গুৱাহাটী, ১১ নৱেম্বৰঃগুৱাহাটীৰ জু-ৰোড তিনি আলিৰ সুহানী টাইলছ নামৰ প্ৰতিষ্ঠানখন বুধবাৰে গুৱাহাটী পৌৰ নিগমে বন্ধ কৰি দিয়ে । জানিব পৰা মতে, দীৰ্ঘদিন ধৰি গুৱাহাটী পৌৰ নিগমৰ কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ ব্যৱসায় চলাই আহিছিল প্ৰতিস্থানখনে ৷
জু-ৰোডৰ সুহানী টাইলচত জিএমচিৰ তলা
গুৱাহাটী পৌৰ নিগমৰ কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ ব্যৱসায় চলাই আহিছিল জু-ৰোড তিনি আলিৰ সুহানী টাইলছ নামৰ প্ৰতিষ্ঠানখনে ৷ পৌৰ নিগমে GLS/EZ/23/2020-21/part নম্বৰৰ নিৰ্দেশনাৰ ভিত্তিত চীল কৰে প্ৰতিষ্ঠানখন।
জু-ৰোডৰ সুহানী টাইলচত জিএমচিৰ তলা
প্ৰথমে গুৱাহাটীৰ পৌৰ নিগমৰ কালেক্টৰ নৱদ্বীপ চাংমাইৰ নেতৃত্বত যোৱা এটি দলে প্ৰতিষ্ঠানখনত অভিযান চলায় আৰু কোনোধৰণৰ অনুজ্ঞাপত্ৰ নথকাৰ বাবে দোকানখন চীল কৰি দিয়ে । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি প্ৰতিষ্ঠানখনৰ স্বতাধিকাৰী আব্দুল ওকিলক জাননী দি আহিছিল পৌৰ নিগমৰ কৰ্তৃপক্ষই ৷ পৌৰ নিগমে GLS/EZ/23/2020-21/part নম্বৰৰ নিৰ্দেশনাৰ ভিত্তিত চীল কৰে প্ৰতিষ্ঠানখন।
লগতে পঢ়কঃজন্ম বাৰ্ষিকীত মৌলানা আবুল কালাম আজাদলৈ শ্ৰদ্ধাঞ্জলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ