গুৱাহাটী, ৬ জুলাই : পুনৰক’ভিডত আক্ৰান্ত GMCH ৰ অধীক্ষক অভিজিৎ শৰ্মা ৷ তৃতীয় বাৰৰ বাবে ক’ভিডত আক্ৰান্ত হৈছে GMCH ৰ অধীক্ষকগৰাকী (GMCH Superintendent Abhijit Sarma tests positive for Covid 19)। জানিব পৰা মতে, বৰ্তমান তেওঁ হোম আইচ’লেচ’নত আছে । এগৰাকী ক’ভিড ৰোগীৰ সংস্পৰ্শলৈ আহিছিল অধীক্ষক অভিজিৎ শৰ্মা । তাৰ পাচতে তেওঁ ক’ভিড 19 ত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা হৈছে ৷
উল্লেখ্য যে, ৰাজ্যত ভয়াৱহ হাৰত পুনৰ বৃদ্ধি পাব ধৰিছে ক’ভিড সংক্ৰমণ (Covid infection increases in Assam)। চৰকাৰী তথ্য অনুসৰি, ৫ জুলাইত ২০৭০ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল । তাৰ ভিতৰত ২১০ জনৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে । ক’ভিড পজিটিভৰ হাৰ ১০.১৪% ।
বৰ্তমান ৰাজ্যত সক্ৰিয় হৈ আছে ৮১০ গৰাকী ক’ভিড ৰোগী ।