অসম

assam

ETV Bharat / state

ভিন্ন দাবীৰে দিশপুৰত গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ অৱস্থান ধৰ্মঘট - সৰ্বানন্দ সোণোৱাল

সোমবাৰে ভিন্ন দাবী উত্থাপনেৰে দিশপুৰৰ লাষ্টগেটত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ দাবী সম্বলিত এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে সংগঠনটোৱে ৷

ভিন্ন দাবীৰে দিশপুৰত গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ অৱস্থান ধৰ্মঘট
ভিন্ন দাবীৰে দিশপুৰত গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ অৱস্থান ধৰ্মঘট

By

Published : Dec 28, 2020, 9:29 PM IST

গুৱাহাটী, ২৮ ডিচেম্বৰ :অনতিপলমে গৰিয়া-মৰিয়া দেশী জনগোষ্ঠীসমূহৰ চিনাক্তকৰণ প্রক্রিয়া আৰম্ভ কৰা, পশ্চিম অসমত অতীজৰে পৰা বসবাস কৰা দেশী জনগোষ্ঠীৰ বাবে এখন সুকীয়া উন্নয়ন পৰিষদ গঠন কৰি শোষিত, নিস্পেষিত জনগোষ্ঠীটোক সম অধিকাৰ প্ৰদান কৰা তথা পূর্বতে ঘোষিত হোৱা গৰিয়া আৰু মৰিয়া জনগোষ্ঠীৰ উন্নয়ন পৰিষদ দুখন অতি সোনকালে কার্যকৰী কৰাকে ধৰি বিটিএডিত বসবাস কৰা এই জনগোষ্ঠীকেইটাৰ নাগৰিকক জনগোষ্ঠীয় পৰিচয় দিয়াৰ লগতে উন্নয়ন পৰিষদ গঠন কৰি আর্থ-সামাজিক উন্নয়নৰ দাবীৰে সোমবাৰে দিশপুৰৰ লাষ্টগেটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে ৷

প্ৰতিবাদকাৰীসকলে সাংবাদিকৰ আগত মত প্ৰকাশ কৰি কয় যে, বিজেপি দলে নিৰ্বাচনী ইস্তাহাৰত জনগোষ্ঠীকেইটাক দিয়া প্ৰতিশ্ৰুতি বৰ্তমানৰ অসম চৰকাৰখনে পালন কৰা দেখা নগ'ল ৷ বিধানসভাৰ বাজেট অধিবেশনত বিত্ত মন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই গৰিয়া-মৰিয়া-দেশী জনগোষ্ঠীৰ বাবে উন্নয়ন নিগম আৰু সুকীয়া জৰীপ কৰাৰ কথা ঘোষণা কৰিছিল ৷ কিন্তু আজিলৈকে চৰকাৰে উক্ত ঘোষণা কার্যকৰী নকৰাৰ অভিযোগ উত্থাপন কৰে ৷ যাৰ বাবে সোমবাৰে অৱস্থান ধর্মঘট কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, চৰকাৰী কৰ্তৃপক্ষৰ হৈ স্মাৰকপত্ৰ গ্ৰহণ কৰে গুৱাহাটী মহানগৰ জিলাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত বলীন দেউৰীয়ে ৷

লগতে পঢ়ক:কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে শিক্ষক গোটৰ অৱস্থান ধৰ্মঘট

ABOUT THE AUTHOR

...view details