অসম

assam

ETV Bharat / state

নতুন ফটাশিল টাউন হাইস্কুলৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন - কামৰূপ মহানগৰ জিলা

ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান নতুন ফটাশিল টাউন হাইস্কুলৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কাৰ্যসূচীৰ শুকুৰবাৰে শুভাৰম্ভণি ঘটে ৷ বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থীৰ লগতে বৰ্তমানৰ শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্রী আৰু অভিভাৱকসকলে কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ।

golden zublee
নতুন ফটাশিল টাউন হাইস্কুলৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন

By

Published : Apr 10, 2021, 10:49 PM IST

গুৱাহাটী,১০ এপ্ৰিলঃগুৱাহাটী মহানগৰীৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান নতুন ফটাশিল টাউন হাইস্কুলৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কাৰ্যসূচীৰ শুকুৰবাৰে শুভাৰম্ভণি কৰা হয়। এই উপলক্ষ্যে পুৱাৰ ভাগত এক বৰ্ণিল শোভাযাত্রা উলিওৱা হয়। শোভাযাত্রাত বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থীৰ লগতে বৰ্তমানৰ শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্রী আৰু অভিভাৱকসকলে অংশ গ্ৰহণ কৰে।

নতুন ফটাশিল টাউন হাইস্কুলৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন

শোভাযাত্রাৰ অন্তত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৱ কুমাৰ ডেকাই পতাকা উত্তোলন কৰি সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ কৰে । অনুষ্ঠানত অংশ গ্ৰহণ কৰি কামৰূপ মহানগৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰসন্ন কুমাৰ বৰাই বন্তি প্ৰজ্বলকৰ ভুমিকা পালন কৰে । কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু অভিভাৱক সকলৰ মাজত 'ভক্তি প্ৰদান' অনুষ্ঠানৰো আয়োজন কৰা হয় । পিতৃ-মাতৃৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন জনোৱাৰ পৰ্ব হিচাপে অনুষ্ঠানটোৰ আয়োজন কৰা হয় বুলি প্ৰধান শিক্ষয়ত্রী পূৰবী দাস কলিতাই জানিবলৈ দিয়ে ।

লগতে পঢ়ক :লুৰীণজ্যোতি গগৈৰ বাসগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details