অসম

assam

ETV Bharat / state

মৃত্যু তিথিত লোকপ্ৰিয় গোপীনাথ বৰদলৈক স্মৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - লোকপ্ৰিয় গোপীনাথ বৰদলৈ

অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, ভাৰত ৰত্ন বঁটাৰে সন্মানিত লোকপ্ৰিয় গোপীনাথ (gopinath bordoloi) বৰদলৈৰ মৃত্যু দিৱস প্ৰথমবাৰৰ বাবে ৰাজ্যজুৰি 'কৰ্মচাৰী দিৱস' হিচাপে পালন কৰা হয় । কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি চৰকাৰে প্ৰথমবাৰৰ বাবে পালন কৰিছে কৰ্মচাৰী দিৱস ।

cm himnta biswa sarma
মৃত্যু তিথিত লোকপ্ৰিয় গোপীনাথ বৰদলৈক স্মৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

By

Published : Aug 5, 2021, 7:25 PM IST

গুৱাহাটী, ৫ আগষ্ট :লোকপ্ৰিয় গোপীনাথ বৰদলৈক ৭১ সংখ্যক মৃত্যু তিথিত সশ্ৰদ্ধাৰে সোঁৱৰণ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । গুৱাহাটীৰ নৱগ্ৰহত থকা গোপীনাথ বৰদলৈৰ (gopinath bordoloi) সমাধিক্ষেত্ৰলৈ গৈ শ্ৰদ্ধা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । এই উপলক্ষ্যে আয়োজন কৰা এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (himnta biswa sarma) কয় যে, অসমীয়া সমাজ জীৱনলৈ বহু বৰঙণি আছে গোপীনাথ বৰদলৈৰ ।

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যু হৈছিল ১৯৫০ চনৰ ৫ আগষ্টত । স্বাধীন অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে গ্ৰহণ কৰা স্থিতিৰ বাবেই গ্ৰুপিং আঁচনিৰ পৰা ৰক্ষা পৰিছিল অসম । গোপীনাথ বৰদলৈ আছিল আধুনিক অসমৰ স্বপ্নদ্ৰষ্টা । অসমক সুৰক্ষা প্ৰদানৰ লগতে ভাৰতৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তোলাত তেখেতৰ অৱদানৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে তেখেতৰ স্মৃতি দিৱস ৫ আগষ্ট দিনটো আমি ৰাজ্যজুৰি 'কৰ্মচাৰী দিৱস' হিচাপে প্ৰথমবাৰৰ বাবে উদযাপন কৰিছো ।

মৃত্যু তিথিত লোকপ্ৰিয় গোপীনাথ বৰদলৈক স্মৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

লগতে পঢ়ক :গুৱাহাটীত জালনোটসহ আটক দুই মহিলা

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোপীনাথ বৰদলৈয়ে ৰাজনৈতিক ক্ষেত্ৰখনলৈ আৰু স্বাধীনতা আন্দোলনলৈ আগবঢ়োৱা বৰঙণিৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে । লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ জীৱন আৰু কৰ্মৰ মূল্যায়ন কৰি ভাৰত চৰকাৰে তেখেতক ভাৰতৰত্ন দিয়াৰ লগতে পাঠ্য পুথিতো তেখেতৰ বিষয়ে পাঠ সংলগ্ন কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ জীৱন আৰু কৰ্মৰাজি সদায় চিৰস্থায়ী হৈ ৰ’ব বুলি মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে । মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক গোপীনাথ বৰদলৈৰ আদৰ্শ অনুকৰণ কৰিবলৈ আৰু তেখেতৰ সপোনৰ অসমখন গঢ়াৰ দিশত হাতে হাত ধৰি আগবাঢ়ি যাবলৈ অনুৰোধ জনায় ।

অনুষ্ঠানত ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল । উল্লেখ্য যে, অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, ভাৰত ৰত্ন বঁটাৰে সন্মানিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিৱস প্ৰথমবাৰৰ বাবে ৰাজ্যজুৰি 'কৰ্মচাৰী দিৱস' হিচাপে পালন কৰা হৈছে । ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি চৰকাৰে প্ৰথমবাৰৰ বাবে পালন কৰিছে 'কৰ্মচাৰী দিৱস'।

লগতে পঢ়ক :কাক ‘উগ্ৰপন্থী’ সজালে বিধানসভাৰ অধ্যক্ষই ?

ABOUT THE AUTHOR

...view details