গুৱাহাটী,২৫ জানুৱাৰী :ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰচ কৰি গুৱাহাটী মহানগৰীত পদপথ, পদ দলং, উৰণীসেতু আৰু পথবিভাজক নিৰ্মাণ কৰি আছে যদিও মহানগৰীৰ যান-জঁটৰ সমস্যা সমাধানৰ বাবে কোনো গুৰুত্ব দিয়া নাই ৷ চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে গুৱাহাটীৰ যান-জঁটৰ সমস্যাই ক্ৰমাৎ এক জটিল সমস্যাৰূপে গা কৰি উঠিছে (Traffic problems in Guwahati) ৷ তীব্ৰ যান-জঁটৰ বাবে গুৱাহাটীত এতিয়া যাতায়াত কৰাটো অতিকৈ কষ্টসাধ্য হৈ পৰিছে ৷
মহানগৰীৰ গুৱাহাটী-শ্বিলং পথ, গোপীনাথ বৰদলৈ-মণিৰাম দেৱান পথ, দীনেশ গোস্বামী পথ, মহাত্মা গান্ধী পথ, ৰাধাগোবিন্দ বৰুৱা পথ, ৰাজেন্দ্ৰ প্ৰসাদ পথ, মাদাৰ টেৰেছা পথ, ৰাজগড় পথ আৰু এ কে আজাদ পথ আৰু এ টি ৰোড আদিত যান-জঁটৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে ৷ মহানগৰীৰ ৰাজপথৰ দাঁতিত অবৈধ পাৰ্কিং, চিটীবাছবিলাকৰ দৌৰাত্ম্য, ব্যক্তিগত বাহনৰ চলাচল বৃদ্ধি আৰু যান-বাহন আৰক্ষীৰ নিয়ন্ত্ৰণহীনতা আদি কাৰকবোৰে যান-জঁট বৃদ্ধিত অৰিহণা যোগাই আহিছে ৷ গুৱাহাটী মহানগৰীৰ জনসংখ্যা বৃদ্ধি আৰু তাৰ লগতে যান-বাহনৰ সংখ্যাৰ বৃদ্ধিয়ে গুৱাহাটীৰ বৰ্তমানৰ এই যান-জঁটৰ সমস্যাক অনাগত দিনত অধিক ভয়াৱহ কৰি তুলিব ৷
উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ ২০১০ চনত জনসংখ্যা আছিল ১২,৪৪,৭১৩ ৷ ইয়াৰ বিপৰীতে ২০১৫ চনত ১৪,৯৮,৯৭০, ২০২০ চনত ১৮,০৫,১৬৩ আৰু ২০২৫ চনলৈ সংখ্যা ২১,৭৩,৯০২ লৈ বৃদ্ধি হোৱাৰ তথ্য চৰকাৰী সমীক্ষাত প্ৰকাশ কৰা হৈছে ৷ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে গুৱাহাটীত চলোৱা এক সমীক্ষা অনুযায়ী মহানগৰীৰ ৰাজপথত চলাচল কৰা ব্যক্তিগত বাহনৰপৰা আৰম্ভ কৰি ৰাজহুৱা বাহনৰ সংখ্যা অনাগত সময়ত অভূতপূৰ্বভাৱে বৃদ্ধি পাব ৷
প্ৰাধিকৰণৰ সমীক্ষাত প্ৰকাশ কৰা মতে, ২০০৪ চনত গুৱাহাটীৰ ৰাজপথত প্ৰতিদিনে চলাচল কৰা ১০,৯৪৯ খন দুচকীয়া বাহনৰ সংখ্যা ২০২৫ চনত ৬০,২১৯ খনলৈ বৃদ্ধি হ’ব ৷ ঠিক সেইদৰে ২০০৪ চনত প্ৰতিদিনে চলাচল কৰা ৩,৯৩৯ খন অটোৰ সংখ্যা ২০২৫ চনত ১৪,৯৫৭ খনলৈ বৃদ্ধি হ’ব ৷ ২০০৪ চনত প্ৰতিদিনে চলাচল কৰা ১৫,৪৭৫ খন ব্যক্তিগত কাৰৰ সংখ্যা ২০২৫ চনত ৬৬,৯৪২ খনলৈ বৃদ্ধি হ’ব ৷
২০০৪ চনত প্ৰতিদিনে চলাচল কৰা ১,৬০৮ খন চিটীবাছৰ সংখ্যা ২০২৫ চনত ২,০১৩ খনলৈ বৃদ্ধি পাব ৷ ২০০৪ চনত প্ৰতিদিনে চলাচল কৰা ১১,৯৬৭ খন সামগ্ৰী কঢ়িওৱা বাহনৰ সংখ্যা ২০২৫ চনত ৩৮,৭৬৪ খনলৈ বৃদ্ধি হ’ব ৷ প্ৰাধিকৰণৰ সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি মহানগৰীৰ ভিতৰত ১৮.২ শতাংশ মানুহে খোজকাঢ়ি, ৪৪.৫ শতাংশ মানুহে ব্যক্তিগত বাহনত, ৩০.২ শতাংশ মানুহে বাছত আৰু ৬.৭ শতাংশ মানুহে চাইকেল আদি অন্যান্য বাহনেৰে যাতায়াত কৰে ।