অসম

assam

Newborn baby Body recovered : বাহিনী নৈত ওপঙি থকা অৱস্থাত উদ্ধাৰ নৱজাতক

By

Published : Mar 13, 2023, 7:52 AM IST

মহানগৰীৰ ISBT ত মৃত নৱজাতক উদ্ধাৰ ৷ গড়চুক আৰক্ষীয়ে নৱজাতকটিক উদ্ধাৰ কৰাৰ পিছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ঘটনা সন্দৰ্ভত চাঞ্চল্য অব্যাহত (Body of newborn baby recovered at ISBT) ৷

Newborn baby Body recovered at ISBT
বাহিনী নৈত উদ্ধাৰ নৱজাতক

বাহিনী নৈত উদ্ধাৰ নৱজাতক

গুৱাহাটী, 13 মাৰ্চ :কেইবাটাও হত্যাকাণ্ড-অপৰাধৰ ঘটনাৰ চাঞ্চল্য ৰাজ্যজুৰি অব্যাহত থকাৰ মাজতে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে আন একমানৱতাক ভুলুণ্ঠিত কৰাৰ ঘটনা ৷ কোনো হৃদয়হীন লোকে নৈত পেলায় থৈ গ’ল নৱজাতকক ৷ দেওবাৰে বেতকুচি ISBT ত উদ্ধাৰ মৃত নৱজাতক । বাহিনী নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটি । স্থানীয় লোকে প্ৰত্যক্ষ কৰাৰ পিছতে স্থানীয় গড়চুক আৰক্ষীক খবৰ দিয়ে । গুৱাহাটী মহানগৰীৰ বেতকুচিৰ সমীপৰ ISBT ৰ কাষতে থকা আজান ফকীৰ পথৰ বাহিনী নৈত ৰবিবাৰে বিয়লি স্থানীয় লোকে ভাহি থকা অৱস্থাত প্ৰত্যক্ষ কৰে নৱজাতকৰ মৃতদেহটো (Body of newborn baby recovered at ISBT) ৷

মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাৰ পিছতে আৰক্ষীক খবৰ দিয়াত তৎক্ষণাতে ঘটনাস্থলীত উপস্থিত হৈ নৱজাতকৰ মৃতদেহটো উদ্ধাৰ কৰে । স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি নিজৰ অপকৰ্ম ঢাকিবলৈকে দেৱ শিশুটিক এনেদৰে হত্যা কৰা হয় তথা বাহিনী নৈত পেলাই দিবলৈকো কুণ্ঠাবোধ নকৰা বুলি উল্লেখ কৰে । নৱজাতকটি এদিন পূৰ্বে অৰ্থাৎ শনিবাৰে জন্ম পোৱা বুলি স্থানীয় ৰাইজৰ লগতে আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ যিহেতু মৃতদেহটো গলিত অৱস্থাত পোৱা নাই সেয়েহে স্থানীয় ৰাইজৰ লগতে আৰক্ষীয়ে শনিবাৰে নৱজাতকটি জন্ম পোৱাৰ সন্দেহ প্ৰকাশ কৰিছে (Gorchuk Police recovered new bornbaby at Guwahati )।

লগতে পঢ়ক :Poster war in Telangana: হায়দৰাবাদত অপমানিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গড়চুক আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে । উল্লেখ্য যে, কেইমাহমানৰ পূৰ্বে মহানগৰীৰ ছয়মাইলৰ বৰবাৰী নিজান বাটৰ এটা ভাৰাঘৰত এটি মৃত নৱজাতক উদ্ধাৰ কৰিছিল দিশপুৰ আৰক্ষীয়ে । পিছত ভাৰাঘৰটোৰ গৰাকী আৰু তেখেতৰ কন্যাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । এই ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই দেওবাৰে পুনৰ বাহিনী নৈত নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সৰ্বসাধাৰণ ৰাইজক উদ্বিগ্ন কৰি তুলিছে (Body of Newborn baby found from River) ।

For All Latest Updates

ABOUT THE AUTHOR

...view details