অসম

assam

By

Published : Dec 2, 2022, 3:03 PM IST

ETV Bharat / state

Municipal water supply system: অচিৰেই বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা

গুৱাহাটী মহানগৰীৰ বহু এলেকাত থকা পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা আওপুৰণি হৈ পৰাৰ লগতে সঘনাই হৈ পৰে বিকল ৷ যাৰ ফলত জনসাধাৰণে ভোগ কৰি অহা অসুবিধাৰ প্ৰতি লক্ষ্য গুৱাহাটী জল ব’ৰ্ডে অচিৰেই বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এইসমূহ গুৱাহাটী পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা ৷

GMC water supply system will be shut down soon
অচিৰেই বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা

গুৱাহাটী, 2 ডিচেম্বৰ:গুৱাহাটী মহানগৰীৰ যিসমূহ এলেকাত গুৱাহাটী জল ব’ৰ্ডৰ অধীনত ৰূপায়িত ‘জাইকা’ প্ৰকল্পৰ পৰীক্ষামূলক পানী যোগান ব্যৱস্থা সফল হৈছে আৰু যিসমূহ এলেকাত খোৱাপানী উপলব্ধ হৈছে, সেইসমূহ এলেকাত বৰ্তমানে চলি থকা গুৱাহাটী পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা অচিৰেই বন্ধ কৰা হ’ব (Municipal water supply system) ৷ পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা আওপুৰণি হৈ পৰাৰ লগতে সঘনাই বিকল হৈ পৰাৰ ফলত পৰিষ্কাৰ আৰু বিশুদ্ধ খোৱা পানী লাভৰ ক্ষেত্ৰত জনসাধাৰণে ভোগ কৰি অহা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী জল ব’ৰ্ডে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷

আনহাতে, এই অঞ্চলসমূহৰ গৰিষ্ঠসংখ্যক আৱাসীয়ে এতিয়াও নতুন ব্যৱস্থাৰ অধীনত খোৱাপানীৰ ঘৰুৱা সংযোগৰ বাবে আৱেদন নকৰাত তৎকালে এই সুবিধা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট এলেকাৰ ৰাইজৰ প্ৰতি গুৱাহাটী জল ব’ৰ্ডে আহ্বান জনাইছে (Board meeting held at Ashok Singhals office at Janata Bhawan) ৷ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ সৈতে তেওঁৰ জনতা ভৱনস্থিত কাৰ্যালয়ৰ সভাকক্ষত হোৱা ব’ৰ্ডৰ এক বৈঠকত বৃহস্পতিবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় (Irrigation Minister Ashok Singhal) ৷

মন্ত্ৰী সিংঘালে গুৱাহাটী জল ব’ৰ্ড, মিছন ফ্লাড ফ্ৰী গুৱাহাটী, নগৰীয়া আন্তঃগাঁথনি বিনিয়োগ কাৰ্যসূচী, নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়, জি এম চি, জি এম ডি এ, জলসিঞ্চন আদি বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে ১০ খনকৈ সুকীয়া সুকীয়া বৈঠকত মিলিত হৈ এই বিভাগসমূহৰো বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে ৷ উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীৰ বহুকেইটা অঞ্চলত ইতিমধ্যেই ‘জাইকা’ প্ৰকল্পৰ অধীনত পৰীক্ষামূলকভাৱে খোৱাপানী যোগান ধৰা হৈছে আৰু এইসমূহ পৰীক্ষণ সফল হোৱাৰ পাছত এনে অঞ্চলসমূহত সম্প্ৰতি ৰাইজৰ ব্যৱহাৰৰ বাবে খোৱাপানী উপলব্ধ হৈ উঠিছে ৷

গুৱাহাটী জল ব’ৰ্ডে জানিবলৈ দিয়া অনুসৰি এই অঞ্চলসমূহ হৈছে মণিৰাম দেৱান পথৰ বামুণীমৈদামৰ পৰা চানমাৰি আৰক্ষী থানা পৰ্যন্ত এলেকা, ৰাজগড় পথ আৰু পূব শৰণীয়া এলেকা, জু তিনিআলিৰ পৰা এ আই ডি চি চৌহদৰ উপপথসমূহ, অমিয়া নগৰ, অমিয়া নগৰ হিলটপ উপপথসমূহ, ৰূদ্ৰনগৰ, পিয়লি ফুকন নগৰ, হলী চাইল্ড স্কুলৰ সমীপৱত এলেকা, চানমাৰি, মিলনপুৰ, চৰকাৰী ছপাশাল পথ, ৰেডক্ৰছ পথ, ভাস্কৰ নগৰ উপপথ ১-৫, বৈকুণ্ঠপুৰ পথ উপপথ ১-৩, চাহিব টিলা উপপথ ১-৩, সৰ্বোদয় নগৰ, অৰুণাচল পথ, সেউজী পথ উপপথসমূহ, জু-নাৰেংগী উপপথ ১-৫ আৰু চলিহা নগৰ উপপথ ১-৩ ৷

লগতে কাৰ্বি পথ, শ্ৰী পথ, অম্বিকাগিৰি নগৰ মূল পথ আৰু উপপথ ১-৪, নিৰিবিলি পথ, মিলন পথ, পানী পথ, মনালিছা পথ, নিগাজী পথ, কীৰ্তনঘৰ পথ, কমলা পথ, জ্যোতি পথ, বিমলা বৰুৱা পথ, ভৱানী প্ৰসাদ পথ, ভৱানী প্ৰসাদ পথ উপপথ ১-৩, নিজৰা পথ, নাৰিকলবাৰী উপপথ, নীলম পথ, সম্প্ৰীতি পথ, হেম বৰুৱা পথ, লক্ষ্মী প্ৰভা পথ, নালগিৰি পথ, সাগৰিকা পথ, ভায়ামামা পথ, সুৰজিত গগৈ পথ, ৰ’দালি পথ, বিষ্ণু পথ, জ্যোতি পথ, নামঘৰ পথ, জুৰণি পথ, আকাশী পথ, ত্ৰিবেণী পথ, শংকৰদেৱ শিশু কুঞ্জলয় পথ, ধ্ৰুৱজ্যোতি পথ, আগলি পথ, আগলি পথ উপপথ ১-৩, সূৰ্যোদয় পথ, খুৰীৰাম পথ, মন্দিৰ পথ, মন্দিৰ পথৰ উপপথসমূহ, অমৰ পথ, চিনাকি পথ আৰু চিনাকি পথৰ উপপথসমূহ৷

এই এলেকাসমূহত ৰাইজৰ সুবিধাৰ্থে খোৱাপানীৰ নতুন ঘৰুৱা সংযোগৰ ক্ষেত্ৰত প্ৰদান কৰিবলগীয়া মাছুল সম্ভৱস্থলত কিস্তি ভিত্তিত পৰিশোধৰ সুবিধা প্ৰদান কৰিবলৈ মন্ত্ৰী সিংঘলে গুৱাহাটী জল ব’ৰ্ডক আহ্বান জনায়৷ মন্ত্ৰী সিংঘালে আজি গুৱাহাটী পৌৰ নিগমৰ বিষয়ববীয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ সহজ গৃহ নিৰ্মাণ আঁচনিৰ অগ্ৰগতিৰো বুজ ল’লে৷ এই আঁচনিৰ অধীনত গৃহ নিৰ্মাণৰ অনুমতি লাভৰ ক্ষেত্ৰত ভুৱা তথ্য যোগান ধৰা তথা নিৰ্মাণৰ সময়ত বেমেজালি কৰাসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ নিৰ্দেশ দিয়ে৷

আনহাতে গুৱাহাটী পৌৰ নিগমৰ অধীনৰ প্ৰতিখন বাহনতে বাধ্যতামূলকভাৱে জি পি এছ ব্যৱস্থা সংযোগৰ নিৰ্দেশ প্ৰদান কৰি অহা ১ জানুৱাৰীৰ পৰা এই সংযোগ নথকা কোনো বাহন নিগমৰ কাম-কাজত ব্যৱহাৰ নকৰিবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে৷ মন্ত্ৰীগৰাকীয়ে আজি ‘মিছন বানমুক্ত গুৱাহাটী’ৰ বিভিন্ন অংশীদাৰসকলৰ সৈতে এক পৰ্যালোচনাত মিলিত হৈ তেওঁলোকক নিজৰ দায়িত্বত পৰা কামসমূহৰ খৰতকীয়া ৰূপায়ণৰ বাবে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে৷

মিছনৰ কাম-কাজসমূহৰ নিয়মীয়া তদাৰকীৰ বাবে এক বিশেষ তদাৰকী গোট গঠনৰ বাবেও তেওঁ অভিযানৰ দায়িত্বত থকা কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক নিৰ্দেশ দিয়ে৷ অন্যান্য গুৰুত্বপূৰ্ণ বৈঠকসমূহৰ লগতে মন্ত্ৰী সিংঘালে আজি কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লী, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, কামৰূপ মহানগৰ সাংমণ্ডলিক বন বিষয়া আৰু বৃহত্তৰ গুৱাহাটীৰ চক্ৰ বিষয়াসকলৰ সৈতে এক চমু বৈঠকত অংশ লৈ গুৱাহাটী মহানগৰীৰ গোটা আৱৰ্জনা নিস্কাশন ব্যৱস্থাপনা প্ৰকল্পৰ বাবে প্ৰয়োজনীয় ভূমি অন্বেষণৰ বিষয়টো বিশেষভাৱে পৰ্যালোচনা কৰে ।

লগতে পঢ়ক:Scam in Water supply Scheme: এটুপাল খোৱাপানীৰ বাবে চাপানলাবাসীৰ হাহাকাৰ

ABOUT THE AUTHOR

...view details