অসম

assam

ETV Bharat / state

কোনো কাৰণতে অসমত স্থাপন কৰিবলৈ দিয়া নহয় মিঞা মিউজিয়াম

এইবাৰ শ্বেৰমান আলীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে ৷ কলাক্ষেত্ৰত কোনো প্ৰধ্যেই মিঞা সংগ্ৰহালয় হ'বলৈ নিদিয়ে ৷ তাৰোপৰি শ্বেৰমান আলীয়ে কৰা বিভাজনকামী মন্তব্যক গৰিহণা দিয়ে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ।

Goria moria deshi jatiya parishad
Goria moria deshi jatiya parishad

By

Published : Oct 30, 2020, 7:55 PM IST

গুৱাহাটী, 30 অক্টোবৰ :গুৱাহাটীত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সংবাদমেল ৷ এইবাৰ শ্বেৰমান আলীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে ৷ শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি মিঞা মিউজিয়াম প্ৰসংগত কেতবোৰ মন্তব্য কৰিলে সংগঠনটোৱে ৷ তেওঁলোকৰ মত স্পষ্ট কৰে য়ে, কলাক্ষেত্ৰত কোনোপধ্যেই মিঞা সংগ্ৰহালয় হ'বলৈ নিদিয়ে ৷ তাৰোপৰি শ্বেৰমান আলীয়ে কৰা বিভাজনকামী মন্তব্যক গৰিহণা দিয়ে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ।

এয়া অসম তথা অসমীয়াৰ বাবে এক দুৰ্ভাগ্যজনক নহয় এয়া অপমানজনক কথা বুলি মন্তব্য কৰে হাফিজুল আলীয়ে ৷ সংবাদমেলত তেওঁলোকে কয় যে মিঞা নামৰ কোনো জনগোষ্ঠী নাই ৷ অসমৰ ইতিহাসত মিঞা নামৰ কোনো জনগোষ্ঠী পোৱা নাযায় ৷ গতিকে ৮৫৫ জন শ্বহীদৰ বিনিময়ত স্থাপন হোৱা কলাক্ষেত্ৰত কোনো কাৰণতে মিঞা মিউজিয়াম হ’বলৈ নিদিয়াৰ কথা স্পষ্ট কৰে সংগঠনটোৰ বিষয়ববীয়াই ৷

কোনো কাৰণতে অসমত স্থাপন কৰিবলৈ দিয়া নহয় মিঞা মিউজিয়াম

উল্লেখ্য যে, কেইটামান দিন ধৰি শ্বেৰমান আলীয়ে শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্তাপনৰ বাবে দিয়া প্ৰস্তাৱক লৈ চৰ্চা চলিছে ৰাজ্যত ৷ কংগ্ৰেছে এইয়া বিধায়কজনৰ নিজৰ মন্তব্য বুলি কৈ তেওঁক প্ৰায় দলৰ পৰা একাষৰীয়া কৰিছে ৷ তাৰোপৰি তেওঁক মুখ বন্ধ ৰাখিবলৈও নিৰ্দেশ দিছে দলীয় নেতৃত্বই ৷ বিধায়ক শ্বেৰমান আলীৰ এই প্ৰস্তাৱৰ পাচতেই ৰাজ্যৰ ভিন্ন স্থানত ৰাইজ ক্ষোভিত হৈ পৰিছে বিধায়কজনৰ প্ৰতি ৷ শেহতীয়াকৈ অসমৰ থলুৱা মুছলমান সকলেও তেওঁৰ বিৰোধ কৰাৰ লগতে সকলোৱে একে মুখে উল্লেখ কৰিছে যে, অসমত মিঞা বুলি কোনো জনগোষ্ঠী নাই আৰু অসমত মিঞা মিউজিয়াম স্থাপন হ’ব নোৱাৰে ৷

বৃহস্পতি বাৰে নলবাৰীৰ এখন জন সভাত নিজকে মিঞা বুলি অভিহিত কৰাৰ লগতে মিঞা অসমীয়া জাতি এটা অংশ বুলিও উল্লেখ কৰিছিল শ্বেৰমান আলীয়ে ৷ সভাত উপস্থিত থকা সংখ্যালঘু লোকসকলকো এক প্ৰকাৰ শপতবাক্য পাঠ কৰাইছিল বিধায়ক আলীয়ে ৷ এই ঘটনাই মিঞা মিউজিয়ামৰ প্ৰসংগটোক আৰু অধিক জটিল কৰি তুলিছে ৷ আনহাতে এই বিষয়টোক এটা ৰাজনৈতিক ইচ্যু হিচাপে লৈছে বিজেপিয়ে ৷ বিজেপিৰ মন্ত্ৰী-বিধায়কৰ লগতে দলীয় নেতা-কৰ্মীয়ে এই প্ৰসংগক লৈ সৰৱ চৰ্চা কৰাৰ লগতে কংগ্ৰেছ আৰু সংখ্যালঘু সকলক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক :অসম বিজেপিত সংখ্যালঘু সম্প্ৰদায়ৰ দুই নেতাৰ তীব্ৰ সংঘাত

ABOUT THE AUTHOR

...view details