গুৱাহাটী, 30 মাৰ্চ :“মোৰ এই সফলতা কেৱল মোৰ কষ্টৰ বাবে নহয়, সকলোৰে কষ্ট আৰু উৎসাহ-সহযোগিতাৰ বাবে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছো ৷” বিশ্ব জয় কৰি ঘৰলৈ উভতি আহি ওপজা মাটিত ভৰি থৈয়েই এইদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে অসম গৌৰৱ মহিলা বক্সিং চেম্পিয়নশ্বিপ 2023 ত স্বৰ্ণ পদক বিজয়ী লাভলীনা বৰগোঁহায়ে (Boxer Lovlina Borgohain won the gold medal)৷
বজ্ৰমুঠিৰে শীৰত বিশ্ব জয়ৰ খিতাপ লৈ জন্মভূমিলৈ আজি অৰ্থাৎ বৃহস্পতিবাৰে উভতি আহে বক্সিঙৰ বিশ্ব চেম্পিয়ন অসমী আইৰ সুযোগ্যা কন্যা লাভলীনা বৰগোঁহাই ৷ গুৱাহাটী বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত আজি পুৱা উষ্ম আদৰণি জনোৱা হয় বিশ্ব চেম্পিয়ন লাভলীনাক (Gold medalist Boxer Lovlina Borgohain reached in Guwahati)৷
পুষ্প বৃষ্টি আৰু ঢোলে-দগৰে গুণমুগ্ধই বিপুলভাৱে লাভলীনাক আদৰণি জনাই শোভাযাত্ৰা কৰি বিমানবন্দৰৰ পৰা আগবঢ়াই আনে বিশ্ব বক্সিঙৰ ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰা লাভলীনা বৰগোঁহাইক ৷ নতুন দিল্লীত অনুষ্ঠিত IBA ৱমেন ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বীপত (Womens World Boxing Championship 2023) 75 কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক জয়ৰ পিচত বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে জন্মভূমি অসমলৈ আহে লাভলীনা ৷