অসম

assam

GMC operation : নলালৈ আৱৰ্জনা দলিওৱা ব্যক্তি-প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন

By

Published : Apr 1, 2023, 10:31 PM IST

গুৱাহাটী মহানগৰীত ব্যাপক অভিযান (GMC operation) । স্বচ্ছতাৰ বিধি অমান্য কৰাৰ অপৰাধত লাষ্টগেটৰ এখন দোকান ছীল কৰাৰ লগতে অনুজ্ঞাপত্ৰ বাতিল কৰিলে গুৱাহাটী পৌৰ নিগমে (GMC sealed shop for violating transparency rules) । পথৰ কাষলৈ আৱৰ্জনা দলিওৱা কেইবাগৰাকী লোকক হাতে-লোটে কৰায়ত্ত কৰি কঠোৰ সতৰ্কবাণী প্ৰদান । এখন স্বচ্ছ মহানগৰী গঢ়াৰ বাবে গুৱাহাটীবাসীলৈ সহযোগিতাৰ আহ্বান মন্ত্ৰী অশোক সিংহলৰ ।

GMC sealed shop for violating transparency rules
গুৱাহাটী মহানগৰীত GMC ৰ অভিযান

গুৱাহাটী, ১ এপ্ৰিল : মহানগৰবাসী সাৱধান । পথৰ কাষলৈ আৱৰ্জনা দলিওৱা ব্যক্তি তথা প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে গুৱাহাটী পৌৰ নিগমে (GMC operation)। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ নিৰ্দেশত এখন স্বচ্ছ আৰু পৰিষ্কাৰ মহানগৰী গঢ়াৰ বাবে প্ৰশাসনে কেতবোৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । তাৰেই অংশ স্বৰূপে শনিবাৰে গুৱাহাটী পৌৰ নিগমৰ ৪৮ নং মডেল ৱাৰ্ডত স্বচ্ছতাৰ বিধি অমান্য কৰা লোকৰ বিৰুদ্ধে পৌৰ নিগমৰ আৰক্ষী, স্বচ্ছতা প্ৰহৰী আৰু বিষয়ববীয়াৰ দলে অভিযান চলাই এগৰাকী স্থানীয় দোকানীৰ লগতে পথৰ কাষলৈ আৱৰ্জনা দলিওৱা আন কেইবাগৰাকী লোককো হাতে-লোটে কৰায়ত্ত কৰে ।

পথৰ কাষত আৱৰ্জনা জমা কৰাৰ অপৰাধত পৌৰ নিগমৰ দলটোৱে লাষ্টগেটৰ হৰিজন কলনীৰ সিং ষ্ট’ৰ নামৰ দোকানখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে দোকানখন ছীল কৰি দিয়ে (GMC sealed shop for violating transparency rules) । আনহাতে, অঞ্চলটোৰ কিছু সংখ্যক বাসিন্দাই পৌৰ নিগমৰ জাৱৰ সংগ্ৰহ কৰা বাহনত আৱৰ্জনা জমা দিয়াৰ পৰিৱৰ্তে আনৰ হতুৱাই পথৰ কাষত পেলাবলৈ আৱৰ্জনা দি পঠিওৱা কাৰ্য প্ৰত্যক্ষ কৰি তেনে বাসিন্দাসকলকো এই কাৰ্যৰ পৰা বিৰত থাকিবলৈ তহলদাৰী দলটোৱে সতৰ্ক কৰি দিয়ে ।

ৰাজধানী চহৰখনক এখন স্বচ্ছ মহানগৰী হিচাপে গঢ়াৰ বাবে গুৱাহাটীবাসীলৈ সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে মন্ত্ৰী অশোক সিংহলে । চহৰখন পৰিস্কাৰ কৰি ৰখাটো প্ৰতিজন নাগৰিকৰে নৈতিক দায়িত্ব আৰু প্ৰাথমিক কৰ্তব্য বুলি উল্লেখ কৰি সামূহিক প্ৰচেষ্টাৰে নিজৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে এখন স্বচ্ছ আৰু সৰ্বাংগ-সুন্দৰ গুৱাহাটী চহৰ গঢ়ি তোলাৰ বাবে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ তেওঁ ৰাইজলৈ আহ্বান জনায় ।

মহানগৰীত GMC ৰ অভিযান

নিজ নিজ ৱাৰ্ডত প্ৰতিগৰাকী নাগৰিককে একোগৰাকী স্বচ্ছতা প্ৰহৰীৰ ভূমিকা পালন কৰি পথৰ দাঁতি অথবা নলাত জাৱৰ পেলোৱা লোকক চিনাক্ত কৰাত সহযোগিতা আগবঢ়াবলৈকো তেওঁ আহ্বান জনায় । আনহাতে, স্বচ্ছতাৰ বিধি অমান্য কৰা লোকৰ বিৰুদ্ধে অভিযান অধিক কঠোৰ কৰি তুলিবলৈ মন্ত্ৰী সিংহলে বিষয়ববীয়াসকলক নিৰ্দেশ দিছে । এনে লোকক উপযুক্ত জৰিমনা বিহাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত আইনী পদক্ষেপ গ্ৰহণৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে ।

লগতে পথৰ কাষৰ আৱৰ্জনা জমা কৰাৰ প্ৰৱণতা থকা স্পৰ্শকাতৰ এলেকাসমূহত চি চি টিভি কেমেৰা সংস্থাপনৰ ব্যৱস্থা গ্ৰহণৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে । ইফালে মন্ত্ৰী সিংহলৰ নিৰ্দেশ অনুসৰি গুৱাহাটী পৌৰ নিগমে লাষ্টগে'টৰ সংশ্লিষ্ট এলেকাত আজি তাৎক্ষণিকভাৱে চি চি টিভি কেমেৰা সংস্থাপন কৰে ।

উল্লেখ্য যে, ৪৮ নং আদৰ্শ ৱাৰ্ডৰ কেইবাটাও স্পৰ্শকাতৰ স্থানত ইয়াৰ পূৰ্বেও চি চি টিভি কেমেৰা সংস্থাপন কৰা হৈছে ।

লগতে পঢ়ক :Toll tax increase : টোল গেটৰ কৰ বৃদ্ধি; ৰহাত অসন্তুষ্টি

ABOUT THE AUTHOR

...view details