অসম

assam

ETV Bharat / state

Gold biscuits seized: বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ পৰা ডেৰ কেজি সোণ জব্দ

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত দিল্লী অভিমুখে যাত্ৰা কৰিবলৈ অহা এজন যাত্ৰীৰপৰা ডেৰ কেজি সোণ জব্দ বিমান কৰ্তৃপক্ষৰ (Smuggling gold seized at Airport) ৷

Gold biscuit seized along with smuggler in Barjhar Airport
বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ পৰা ডেৰ কেজি সোণ জব্দ

By

Published : Apr 22, 2023, 7:45 PM IST

গুৱাহাটী, ২২ এপ্ৰিল : ৰে’লৰ পিচত এইবাৰ বিমান বন্দৰত সোণ সৰবৰাহকাৰীৰ চক্ৰৰ দপদপনি (Gold smuggling in Guwahati) ৷ শুকুৰবাৰে নিশা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত দিল্লী অভিমুখে যাত্ৰা কৰিবলৈ অহা এজন যাত্ৰীৰপৰা কৌশলেৰে অনা অৱস্থাত ডেৰ কেজি সোণ জব্দ কৰা হয় । লগতে বিমান বন্দৰ কৰ্তৃপক্ষই যাত্ৰীজনকো আটক কৰিবলৈ সক্ষম হয় (Smuggling gold seized at Airport) ৷ ধৃত যাত্ৰীজন ইম্ফলৰ সুবন চন্দ্ৰা বুলি জানিব পৰা গৈছে (Gold smuggler detained in guwahati )।

জানিব পৰা মতে সুবন চন্দ্ৰাই যোৱা নিশা ৯.১৫ বজাত এয়াৰ এছিয়া বিমানেৰে গুৱাহাটীৰ পৰা নতুন দিল্লী অভিমুখে যাবলগীয়া আই এছ ৭৯৮ বিমানখনত যাত্ৰাৰ উদ্দেশ্যে বৰঝাৰ বিমানবন্দৰত নিশা ৭.৩০ বজাত উপস্থিত হৈছিল । কিন্তু বিমান বন্দৰত যাৱতীয় তালাচীৰ সময়ত চি আই এছ এফৰ কৰ্তব্যৰত বিষয়াই বেগত কৌশলৰে অনা অৱস্থাত ডেৰ কেজি ওজনৰ সোণৰ বিস্কুট জব্দ কৰিবলৈ সক্ষম হয় (Gold biscuit seized)।

লগে লগে লোকজনক আটক কৰি বিমাবন্দৰত থকা কেন্দ্ৰীয় শুল্ক আৰু আবকাৰী বিভাগক গতাই দিয়ে ৷ সম্প্ৰতি শুল্ক আৰু আবকাৰী বিভাগে এই সন্দৰ্ভত অভিযুক্ত সুবন চন্দ্ৰাৰ বিৰুদ্ধে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি সোণখিনি ক’লৈ নিয়া হৈছিল সেই বিষয়ে তদন্ত আৰম্ভ কৰিছে ।

উল্লেখ্য যে, বিগত মাহত গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ সোণ জব্দ কৰা হৈছে (gold biscuit seized in railway station) । ৰে'ল আৰক্ষীয়ে ৰাজধানী এক্সপ্ৰেছত অহা মণিপুৰৰ শ্বৰীফ আলম নামৰ এজন লোকৰ কঁকালৰ বেল্টৰপৰা 5 খনকৈ সোণৰ সোণৰ বিস্কুট জব্দ কৰিবলৈ সক্ষম হৈছিল ৷

জব্দকৃত সোণখিনিৰ বজাৰ মূল্য 2 কোটিৰো অধিক বুলি সদৰী কৰিছিল আৰক্ষীয়ে ৷ 5 খনকৈ সোণৰ বিস্কুটৰ ওজন ৩ কিলোগ্ৰাম ৩২০ গ্ৰাম আছিল ৷ সোণখিনি মণিপুৰৰ পৰা দিল্লীলৈ সৰবৰাহ কৰিবলৈ আনিছিল সৰবৰাহকাৰীয়ে ।

লগতে পঢ়ক:Teok murder case: পতা গুটিৰে স্বামীয়ে হত্যা কৰিলে পত্নীক

প্ৰণিধানযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশ তথা ইয়াৰ পৰা অন্য ৰাজ্যলৈ প্ৰস্থানৰ ক্ষেত্ৰত অন্যতম গুৰুত্বপূৰ্ণ যোগাযোগ মাধ্যম । গুৱাহাটীৰ মাজেৰে উত্তৰ-পূৰ্বাঞ্চললৈ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা অন্য ৰাজ্যলৈ মাদক দ্ৰৱ্যকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ সামগ্ৰীৰ চোৰাং সৰবৰাহ হৈ আহিছে । এই ক্ষেত্ৰত ৰে'ল আৰক্ষীয়ে সতৰ্কতা অৱলম্বন কৰি আহিছে যদিও তাৰ মাজতে দুষ্কৃতিকাৰীয়ে চোৰাং সামগ্ৰী সৰবৰাহ কৰি আহিছে ।

ABOUT THE AUTHOR

...view details