গুৱাহাটী, 25 মাৰ্চ : ক'ৰণাৰ আতংকই ছানি ধৰিছে সমগ্ৰ বিশ্বক। কেন্দ্ৰীয় চৰকাৰে 24 মাৰ্চৰ সন্ধিয়া 6 বজাৰ পৰা 14 এপ্ৰিললৈ লক ডাউনৰ নিৰ্দেশৰ পাছত প্ৰায় স্থবিৰ হৈ পৰিছে গুৱাহাটীৰ জনজীৱন । বুধবাৰে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত লক ডাউন হোৱাৰ পাছতে গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ বিভিন্ন স্থানৰ লগতে গুৱাহাটী মেডিকেল কলেজ হাস্পতালক বীজাণু মক্ত কৰিবলৈ চেনিটাইজৰ ছটিয়াই ৷
ক'ৰণা ভাইৰাছৰ পৰা মহানগৰবাসীক মুক্ত কৰিবলৈ প্ৰশাসনৰ লগতে গুৱাহাটী পৌৰ নিগমে চলোৱা এই চেনিটাইজ অভিযানত উপস্থিত হৈ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, এই কঠিন সময়ত নিজক সুৰক্ষিত কৰাটো আটাইতকৈ জৰুৰী। লগতে দূৰত্ব বজাই ৰাখি ঘৰৰ পৰা বাহিৰ নোলাবলৈ ৰাইজক আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে।