অসম

assam

ETV Bharat / state

অসম ৰাজ্যিক চিৰিয়াখানাত জন্মিল বিলুপ্তপ্ৰায় সোণালী বান্দৰ

আজি অসম ৰাজ্যিক চিৰিয়াখানাত জন্ম হয় এটি মতা সোণালী বান্দৰ ৷ অসম ৰাজ্যিক চিৰিয়াখানাত প্ৰজনন কেন্দ্ৰ স্থাপন কৰি বৰ্তমান বিপন্ন প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী সোণালী বান্দৰৰ বংশ বৃদ্ধিৰ চেষ্টা চলাই আহিছে বহু বছৰ ধৰি ৷

সোণালী বান্দৰৰ পোৱালি
সোণালী বান্দৰৰ পোৱালি

By

Published : Mar 26, 2020, 9:20 PM IST

Updated : Mar 26, 2020, 9:54 PM IST

গুৱাহাটী, 26 মাৰ্চঃ বৃহস্পতিবাৰে অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন সদস্য ৷ আজি অসম ৰাজ্যিক চিৰিয়াখানা ও উদ্ভিদ উদ্যানত সম্প্ৰতি স্থাপিত প্ৰজনন কেন্দ্ৰত জন্ম হয়, এটি মতা সোণালী বান্দৰ ৷ উল্লেখ্য যে, সোণালী বান্দৰ বৰ্তমান বিপন্ন প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী ৷ সেয়ে বনবিভাগে যোৱা কেইবছৰমান ধৰি অসম ৰাজ্যিক চিৰিয়াখানাত প্ৰজনন কেন্দ্ৰ স্থাপন কৰি সোণালী বান্দৰৰ বংশ বৃদ্ধিৰ চেষ্টা চলাই আহিছিল যদিও সফল হোৱা নাছিল ৷ বহু বছৰৰ পিচত যোৱা বছৰ এটি মাইকী পোৱালি আৰু এইবাৰ আজি এটি মতা সোণালী বান্দৰৰ পোৱালিৰ জন্মেৰে এই বিপদাপন্ন প্ৰজাতিটোৰ বংশ বৃদ্ধিৰ উৎকৃষ্ট নজিৰ দাঙি ধৰিবলৈ সক্ষম হৈছে অসম ৰাজ্যিক চিৰিয়াখানা ৷

অসম ৰাজ্যিক চিৰিয়াখানাত জন্মল বিলুপ্তপ্ৰায় সোণালী বান্দৰ
Last Updated : Mar 26, 2020, 9:54 PM IST

ABOUT THE AUTHOR

...view details