অসম

assam

ETV Bharat / state

ভুৱা বিলেৰে লাখ লাখ টকা লুণ্ঠনৰ চেষ্টা APDCLৰ কৰ্মচাৰীৰ: ভঙাগড় থানাত গোচৰ ৰুজু - লুণ্ঠনৰ চেষ্টা চলাই অৱশেষত ধৰা পৰিল APDCLৰ কৰ্মচাৰী

চিকিৎসা ব্যয়ৰ নামত ভুৱা বিলেৰে চৰকাৰৰ পৰা লাখ লাখ টকা লুণ্ঠনৰ চেষ্টা চলাই অৱশেষত ধৰা পৰিল APDCLৰ কৰ্মচাৰী । তিনিগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে ভঙাগড় থানাত গোজৰ ৰুজু কৰিলে জিএমচিএইচ কতৃপক্ষই (GMCH authority lodged FIR against APDCL employees)। জিএমচিএইচৰ ভুৱা বিল ব্যৱহাৰ কৰি লুণ্ঠনৰ চেষ্টা চলাইছিল কৰ্মচাৰী কেইজনে ।

APDCL
ভুৱা বিলেৰে লাখ লাখ টকা লুণ্ঠনৰ চেষ্টা APDCLৰ কৰ্মচাৰীৰ

By

Published : Jan 28, 2022, 8:21 PM IST

গুৱাহাটী,২৮ জানুৱাৰী :চিকিৎসাৰ নামত ভুৱা বিলেৰে লাখ লাখ টকা লুণ্ঠনৰ চেষ্টা চলোৱাৰ ঘটনা অসমত কেইবাটাও সংঘটিত হৈছে । এইবাৰ APDCL ৰ কৰ্মচাৰীয়ে ভুৱা বিলৰ জৰিয়তে ধন লুণ্ঠনৰ চেষ্টা চলালে । ইতিমধ্যে অভিযুক্ত তিনিওগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে ভঙাগড় থানাত গোচৰ ৰুজু কৰা হৈছে ।

তিনিওগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে ভঙাগড় থানাত বৃহস্পতিবাৰে গোচৰ ৰুজু কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH) কৰ্তৃপক্ষই (GMCH authority lodged FIR against APDCL employees) । অভিযুক্ত কৰ্মচাৰী কেইজন ক্ৰমে APDCLৰ সহায়ক হিতেশ্বৰ দাস, সূৰ্য কান্ত বড়ো আৰু দেৱজিৎ কোৱঁৰ । নিজৰ পত্নীৰ চিকিৎসাৰ নামত Ex post facto approval ৰ বাবে আৱেদন কৰি তিনিও গৰাকী বিষয়া কৰ্মচাৰীয়ে জিএমচিএইচৰ ৰাজ্যিক স্তৰৰ ৰেফাৰেল ব'ৰ্ড (State level referral board)ৰ ওচৰত দাখিল কৰিছিল ভুৱা বিল । চহী আৰু নথি পত্ৰৰ জালিয়াতিৰে ভুৱা বিল দাখিল কৰি চিকিৎসাৰ ব্যয় চৰকাৰৰ পৰা মোকলাই নিয়াৰ চেষ্টা কৰিছিল তিনিও গৰাকী কৰ্মচাৰীয়ে ।

ভুৱা বিলেৰে লাখ লাখ টকা লুণ্ঠনৰ চেষ্টা APDCLৰ কৰ্মচাৰীৰ

তেনে সময়তে ভুৱা বিল কেইখন প্ৰত্যক্ষ কৰি GMCH কৰ্তৃপক্ষই কৰ্মচাৰী কেইজনৰ বিৰুদ্ধে ৰুজু কৰে গোচৰ । উল্লেখ্য যে ,পূৰ্বেও এনেধৰণৰ চিকিৎসাৰ নামত ভুৱা বিল দাখিলৰ অভিযোগত ৫০ জনতকৈ অধিক কৰ্মচাৰীৰ বিৰুদ্ধে ভঙাগড় আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ ।

লগতে পঢ়ক :গৰুৰ চোৰাং বেপাৰ কৰি আৰক্ষীৰ জালত বিজেপি নেতা চত্ৰধৰ গগৈ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details