গুৱাহাটী, ১১ জুন: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ হাউচ কিপিং কৰ্মচাৰীৰ প্ৰতিবাদ । শণিবাৰে ভঙাগড় থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰায় ৪৫ গৰাকী কৰ্মচাৰীয়ে । হঠাৎ চাকৰিৰ পৰা বহিষ্কাৰ কৰাৰ বাবেই প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰী সকলে (GMCH house keeping employees protest) । প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰি কয় যে বিগত বৰ্ষৰ মাৰ্চত ডি এচ গৃহ নিৰ্মাণ নামৰ কোম্পানীটোৰ অধীনত ঠিকা ভিত্তিত নিযুক্তি দিছিল জি এম চি এইচৰ চুপাৰ স্পেচিয়েলিটি ১ নম্বৰত হাউচ কিপিং কৰ্মচাৰী সকলক ।
তেতিয়াৰে পৰা হাউচ কিপিং কৰ্মচাৰী সকলে প্ৰতি মাহে ৫ হাজাৰ দৰমহাৰে কাম কৰি আহিছিল । ৱাৰ্ডসমূহ পৰিষ্কাৰ কৰাৰ উপৰিও অতিৰিক্তভাৱে ৱাৰ্ড বয়ৰ কামত ব্যৱহাৰ কৰাৰ অভিযোগ কৰে কৰ্মাচাৰীসকলে । ডি এছ গৃহ নিৰ্মাণৰ ঠিকাদাৰে হঠাৎ আজিৰে পৰা কাম নাই বুলি কোৱাত ক্ষুব্ধ হৈ থানাৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰী সকলে ।