গুৱাহাটী, 2 অক্টোবৰ: অৱশেষত শুকুৰবাৰে জালত পৰিল গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চুৰি চক্ৰৰ লগত জড়িত এটা গভাইত চোৰ ৷ চোৰৰ সন্ধানত দীৰ্ঘদিনে খাপ পিটি থকা গুৱাহাটী মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষই হাতে-লোটে কৰায়ত্ব কৰিবলৈ সক্ষম হ’ল চোৰটো ৷
গুৱাহাটী মেডিকেল কলেজ হাস্পতালত উপদ্ৰৱ চলোৱা গভাইত চোৰ আটক - গভাইত চোৰ
শুকুৰবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত উপদ্ৰৱ চলোৱা গভাইত চোৰক আটক কৰে হাস্পতাল কৰ্তৃপক্ষই ৷ চোৰটোক উত্তম-মধ্যম সোধাই ভঙাগড় আৰক্ষীৰ হাতত গতাই দিয়া হয় ৷

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত উপদ্ৰৱ চলোৱা গভাইত চোৰ আটক
গুৱাহাটী মেডিকেল কলেজ হাস্পতালত উপদ্ৰৱ চলোৱা গভাইত চোৰ আটক
হাস্পতালৰ অধ্যক্ষ ডাঃ অভিজিত শৰ্মাই জানিবলৈ দিয়া অনুসৰি, চোৰেটোৱে চিকিৎসা কৰ্মীৰ ৰূপত হাস্পতালখনত প্ৰৱেশ কৰি বিভিন্ন ঔষধ সম্পৰ্কে চিকিৎসা কৰ্মীসকলক সোধ-পোচ কৰি সুযোগ বুজি ৰোগীৰ কেবিনত প্ৰৱেশ কৰে ৷ শুকুৰবাৰেও ধৃত চোৰটোৱে একেই পন্থা অৱলম্বন কৰাৰ সময়তে চোৰটো কৰায়ত্ব কৰিবলৈ সক্ষম হ’ল হাস্পতাল কৰ্তৃপক্ষই ৷ ইয়াৰ পাচত উত্তম-মধ্যম সোধাই চোৰটোক ভঙাগড় আৰক্ষীৰ হাতত গতাই দিয়ে ৷
লগতে পঢ়ক:অসহযোগ আন্দোলনত বহিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰী