞাৰ এক মন্তব্যই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । যোৱা কিছুদিন পূৰ্বে এক ৰাজহুৱা সভাত সাংসদ বদৰুদ্দিন আজমলক অসমীয়া সাহিত্যৰ পুৰোধা ব্যক্তি ছৈয়দ আব্দুল মালিক আৰু ইমাৰ শ্বাহৰে তুলনা কৰিছিল সাংসদ ভূঞাই । শাসকীয় পক্ষই আৰম্ভ কৰা আজমল মুখ্যমন্ত্ৰী হোৱা-নোহোৱাৰ বিতৰ্কৰ উত্তৰ দিবলৈ গৈ অসমীয়া সাহিত্যৰ দুই মহীৰূহৰে তুলনা কৰিছিল সাংসদ অজিত কুমাৰ ভূঞাই ।

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে সৰৱ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ

সাংসদগৰাকীৰ সেই মন্তব্যৰ পাচতেই জাঙুৰ খাই উঠিছে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ । সাংসদ ভূঞাৰ বিৰুদ্ধে মংগলবাৰে মহানগৰীৰ খানাপাৰাত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । সাংসদ অজিত কুমাৰ ভূঞাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে । অসমীয়া সাহিত্য জগতৰ পুৰোধা ব্যক্তিৰে এগৰাকী ৰাজনৈতিক নেতাক একাকাৰ কৰি দিয়া কাৰ্যক সহজভাৱে লোৱা নাই সংগঠনটোৱে । অনাগত দিনত এনে ভুল নকৰিবলৈ সাংসদ অজিত কুমাৰ ভূঞাক সকীয়নি প্ৰদান কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ।

লগতে পঢ়ক:গোলাঘাটত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details