গুৱাহাটী, 5জানুৱাৰীঃপ্ৰবল ইচ্ছাশক্তি, প্ৰচুৰ অধ্যৱসায় আৰু কাম কৰাৰ আগ্ৰহ থাকিলে জীৱনত যিকোনো অসাধ্যকে সাধন কৰিব পৰা যায় ৷ ধৈৰ্য, সাহস আৰু অধ্যৱসায়ৰ ফলত এদিন নহয় এদিন অৱতীৰ্ণ হ’বলৈ সক্ষম হ’ব পাৰে সফলতাৰ স্বৰ্ণ শিখৰত ৷ তাৰেই যেন চূড়ান্ত উদাহৰণ নামৰূপৰ ভাস্কৰ গগৈ ৷ কথিত আছে ,সফলতা তৰিৎ গতিত নাহে ৷ সফলতা লাভ কৰিবলৈ হ’লে সাধনাৰ আৱশ্যক ৷ সফলতা লাভ কৰিবলৈ হ’লে অতিক্ৰম কৰিব লগা হ’ব পাৰে বহুতো ঘাট-প্ৰতিঘাট ৷ সৰুৰে পৰা নিজাকৈ কিবা এটা কৰাৰ দূৰ্বাৰ হেঁপাহ আছিল ভাস্কৰ গগৈৰ ৷ কিন্তু আৰ্থিক দৈন্যতাৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল ৷ কিন্তু ভাস্কৰ গগৈ থমকি ৰোৱা নৰ'ল ৷ চৰকাৰী চাকৰি লাভ কৰিও সেয়া ত্যাগ কৰিছিল ভাস্কৰে ৷ চাকৰি ত্যাগ কৰি ঘৰলৈ আহি বিবাহপাশত আৱদ্ধ হৈছিল ভাস্কৰ ৷ আৰম্ভ হৈছিল অন্য এক যাত্ৰা ৷
অৱশেষত ভাস্কৰৰ সপোনবোৰ পূৰণ হোৱাৰ দিশত আগবাঢ়িল ৷ হাতত মাত্ৰ দহ হাজাৰ টকা আৰু লগত পত্নীৰ সাহস এই দুয়োটাকে মূলধন হিচাপে লৈ গগৈয়ে আৰম্ভ কৰিলে 'গগৈ পৰ্ক' ৷ সেয়া মাত্ৰ আৰম্ভণিহে আছিল ৷ যিটো সময়ত ভাস্কৰে ব্যৱসায় আৰম্ভ কৰিছিল সেই সময়ত ভাস্কৰ গগৈলৈ আহিছিল শ্বিলঙৰ এটা আগশাৰীৰ প্ৰতিস্থানত লোভনীয় দৰমহাৰে চাকৰি কৰাৰ সুযোগ ৷ এফালে নিজৰ সপোন আৰু আনফালে শ্বিলঙৰ ৬০ হাজাৰ টকীয়া চাকৰি ৷ কিন্তু নিজাকৈ কিবা কৰাৰ দুৰ্বাৰ হেপাহ থকা ভাস্কৰে প্ৰত্যাখ্যান কৰিলে সেই লোভনীয় চাকৰি ৷ তাৰ সলনি মনোনিৱেশ কৰিলে গগৈ পৰ্কত ৷