অসম

assam

ETV Bharat / state

Guwahati: মহানগৰীত বন্ধ হ'ব পৌৰ নিগমৰ পানী যোগান প্ৰকল্প - Drinking water crisis in Guwahati

গুৱাহাটী মহানগৰীত দৈনিক ৩২৮.৮৬ নিযুত লিটাৰ খোৱাপানীৰ প্ৰয়োজন । ইয়াৰ বিপৰীতে গুৱাহাটী পৌৰ নিগমে দৈনিক ৪১.২৫ নিযুত লিটাৰ পানী যোগান ধৰে । ফলত দৈনিক ২৫৬.৪৬ নিযুত লিটাৰ খোৱাপানীৰ অভাৱত ভুগি আহিছে মহানগৰবাসীয়ে (Drinking water crisis in Guwahati) ।

GMC shuts down municipal water supply project
জি এম চিৰ পানী যোগান প্ৰকল্প বন্ধ হ'ব

By

Published : Mar 7, 2023, 7:57 PM IST

জি এম চিৰ পানী যোগান প্ৰকল্প বন্ধ হ'ব

গুৱাহাটী,৭ মাৰ্চ:গুৱাহাটী মহানগৰীৰ অধিকাংশ লোকেই দীৰ্ঘদিন ধৰি বিশুদ্ধ খোৱা পানীৰ সমস্যাত ভুগি আহিছে । তেনে সময়তে গুৱাহাটী পৌৰ নিগমে পৌৰ নিগমৰ আটাইকেইটা পানী যোগান প্ৰকল্প বন্ধ কৰাৰ কথা ঘোষণা কৰিছে (GMC to shuts down municipal water supply project) । পৌৰ নিগম কৰ্তৃপক্ষই মঙলবাৰে জাৰি কৰা জাননীৰ জৰিয়তে নিগমৰ আটাইকেইটা পানী যোগান প্ৰকল্প বন্ধ কৰাৰ বিষয়ে ঘোষণা কৰে । পৌৰ নিগমৰ আটাইকেইটা পানী যোগান প্ৰকল্পৰ পৰিৱৰ্তে জলব’ৰ্ডে গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তে পানী যোগান ধৰিব বুলি সদৰী কৰিছে ।

মন কৰিবলগীয়া যে জলবোৰ্ডে পশ্চিম গুৱাহাটী আৰু কেন্দ্ৰীয় গুৱাহাটীৰ কিছু অংশ পৰিয়ালকহে পানী যোগান ধৰি আছে । উল্লেখ্য় যে, জলব’ৰ্ডৰ অধীনৰ পশ্চিম গুৱাহাটী আৰু কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্প দুটা সম্পূৰ্ণ হোৱা নাই । এনে পৰিপ্ৰেক্ষিতত পৌৰ নিগমে যোগান ধৰি থকা পানবজাৰ, মাছখোৱা, পাণ্ডু, মালিগাঁৱ আদি বৃহৎ অঞ্চলবোৰত খোৱাপানীৰ সমস্যাৰ সৃষ্টি হ'ব ।

উল্লেখযোগ্য যে, পৌৰ নিগমে গুৱাহাটীত মাত্ৰ 30 শতাংশ মানুহকেহে ব্ৰক্ষ্মপুত্ৰৰ পৰা পানী শোধন কৰি খোৱাপানী যোগান ধৰি আছে । পৌৰ নিগমৰ এক তথ্য মতে, বৰ্তমানৰ জনসংখ্যা অনুযায়ী গুৱাহাটীত দৈনিক ৩২৮.৮৬ নিযুত লিটাৰ খোৱাপানীৰ প্ৰয়োজন । কিন্তু খোৱাপানীৰ যোগান ধৰি অহা তিনিটাকৈ চৰকাৰী বিভাগ ক্ৰমে গুৱাহটী পৌৰ নিগম, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গুৱাহাটী মহানগৰ পানী যোগান আৰু অনাময় পৰিষদে ইয়াৰে মাত্ৰ ৭২.৪০ নিযুত লিটাৰ পানীহে যোগান ধৰিবলৈ সক্ষম হয় (Drinking water crisis in Guwahati) ।

অৰ্থাৎ মহানগৰীত দৈনিক ২৫৬.৪৬ নিযুত লিটাৰ খোৱাপানীৰ অভাৱ । উল্লেখ্য় যে গুৱাহাটী পৌৰ নিগমে দৈনিক ৪১.২৫ নিযুত লিটাৰ পানী যোগান ধৰে । আনহাতে, জনস্বাস্থ্য কাৰিকৰী বিভাগে দৈনিক ২৩.৬৫ নিযুত লিটাৰ খোৱাপানী যোগান ধৰি আহিছে । তদুপৰি গুৱাহাটী মহানগৰ পানী যোগান আৰু অনাময় পৰিষদে ৭.৫০ নিযুত লিটাৰ খোৱাপানী যোগান ধৰে ।

ইপিনে, ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰছ কৰিও যোৱা 12 বছৰে নিৰ্মাণ কৰি থকা গুৱাহাটী পানী যোগান প্ৰকল্প তিনিটা আজিও সম্পূৰ্ণ হোৱা নাই (Guwahati Water Supply Project)। বৰ্তমানো সকলো কাম সম্পূৰ্ণ নোহোৱা দক্ষিণ পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্প (South West Guwahati Water Supply Project) আৰু দক্ষিণ কেন্দ্ৰীয় গুৱাহাটী প্ৰকল্প দুটাৰে কম সংখ্য়ক লোককহে খোৱাপানী যোগান ধৰি আছে (South Central Guwahati Project) । এই যোগানো নিয়মীয়াকৈ নহয় । গুৱাহাটীৰ কুঁৱা, দমকল আদিৰ ওপৰত নিৰ্ভৰশীল লোকসকল এতিয়া ভূ-গৰ্ভৰ পৰা পানী শুকাই যোৱাৰ ফলত খোৱাপানীৰ জটিল‌ সমস্যাত ভুগিছে ।

গুৱাহাটীত দ্রুতভাৱে এপার্টমেণ্টৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে বাণিজ্যিক গতি-বিধি বাঢ়ি যোৱাৰ ফলত ভূ-গৰ্ভৰপৰা পানী নিষ্কাশনৰ পৰিমাণো যথেষ্ট বৃদ্ধি পাইছে । আনহাতে, বাণিজ্যিকভাৱে নিষ্কাশন কৰি গ্ৰাহকক শোধন নকৰাকৈ পানীৰ যোগান ধৰি থকাৰ ফলতো জলস্তৰ শুকাই গৈছে । মনকৰিবলীয়া যে কেন্দ্রীয় ভূ-জল বোৰ্ডৰ এক সমীক্ষাত গুৱাহাটীৰ ভূ-গৰ্ভৰপৰা পানী নিষ্কাশন আংশিক জটিল পর্যায়ত উপনীত হোৱা বুলি উল্লেখ কৰাটোৱে আন ভয়াৱহ ছবি এখনৰ ইংগিত বহন কৰিছে (Central Ground Water Board) ।

লগতে পঢ়ক:Local Holiday in Kamrup Metro: ৮ মাৰ্চত কামৰূপ (মহানগৰ) জিলাত স্থানীয় বন্ধ

ABOUT THE AUTHOR

...view details