গুৱাহাটী, ১১ অক্টোবৰ : চৰ্চাত মহানগৰীৰ বন্ধ কোঠাত মোনাৰ ভিতৰত উদ্ধাৰ হোৱা নৱজাতকৰ মৃতদেহৰ প্ৰসংগ (Newborn body recovered in Guwahati) ৷ ঘটনা সন্দৰ্ভত উত্থাপন হৈছে ভিন্ন অভিযোগ তথা প্ৰতি-অভিযোগ ৷ অৱশ্যে এই সকলোবোৰ একেমুখে নস্যাৎ কৰিছে অভিযোগৰ অঙুলি উত্থাপিত হোৱা যুৱতীগৰাকী আৰু তেওঁৰ মাতৃয়ে ৷
অৱশ্যে এই ঘটনা সন্দৰ্ভত শেহতীয়াকৈ পোহৰলৈ আহিছে ন ন তথ্য (Guwahati Newborn body recovered update) ৷ মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা ভাষ্য অনুসৰি, সম্প্ৰতি GMCH ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে অভিযুক্ত যুৱতীগৰাকী ৷ লগতে তেওঁ কয়, যুৱতীগৰাকী 7 মাহৰ অন্তঃসত্বা আছিল ৷
প্ৰসৱৰ সময়ত উপযুক্ত চিকিৎসা নোপোৱা বাবে দুভাগ্যৱশতঃ পেটতে গৰ্ভস্থ সন্তানটো মৃত্যু হৈছিল । বিগত জুলাই মাহত যুৱতীগৰাকীয়ে মাতৃৰ সৈতে GMCH ত স্বাস্থ্য পৰীক্ষাৰ বাবেও আহিছিল । যিহেতু যুৱতীগৰাকীয়ে প্ৰসৱৰ সময়ত উপযুক্ত চিকিৎসা পোৱা নাছিল যাৰ বাবে বৰ্তমান বিভিন্ন ৰোগত সংক্ৰমিত হৈছে ৷ যাৰ বাবে অতি সংকটজনক অৱস্থাত GMCH ত চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী ৷
আনহাতে, সোমবাৰে উদ্ধাৰ হোৱা নৱজাতটিৰ মৃতদেহ সন্দৰ্ভত কোনো বিশেষ তথ্য নাই বুলি মন্তব্য কৰে অধীক্ষক ডাঃ অভিজিত শৰ্মাই ৷ কিয়নো মৃত নৱজাতটিৰ পৰীক্ষা হ’লেহে সেই নৱজাতকটি অভিযুক্ত যুৱতীগৰাকীৰ হয় নে নহয় সেয়া নিশ্চিত হ’ব ৷
লগতে পঢ়ক :TSR jawan mysterious death : ত্ৰিপুৰাত TSR জোৱানৰ ৰহস্যজনক মৃত্যু