গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী:গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত বুধবাৰে মুকলি কৰা হয় নতুন ৰেডিয়েচন অংকলজি ব্লক । স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰ্কট প্ৰতিষ্ঠানত মুকলি কৰা টম থেৰাপী ব্যৱস্থা কেৱল অসমৰে নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথম ।
GMCHৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত মুকলি নতুন ৰেডিয়েচন অংকলজি ব্লক - AS10028
গুৱাহাটী মেডিকেল কলেজৰ কেঞ্চাৰ হস্পতালত টম’ থেৰাপী নামৰ নতুন ৰেডিয়েচন অংকলজি ব্লকৰ সংযোজন কৰা হয় । অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন আৰু টাটা ট্ৰাষ্টৰ মাজত হোৱা এক চুক্তিৰ ফলতেই স্বাস্থ্য ব্যৱস্থাত এয়া নতুন সংযোজন হয় ।
বিশেষ ব্যৱস্থা মুকলি কৰি স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে এয়া অত্যন্ত আনন্দৰ কথা কিয়নো উত্তৰ-পূৱ ভাৰতৰ প্ৰথম হিচাপে গুৱাহাটী মেডিকেল কলেজৰ কেঞ্চাৰ হস্পতালত টম’ থেৰাপী নামৰ নতুন ৰেডিয়েচন অংকলজি ব্লকৰ সংযোজন কৰা হয় । লগতে তেওঁ কয় যে এই মেচিনটো ইমানেই আধুনিক যে যেতিয়া এজন কৰ্কট ৰোগীক ৰেডিয়েচন দিব লগা হয় একেবাৰে সুক্ষ্মৰ পৰা সুক্ষ্মতম ঠাইতহে ৰেডিয়েচন দিয়া হ’ব ।
উল্লেখ্য যে এই ৰেডিয়েচনৰ ফলত শৰীৰৰ আন অংশত কোনো প্ৰভাৱ নপৰিব । অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন আৰু টাটা ট্ৰাষ্টৰ মাজত হোৱা এক চুক্তিৰ ফলতেই স্বাস্থ্য ব্যৱস্থাত এয়া নতুন সংযোজন হয়। আনহাতে, ২৮ কোটি টকা ব্যয় সাপেক্ষ স্থাপন কৰা এই অত্যাধুনিক মেচিনটোৰ জৰিয়তে অসমৰ দৰিদ্ৰ অথবা জনসাধাৰণে অসমৰ বাহিৰলৈ নোযোৱাকৈয়ে টম থেৰাপী চিকিৎসা ল’ব পাৰিব ।